ETV Bharat / bharat

Maruti Suzuki India: ফেব্ৰুৱাৰীত সামান্য বৃদ্ধি পালে মাৰুতি চুজুকীৰ উৎপাদন

author img

By

Published : Mar 2, 2022, 7:01 PM IST

Maruti Suzuki India
মাৰুতি চুজুকীৰ উৎপাদন কিমান বৃদ্ধি হৈছে ?

ফ্ৰেব্ৰুৱাৰী মাহত মাৰুতি চুজুকী(Maruti Suzuki)ৰ উৎপাদন কমিল নে বাঢ়িল ? বিগত মাহটোত উৎপাদন কেনে মাৰুতি চুজুকীৰ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

নেশ্যনেল ডেস্ক,০২ মাৰ্চ: ফ্ৰেব্ৰুৱাৰী মাহত মাৰুতি চুজুকীৰ উৎপাদন সামান্য বৃদ্ধি হোৱা দেখা গৈছে । মাৰুতি চুজুকি ইণ্ডিয়া(Maruti Suzuki India)ই যোৱা মাহত তেওঁলোকৰ উৎপাদন সামান্য বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে । ফেব্ৰুৱাৰী মাহত মাৰুতি চুজুকীৰ মুঠ উৎপাদন ১,৬৯,৬৯২ একক আৰু যোৱা বছৰৰ এইটো মাহতে মুঠ উৎপাদন আছিল ১,৬৮,১৮০ একক ।

ইলেক্ট্ৰনিক উপাদানৰ অভাৱৰ ফলত মাহটোত বাহনৰ উৎপাদনত সামান্য প্ৰভাৱ পৰিছিল । MSIয়ে জনোৱা মতে যোৱা মাহত মুঠ যাত্ৰীবাহী বাহনৰ উৎপাদন আছিল ১,৬৫,৬৭২ একক । আনহাতে বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত যাত্ৰীবাহী বাহনৰ মুঠ উৎপাদন আছিল ১,৬৫,৭৮৩ একক ।

যোৱা মাহত অল্টো আৰু এছ-প্ৰেচো মডেলৰ সৈতে মিনি কাৰৰ উৎপাদন আছিল ২৪,২৮৫ ইউনিট, যাৰ বিপৰীতে এবছৰ আগতে সেয়া ২৮,২১৩ ইউনিট আছিল । অৱশ্যে, ৱেগনআৰ, চেলেৰিঅ’, ইগনিছ, চুইফ্ট, বালেনো আৰু ডিজিয়েৰক লৈ গঠিত কম্পেক্ট কাৰ নিৰ্মাণ ২০২১ চনৰ ফেব্ৰুৱাৰীত ৯১,০৯১ ইউনিটৰ পৰা ৯৫,৯৬৮ ইউনিটলৈ বৃদ্ধি পাইছে বুলিও MSIয়ে জানিবলৈ দিয়ে ।

ইউটিলিটি বাহনৰ উৎপাদন (জিপচি, এৰ্টিগা, এছ-ক্ৰছ, ভিটাৰা ব্ৰেজা আৰু এক্সএল6) যোৱা মাহত ৩৩,১৯১ ইউনিটলৈ বৃদ্ধি হৈছে, যি ২০২১ চনৰ একে মাহত ৩২,৫০১ ইউনিট আছিল । কোম্পানীটোৱে যোৱা মাহত ইয়াৰ ইকো ভানৰ উৎপাদন ৯,১৮৯ ইউনিটত হ্ৰাস হোৱাৰ প্ৰতিবেদন দিছিল, ফেব্ৰুৱাৰী ২০২১ত আছিল ১২,০৩৫ ইউনিট । কোম্পানীটোৰ পাতল বাণিজ্যিক বাহন চুপাৰ কেৰিৰ উৎপাদন যোৱা মাহত ৪,০২০ ইউনিটলৈ বৃদ্ধি হৈছে, যোৱা বছৰৰ ফেব্ৰুৱাৰীত যাৰ সংখ্য়া আছিল ২,৩৯৭ ইউনিটৰ ।

লগতে পঢ়ক: 'Legal or illegal': বিটকইনৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.