ETV Bharat / bharat

Manipur violence: মণিপুৰত উত্তেজনা অব্যাহত, পুনৰ জ্বলিল 15 টা বাসগৃহ

author img

By

Published : Aug 6, 2023, 11:48 AM IST

Updated : Aug 6, 2023, 11:54 AM IST

ইম্ফলৰ কেইবাটাও গৃহত অগ্নিসংযোগ ৷ শনিবাৰে ৷ 27 টা বিধানসভা সমষ্টিৰ সমন্বয়ক সমিতিয়ে আহ্বান কৰা 24 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

Several houses were set on fire in Manipur
মণিপুৰত উত্তেজনা অব্যাহত

নিউজ ডেস্ক, 6 আগষ্ট: 3 মাহ পূৰ্বে আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠাসংঘৰ্ষৰ জুই এতিয়াও নুমুৱা নাই ৷ ইম্ফলৰ পশ্চিমৰ জিলাত পোন্ধৰটা ঘৰত দুৰ্বৃৰ্ত্তই অগ্নিকাণ্ড কৰাৰ ফলত পুনৰ সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ । শনিবাৰে সন্ধিয়া লেংগল গেমছ গাঁৱত একাংশ লোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি স্থানীয় সংবাদ সূত্ৰত প্ৰকাশ ।

স্থানীয় সংবাদ সূত্ৰই লগতে কয় যে, নিৰাপত্তাৰক্ষীয়ে কেইবা জাঁই কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰাৰ পিচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত গুলীৱিদ্ধ হৈছিল এজন 45 বছৰীয়া যুৱক । বাওঁ উৰুত পোৱা গুলীৰ আঘাতৰ বাবে আঘাতপ্ৰাপ্তজনক আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে ৷ বৰ্তমান আঘাতপ্ৰাপ্ত লোকজনৰ স্বাস্থ্যৰ উন্নত হৈছে বুলি চিকিৎসকে জনায় ।

6 আগষ্ট দেওবাৰৰ পুৱা পৰিস্থিতিৰ কিছু উন্নতি ঘটিছিল যদিও নিষেধাজ্ঞা বৰ্তমানেও অব্যাহত আছে বুলি জানিবলৈ পৰা গৈছে । ইম্ফল ইষ্ট জিলাৰ চেকন এলেকাতো হিংসাত্মক ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে য’ত শনিবাৰে এটা বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান জ্বলাই দিয়া হৈছিল বুলি চৰকাৰী সূত্ৰই জনায় । দুৰ্বৃৰ্ত্তই আন তিনিটা ঘৰতো অগ্নিসংযোগ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰা বুলিও কয় ।

শনিবাৰে ইম্ফল উপত্যকাত 27 টা বিধানসভা সমষ্টিৰ সমন্বয়ক সমিতিয়ে আহ্বান কৰা 24 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে বিষ্ণুপুৰ জিলাত শনিবাৰ আৰু শুকুৰবাৰৰ মাজৰ নিশা এজন বৃদ্ধ আৰু তেওঁৰ পুত্ৰকে ধৰি তিনিজন লোকক হত্যা কৰাৰ দৰে নৃশংস ঘটনা সংঘটিত হৈছিল ।

বন্দুক আৰু তৰোৱাল লৈ সন্দেহযুক্ত উগ্ৰপন্থীয়ে কোৱাকটা লামখাই গাঁৱত অভিযান চলাই নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰাৰ ফলত থিতাতে তিনিজন লোকৰ মৃত্যু হয় । এই আক্ৰমণত দুই এজন লোক আহত হয় বুলিও জানিব পৰা গৈছে । সমান্তৰালভাৱে উগ্ৰপন্থীয়ে দুজন গাঁৱৰ লোককো অপহৰণ কৰে বুলি জানিব পৰা গৈছে যদিও এইক্ষেত্ৰত বৰ্তমানলৈ কোনো নিশ্চিত তথ্য লীভ কৰিবলৈ সক্ষম হোৱা নাই ৷

ক্ৰমাগত হাৰত হিংসাত্মক ক্ৰিয়াকলাপ বৃদ্ধি হৈ অহাৰ পিচতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত দহটা শাখাক মণিপুৰলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মে’ মাহত মণিপুৰত সংঘটিত হোৱা এই জাতিগত সংঘৰ্ষ যোৱা তিনিমাহ ধৰি অব্যাহত আছে আৰু 160 জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে ।

লগতে পঢ়ক : Manipur violence : এতিয়াও শান্ত হোৱা নাই মণিপুৰ; গুলীচালনাত তিনিজনৰ মৃত্যু; ঘৰত অগ্নিসংযোগ

Last Updated :Aug 6, 2023, 11:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.