ETV Bharat / bharat

পত্নীক হত্যা কৰি শৰীৰৰ অংশ পেলালে খালত; পশ্চিমবংগৰ মধ্যমগ্ৰামত নৃশংস ঘটনা

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 3:55 PM IST

পশ্চিমবংগৰ মধ্যমগ্ৰামত নৃশংস ঘটনা
পশ্চিমবংগৰ মধ্যমগ্ৰামত নৃশংস ঘটনা

Man Kills Wife in WB : নুৰুদ্দিনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে যে তেওঁ পত্নীক ছুৰীৰে ডিঙি কাটি হত্যা কৰিছিল । তাৰ পিছত তেওঁ মৃতদেহটো টুকুৰা-টুকুৰ কৰি নোৱাই খালত পেলাই দিয়ে ।

নিউজ ডেস্ক, ১৬ জানুৱাৰী : পশ্চিমবংগৰ মধ্যমগ্ৰামত এইবাৰে দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ ছাঁ ! এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰি তেওঁৰ শৰীৰটো টুকুৰা-টুকুৰ কৰি এটা বস্তাত ভৰাই পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে । উত্তৰ ২৪ পৰগণাৰ মধ্যমগ্ৰামৰ উত্তৰ জোজৰা গাঁৱৰ এটা খালত পেলাই দিয়া হয় শৰীৰৰ অংশবোৰ ।

অভিযোগ অনুসৰি, পাৰিবাৰিক বিবাদৰ বাবেই পত্নীক হত্যা কৰে ব্যক্তিজনে । মৃত মহিলাগৰাকীৰ নাম চায়েৰা বানু বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, অভিযুক্তই তেওঁৰ পত্নীক হত্যা কৰাৰ পিছত বিহ খাই আত্মহত্যাৰ চেষ্টা কৰিছিল । তেওঁক বাৰাসাত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে ।

জানিব পৰা মতে, নুৰুদ্দিন মণ্ডল নামৰ ৫৫ বছৰীয়া ব্যক্তিজনে কিছুদিন পূৰ্বে মধ্যমগ্ৰাম আৰক্ষী থানাত পত্নী চায়েৰা বানুৰ নামত এখন নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে । তাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰে ।

অনুসন্ধানৰ সময়ত অনুসন্ধানকাৰী দলটোৱে মহিলাগৰাকীৰ স্বামী নুৰুদ্দিনক ফোন কৰি আৰু তেওঁক কেইবাবাৰো জেৰা কৰি ঘটনা সন্দৰ্ভত তথ্য লয় । সূত্ৰ অনুসৰি, জেৰাৰ সময়ত কেইবাটাও বিসংগতি ওলায় । ইফালে ধৰা পৰাৰ ভয়ত নুৰুদ্দিনে ঘৰ এৰি সোমবাৰে আন ঠাইলৈ গুচি যায় ।

আনহাতে, এজন ব্যক্তিক অচেতন অৱস্থাত পৰি থকা দেখি স্থানীয় বাসিন্দাসকলৰ সন্দেহ হয় । এই বিষয়ে তথ্য লাভ কৰাৰ পিছত মধ্যমগ্ৰাম আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীলৈ গৈ ব্যক্তিজনক চিনাক্ত কৰে । তেওঁলোকে অনুমান কৰে যে বিষ সেৱন কৰি পৰি থকা ব্যক্তিজন নুৰুদ্দিন । তেওঁক চিনাক্ত কৰাৰ পিছত ততাতৈয়াকৈ উদ্ধাৰ কৰি বাৰাসাত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয় । তেওঁ তাত চিকিৎসাধীন হৈ আছে ।

অৱশ্যে চিকিৎসালয়লৈ যোৱাৰ পথত নুৰুদ্দিনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে যে তেওঁ পত্নীক ছুৰীৰে ডিঙি কাটি হত্যা কৰিছিল । তাৰ পিছত তেওঁ মৃতদেহটো টুকুৰা-টুকুৰ কৰি নোৱাই খালত পেলাই দিয়ে । এই কথা শুনি আৰক্ষীয়ে নুৰুদ্দিনৰ ঘৰৰ কাষৰ খালটো তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে । তাৰ পৰাই মহিলাগৰাকীৰ শৰীৰৰ অংশবোৰ এটা এটাকৈ উদ্ধাৰ কৰা হয় ।

কিন্তু শৰীৰৰ কেইবাটাও অংশ এতিয়াও পোৱা হোৱা নাই । শৰীৰৰ সেই অংশবোৰ উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে নাৱেৰে খালটোত অনুসন্ধান আৰম্ভ কৰে । সূত্ৰ অনুসৰি, বিভিন্ন কাৰণত স্বামী আৰু পত্নীৰ মাজত বৈবাহিক সংঘাত হৈছিল । শেহতীয়াকৈ এই বিবাদে গৈ চৰম সীমাত উপনীত হয় ।

অৱশ্যে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি সেই বিষয়েও অনুসন্ধান কৰা হৈছে । অনুসন্ধানকাৰীসকলে নুৰুদ্দিনৰ কন্যাকো জেৰা কৰি আছে । গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে । উল্লেখ্য যে মধ্যমগ্ৰামৰ এই ঘটনাটোৱে দিল্লীত শ্ৰদ্ধা ৱাকাৰৰ হত্যাৰ কথা মনত পেলাই দিছে ।

২০২২ চনত এনে এক নিৰ্মম ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাৰ কথা জানিব পাৰি সমগ্ৰ দেশ শিহৰিত হৈ পৰিছিল । প্ৰেমিক আফতাব পুনাৱালাৰ বিৰুদ্ধে প্ৰথমে হত্যা আৰু তাৰ পিছত তেওঁৰ লিভ-ইন সঙ্গীৰ শৰীৰটো ৩৫ টুকুৰাত বিভক্ত কৰি দিল্লীৰ বিভিন্ন স্থানত পেলাই দিয়াৰ অভিযোগ উত্থাপন হয় ।

সেই যুৱকজনে ১৮ দিন ধৰি দিল্লীত শৰীৰৰ অংশবিলাক পেলাই আছিল । পিছত পুনাৱালাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই ক্ষেত্ৰতো 'হত্যাকাৰী' স্বামীয়ে তেওঁৰ পত্নীৰ নিৰুদ্দেশ গোচৰৰ 'নাটক' মঞ্চস্থ কৰি এই নিৰ্মম হত্যাকাণ্ডটো ঢাকি ৰাখিব নোৱাৰিলে ।

লগতে পঢ়ক :পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী পান্নুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.