দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

author img

By

Published : Sep 18, 2021, 10:25 AM IST

Pakistan module delhi police special cell arrested suspected terrorist zakir from mumbai

দিল্লী আৰক্ষীৰ বিশেষ শাখাই কিছুদিন পূৰ্বে পাকিস্তানৰ একাংশ সন্ত্ৰাসবাদী ভাৰতত বাহৰ পাতি কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকাৰ তথ্য উদঘাটন কৰিছিল ৷ শেহতীয়াকৈ মুম্বাইৰ পৰা এজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৷

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ : শেহতীয়াকৈ মুম্বাইৰ পৰা এজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৷ আটকাধীন সন্ত্ৰাসবাদী সদস্যজনৰ নাম জাকিৰ ৷ কিছুদিন পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ শাখাই পাকিস্তানৰ সন্ত্ৰাসবাদী ভাৰতত বাহৰ পাতি থকাৰ তথ্য উদঘাটন কৰিছিল ৷ ইয়াৰ পিছতে বিভিন্ন ঠাইত চলাই থকা হৈছে সন্ত্ৰাসবাদী বিৰোধী অভিযান ৷

এই অভিযানৰ ভিত্তিতে শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ সহযোগত দিল্লী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে জাকিৰক ৷ দিল্লী আৰক্ষীয়ে ইতিমধ্যে 8 গৰাকীকৈ সন্দেহযুক্ত সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ তথ্য অনুসৰি, যোৱা মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই পাকিস্তানৰ কোনো অজ্ঞাত নিয়ন্ত্ৰকে পৰিচালনা কৰি থকা সন্ত্ৰাসবাদী মডিউলৰ স্থিতি ধৰা পেলাইছিল ৷

লগতে পঢ়ক : মহাত্মা গান্ধীৰ একবস্ত্ৰ আৰু মাদুৰাইৰ সৈতে ইয়াৰ সম্পৰ্ক

ইতিমধ্যে আৰক্ষীৰ বিশেষ শাখাটোৱে প্ৰায় 6 গৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ ভিতৰত দুগৰাকীয়ে পাকিস্তানৰ পৰা প্ৰশিক্ষণ লৈ অহা বুলিও জানিব পৰা গৈছে ৷

এই দলটোৱে অনাগত সময়ত দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ এই 6 জনীয়া দলটোক গ্ৰেপ্তাৰৰ পিছতে চলোৱা জেৰাত আৰক্ষীয়ে জাকিৰ সম্বন্ধে তথ্য লাভ কৰিছিল ৷ দিল্লী আৰক্ষীয়ে তাৎক্ষণিকভাৱে মুম্বাই আৰক্ষীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে আৰু মুম্বাই আৰক্ষীয়ে জাকিৰক গ্ৰপ্তাৰ কৰে ৷

ইতিমধ্যে দিল্লী আৰক্ষীৰ বিশেষ শাখা জাকিৰক অনাৰ বাবে মুম্বাইলৈ ৰাওনা হৈছে ৷ তদুপৰি দিল্লী আৰক্ষীয়ে কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা হুমেদ উৰ ৰহমান নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল ৷ গ্ৰেপ্তাৰৰ পূৰ্বে হুমেদে প্ৰয়াগৰাজস্থিত এখন থানাত আত্মসমৰ্পণ কৰে ৷ আৰক্ষীৰ দলে হুমেদকো দিল্লীলৈ আনিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : INX মিডিয়া গোচৰ : দিল্লীৰ আদালতত পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.