ETV Bharat / bharat

Manipur violence : এতিয়াও শান্ত হোৱা নাই মণিপুৰ; গুলীচালনাত তিনিজনৰ মৃত্যু; ঘৰত অগ্নিসংযোগ

author img

By

Published : Aug 5, 2023, 11:15 AM IST

মণিপুৰৰ কংভাইত ভয়াৱহ গুলীচালনাত তিনিজন লোকৰ মৃত্যু ৷ সন্দেহযুক্ত উগ্ৰপন্থীয়ে মণিপুৰৰ কোৱাকতা লামখাই গাঁৱত চলাইছিল অভিযান আৰু নিৰ্বিচাৰ গুলীবৰ্ষণ আৰম্ভ কৰে ৷ 9 ঘৰ দুৰ্বৃত্তই জ্বলাই দিয়ে ৷

Etv Bharat
Etv Bharat

তেজপুৰ, 5 আগষ্ট : শান্ত হোৱা নাই অশান্ত মণিপুৰ ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰৰ মাজ নিশা মণিপুৰৰ বিষ্ণুপুৰ জিলাত এজন বৃদ্ধ আৰু তেওঁৰ পুত্ৰকে ধৰি তিনিজন লোকক হত্যা কৰা হয় । বন্দুক আৰু তৰোৱাল লৈ সন্দেহযুক্ত উগ্ৰপন্থীয়ে কোৱাকটা লামখাই গাঁৱত অভিযান চলাই নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে যাৰ ফলত তিনিজন লোক থিতাতে নিহত হয় ।

Heavy firing in Manipurs Bishnupur after civilian killed in violence houses burnt
এতিয়াও শান্ত হোৱা নাই মণিপুৰ

এই আক্ৰমণৰ ফলত দুই এজন লোক আহত হয় বুলিও জানিবলৈ পৰা গৈছে । উগ্ৰপন্থীয়ে দুজন গাঁৱৰ লোককো অপহৰণ কৰে বুলি সুনিবলৈ পোৱা গৈছে যদিও এইক্ষেত্ৰত বৰ্তমানলৈ কোনো নিশ্চিতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । এই আক্ৰমণৰ পিচতে গাঁওখনৰ বাকী থকা বাসিন্দাসকলে পলায়ন কৰে । বিশাল আৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ অঞ্চলসমূহলৈ গৈ মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিবলৈ পৰা গৈছে । নিহত লোককেইজন যুমনাম পিশাক মেইটেই (67), তেওঁৰ পুত্ৰ যুমনাম প্ৰেমকুমাৰ মেইটেই (39) আৰু চুবুৰীয়া যুমনাম জিতেন মেইটেই (46) বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীকেইটা চুৰাচান্দপুৰৰ পৰা অহা বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই কাণ্ড সংঘটিত হোৱাৰ পিছতে কোৱাকটাত ক্ষুব্ধ জনতাই চুৰাচান্দপুৰ অভিমুখে যাবলৈ চেষ্টা কৰিছিল যদিও নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । লগতে, বিষয়াসকলে জনোৱা মতে, ওচৰৰ ফৌগাকচাও আৰু কোৱাক্টাৰৰ ওচৰ-পাজৰৰ অঞ্চলত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তীব্ৰ গুলীচালনা চলি আছে ।

Heavy firing in Manipurs Bishnupur after civilian killed in violence houses burnt
এতিয়াও শান্ত হোৱা নাই মণিপুৰ

4 আগষ্টত মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, যৌথ নিৰাপত্তা বাহিনীয়ে কৌট্ৰুক পাহাৰৰ ৰেঞ্জত অভিযান চলাই 7 টা অবৈধ বাংকাৰ ধ্বংস কৰে । ইফালে, মণিপুৰৰ 27 টা বিধানসভা সমষ্টিৰ সমন্বয়ক সমিতিয়ে শনিবাৰে আহ্বান কৰা 24 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ ফলত ইম্ফল উপত্যাকাৰ স্বাভাৱিক জীৱন যাত্ৰা অচল হৈ পৰে ৷ প্ৰায় সকলো স্থানতে বন্ধ সফল হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, 2 য় এম আৰ আৰু 7ম এম আৰ বেটেলিয়নত 300 তকৈ অধিক অস্ত্ৰ কাঢ়ি নিয়া ঘটনাৰ পিছতে শুকুৰবাৰে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলে । এই অভিযানত মণিপুৰ ইম্ফল ৱেষ্ট জিলাৰ চেঞ্জাম চিৰাং নামৰ এগৰাকী আৰক্ষীৰ মৃত্যু হয় । ইয়াৰ পিচতে আৰক্ষীয়ে নিশাৰ ভিতৰতে 129 টা নাকা চেকিং পইণ্টৰে অভিযান চলায় মুঠ 1047 জন লোকক সমগ্ৰ ৰাজ্যখনৰ পৰা আটক কৰিছে বুলি স্থানীয় সংবাদ সূত্ৰই জানিবলৈ দিয়ে ৷

Heavy firing in Manipurs Bishnupur after civilian killed in violence houses burnt
এতিয়াও শান্ত হোৱা নাই মণিপুৰ

আনহাতে, সমান্তৰালভাৱে দুৰ্বৃত্তই 9 টাকৈ ঘৰত অগ্নিসংযোগ কৰে বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক : Suspected thief escaped : থানাৰ পৰা চোৰৰ পলায়ন; তদন্তৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.