ETV Bharat / bharat

'Legal or illegal': বিটকইনৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Feb 25, 2022, 1:43 PM IST

ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱহাৰৰ ওপৰত কোনো নিয়ম বা নিষেধাজ্ঞা নাই । উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক বিটকইনৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ (Apex court asking Centre to make its stand clear on Bitcoins)।

SC asks Centre to make its stand clear on Bitcoins
বিটকইনৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক,২৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে বিটকইনৰBitcoins ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে (Apex court asking Centre to make its stand clear on Bitcoins) । কিয়নো বৰ্তমান দেশত ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱহাৰৰ (Bitcoins and cryptocurrency ) ওপৰত কোনো নিয়ম বা কোনো নিষেধাজ্ঞা নাই । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড় আৰু সূৰ্য কান্তক লৈ গঠিত এখন বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল (ASG) ঐশ্বৰ্য ভাটিক তেওঁৰ নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ দিছিল ।

বিচাৰপীঠে অজয় ভৰদ্বাজৰ দ্বাৰা ভাৰতীয় সংঘৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল । ভাটিয়ে বিচাৰপীঠৰ সন্মুখত দাখিল কৰিছিল যে এই গোচৰটোত ৮৭,০০০ বিটকইন জড়িত আছে। কিন্তু তদন্ত প্ৰক্ৰিয়াত এতিয়ালৈকে একাধিক চমন জাৰি কৰাৰ পাছতো অভিযুক্তজনে সহযোগিতা নকৰাৰ অভিযোগো উত্থাপন কৰিছিল । বিচাৰপীঠে প্ৰশ্ন কৰিছিল "এয়া অবৈধ হয় নে নহয় ?" তেতিয়া ভাটিয়ে উত্তৰ দিছিল "We will do that my lord." ।

এজাহাৰ দাখিল কৰোতাৰ হৈ উপস্থিত হোৱা অধিবক্তা শ্ববুব আলমে ভৰদ্বাজক প্ৰদান কৰা জামিন বাতিল কৰাৰ চেষ্টা চলাইছিল । বিচাৰপীঠে আঙুলিয়াই দিছিল যে যোৱা বছৰ জুলাইত প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা এটা স্থিতি প্ৰতিবেদনত দাখিল কৰা হৈছিল ।

বিচাৰপীঠে অভিযুক্তজনক তদন্তকাৰী বিষয়াৰ সৈতে সাক্ষাৎ কৰিবলৈ আৰু তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছিল । IO য়ে অভিযুক্তৰ সহযোগিতা দেখুৱাই স্থিতি প্ৰতিবেদন দাখিল কৰিব আৰু চাৰি সপ্তাহৰ পিছত বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে নিৰ্ধাৰণ কৰিব । বিচাৰপীঠে লগতে কয় যে অভিযুক্তক গ্ৰেপ্তাৰ কৰাত বাধা দিয়া আৰু অন্তৱৰ্তীকালীন আদেশ পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে অব্যাহত থাকিব ।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে বেংকবোৰক ক্ৰিপ্টো লেনদেনত সহায় কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আদেশ দিছিল । উচ্চতম ন্যায়ালয়ে মাৰ্চ 2020 ত বিষয়টোৰ ওপৰত সংৰক্ষণ আনিছিল ।

লগতে পঢ়কঃ CPIM public rally in Tripura:ত্ৰিপুৰাত চিপিআই(এম) দলৰ শক্তি প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.