হাথৰস ধৰ্ষণ কাণ্ড : মৃতকৰ পৰিয়ালক চাকৰি প্ৰদানৰ বিষয়ে বিবেচনা কৰিব আদালতে

author img

By

Published : Sep 18, 2021, 12:47 PM IST

High Court to consider giving job to a family member of Hathras gangrape victim
হাথৰসত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যক চাকৰি প্ৰদানৰ বিষয়টো বিবেচনা কৰিব উচ্চ ন্যায়লয়ে ()

উত্তৰ প্ৰদেশৰ হাথৰস(Hathras)ত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যই লাভ কৰিব ক্ষতিপূৰণ । শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ এগৰাকী সদস্যক চাকৰি, পেঞ্চন আদিৰ সুবিধা প্ৰদান কৰাৰ বিষয়ে কৰিব বিবেচনা । ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব পৰৱৰ্তী শুনানি ৷

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ হাথৰস(Hathras)ত দলবদ্ধ ধৰ্ষণৰ বলি হৈ এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । এই ঘটনাৰ বিৰোধিতাৰে আৰু ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠিছিল । কিন্তু এতিয়াও মৃত যুৱতীগৰাকীৰ পৰিয়ালে ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই । শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কয় যে, আদালতে ভুক্তভোগীৰ পৰিয়ালৰ এজন সদস্যক পেঞ্চন প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিব ।

আদালতে এই বিষয়ত আৰু অনুসূচীত জাতি-জনজাতি(অত্যাচাৰ প্ৰতিৰোধ) আইনৰ আইনী দিশসমূহৰ বিষয়ে আলোচনা কৰিব । লগতে উক্ত আইনৰ অধীনত প্ৰস্তুত কৰা নিয়মাৱলীৰ বিষয়ে ২৪ ছেপ্তেম্বৰত বিবেচনা কৰিব । ন্যায়াধীশ ৰাজন ৰয় আৰু জছপ্ৰীত সিঙৰ খণ্ড বিচাৰপীঠে গোচৰটো সন্দৰ্ভত 'সন্মান সহকাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ অধিকাৰ' শীৰ্ষক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ নিজাববীয়াকৈ বিবেচনা কৰাৰ বাবে এক নিৰ্দেশ জাৰি কৰিছিল । শুনানিৰ সময়ত, ভুক্তভোগীৰ পৰিয়ালৰ অধিবক্তাই আদালতক কয় যে, পৰিয়ালটোৱে ২৫ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিছে ।

এই সন্দৰ্ভত যুক্তি আগবঢ়াই গোচৰটোত এমিকাছ কিউৰী হিচাপে নিযুক্ত জ্যেষ্ঠ অধিবক্তা জে এন মাথুৰে আদালতক কয় যে, উক্ত আইন আৰু আইনৰ অধীনত প্ৰস্তুত কৰা নিয়মৰ অনুসৰি মৃতকৰ পৰিয়ালৰ সদস্যই পাঁচ হাজাৰ টকাৰ পেঞ্চন লাভ কৰিব । লগতে পৰিয়ালৰ এজন সদস্যই চাকৰি, কৃষি ভূমি আৰু বাসগৃহ লাভ কৰিব ।

ইফালে, নিৰ্যাতিতাৰ পৰিয়ালৰ এজন সদস্যই স্নাতক ডিগ্ৰী লাভ কৰালৈকে সকলো ব্যয়ৰ বাবে পুঁজি যোগান ধৰাৰ ব্যৱস্থাও আছে এই আইনত উল্লেখ আছে । কিন্তু এই লাভালাভবোৰ ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যসকলক প্ৰদান কৰা হোৱা নাছিল । এই সন্দৰ্ভত, ন্যায়ালয়ে গোচৰটোৰ সৈতে জড়িত অধিবক্তাসকলক পৰৱৰ্তী শুনানিত এই সকলোবোৰ দিশ আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে আইনৰ অধীনত পৰিয়ালটোক এই সুবিধাসমূহ প্ৰদান কৰিব পৰা যায় ।

উল্লেখ্য যে, ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত এগৰাকী দলিত যুৱতী দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল । ইয়াৰ পাছতে সংকটজনক অৱস্থাত যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু তেওঁৰ মৃত্যু হয় । আৰক্ষীয়ে যুৱতীগৰাকীৰ শেষকৃত্য পৰিয়ালৰ লোকৰ অনুমতি অবিহনে সম্পন্ন কৰাৰো অভিযোগ উত্থাপিত হৈছিল ।

লগতে পঢ়ক: দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.