ETV Bharat / state

Suspected thief escaped : থানাৰ পৰা চোৰৰ পলায়ন; তদন্তৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ

author img

By

Published : Aug 5, 2023, 10:23 AM IST

নিশা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা এটা সন্দেহজনক চোৰৰ পলায়নৰ পিছতে কঠোৰ নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত । নিশাৰ ভিতৰতে কৰায়ত্ত আৰক্ষী থানাৰ পৰাই পলায়নৰ চেষ্টা কৰা সন্দেহজনক চোৰক । থানাৰ পৰা চোৰৰ পলায়নৰ তদন্ত ঘোষণা আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ । আৰক্ষীৰ বিৰুদ্ধে গাফিলতিৰ প্ৰমাণ পালে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ।

Suspected thief escaped from Morikolong Police
আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ বক্তব্য

নিশাৰ ভিতৰতে কৰায়ত্ত হ’ল পলায়নৰ চেষ্টা কৰা সন্দেহজনক চোৰৰ

নগাঁও, 5 আগষ্ট: শুকুৰবাৰৰ নিশা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰাই এটা সন্দেহজনক চোৰে পলায়নৰ চেষ্টা কৰা ঘটনাই সৃষ্টি কৰে ব্যাপক চাঞ্চল্যৰ । ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰৰ সন্ধিয়া মৰিকলং আৰক্ষী চকীৰ অধীনৰ এলেকাৰ পৰা এটা গভাইত চোৰক ৰাইজে আটক কৰি গতাই দিছিল মৰিকলং আৰক্ষীক । এগৰাকী মহিলাৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগত ইজাজুল নামৰ এটা চোৰক মৰিকলং আৰক্ষী চকীত গতাই দিছিল স্থানীয় লোকে ।

কিন্তু নিশা হঠাৎ চোৰটো আৰক্ষী চকীৰ পৰাই পলায়ন কৰে । মৰিকলং আৰক্ষী চকীৰ পৰাই সন্দেহজনক চোৰৰ পলায়নৰ ঘটনাই মৰিকলং আৰক্ষী চকীত সৃষ্টি কৰে হাহাকাৰ পৰিস্থিতিৰ । ঘটনাৰ বিষয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত অৱগত হোৱাৰ পিছতেই পলায়ন কৰা চোৰক কৰায়ত্ব কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ লগতে নিশাই মৰিকলং আৰক্ষী চকীত উপস্থিত হয় আৰক্ষী অধীক্ষকগৰাকী । আৰক্ষী অধীক্ষকৰ কঠোৰ নিৰ্দেশৰ পিছতেই নিশাৰ ভিতৰতে পলায়ন কৰা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।

আৰক্ষী থানাৰ পৰা পলায়নৰ চেষ্টা কৰা সন্দেহজনক চোৰটোক নিশাই নগাঁও চহৰৰ পৰা পুনৰ কৰায়ত্ত কৰে নগাঁও আৰক্ষীয়ে । ইপিনে আৰক্ষী চকীৰ পৰাই এটা চোৰে পলায়ন কৰা ঘটনাটো সংঘটিত হোৱা নিশাই তদন্ত ঘোষণা কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই । লগতে কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিয়ে আৰক্ষী অধীক্ষক নৱনীত মহন্তই । মৰিকলং আৰক্ষী চকীৰ পৰা চোৰে পলায়ন কৰা ঘটনাত মৰিকলং আৰক্ষীৰ গাফিলতিৰ প্ৰমাণ পালে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই ।

লগতে পঢ়ক : Jonai news : মূৰ্কংচেলেক বালিকা বিদ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.