ETV Bharat / bharat

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী পান্নুৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:28 PM IST

Pannu Death Threat to Mann : পান্নুৱে মুখ্যমন্ত্ৰী ভগৱন্ত মানক প্ৰাক্তন মুখ্যমন্ত্ৰী বেয়ন্ত সিঙৰ সৈতে তুলনা কৰি কয় যে ভগৱন্ত মান হৈছে আজিৰ বিয়ন্ত সিং, যিয়ে পঞ্জাবৰ যুৱকসকলক ভুল পথ প্ৰদৰ্শন কৰি আছে । লগতে ২৬ জানুৱাৰীত মুখ্যমন্ত্ৰী ভগৱন্ত মানে য'তেই পতাকা উত্তোলন কৰে, তেওঁক তাতেই আক্ৰমণ কৰিবলৈ আহ্বান জনাইছে ।

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি
পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি

ভগৱন্ত মানক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী পান্নুৰ

নিউজ ডেস্ক, ১৬ জানুৱাৰী : পঞ্জাবত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা আৰু যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ প্ৰতি উচটনি দিয়া শিখছ ফৰ জাষ্টিচৰ (এছএফজে) মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে এইবাৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি প্ৰদান কৰিছে । পান্নুৱে এটা নতুন ভিডিঅ' মুকলি কৰি পঞ্জাবৰ গেংষ্টাৰসকলক তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কৈছে । আনহাতে, পান্নুৱে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসত উত্তপ্ত পৰিৱেশ সৃষ্টিৰ ভাবুকি প্ৰদান কৰিছে ।

নতুনকৈ মুকলি কৰা ভিডিঅ'টোত পান্নুৱে পঞ্জাবত আইন-শৃংখলা উন্নত কৰাৰ বাবে পঞ্জাব আৰক্ষীয়ে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেয়া ভুল বুলি উল্লেখ কৰি গৰিহণা দিছে । ভিডিঅ'টোত পান্নুৱে শেহতীয়াকে আৰক্ষীৰ মুখামুখী হোৱাৰ বিষয়ে উল্লেখ কৰিছে আৰু পঞ্জাব আৰু বিদেশৰ কাৰাগাৰত থকা গোংষ্টাৰসকলক তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কৈছে । কেৱল সেয়াই নহয়, পান্নুৱে পঞ্জাবৰ আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক ভুল বুলি অভিহিত কৰিছে ।

পান্নুৱে লগতে কৈছে যে পঞ্জাব আৰক্ষীয়ে পাঞ্জাবী যুৱকসকলৰ বিৰুদ্ধে অপৰাধ কৰি আছে । ইয়াৰ পৰিণাম তেওঁলোকেও ভোগ কৰিব লাগিব বুলি সকীয়নি প্ৰদান কৰিছে । পান্নুৱে উল্লেখ কৰিছে যে আৰক্ষীয়ে যুৱকসকলক গেংষ্টাৰ বুলি ঘোষণা কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে । এই ক্ষেত্ৰত পান্নুৱে মুখ্যমন্ত্ৰী ভগৱন্ত মানক প্ৰাক্তন মুখ্যমন্ত্ৰী বেয়ন্ত সিঙৰ সৈতে তুলনা কৰি কয় যে ভগৱন্ত মান হৈছে আজিৰ বিয়ন্ত সিং, যিয়ে পঞ্জাবৰ যুৱকসকলক ভুল পথ প্ৰদৰ্শন কৰি আছে । তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰাখিছে আৰু একে সময়তে তেওঁলোকক এনকাউণ্টাৰ কৰি হত্যা কৰি আছে ।

পান্নুৱে নিজৰ ভাবুকিবাৰ্তাৰ ভিডিঅ'টোত পঞ্জাবৰ ডিজিপি গৌৰৱ যাদৱৰ ওপৰতো মন্তব্য কৰিছে । এই ভিডিঅ'টোত সন্ত্ৰাসবাদী পান্নুৱে অধিকসংখ্যক যুৱক-যুৱতীক তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কৈছে । লগতে এটা বাৰ্তা দিছে যে ২৬ জানুৱাৰীত মুখ্যমন্ত্ৰী ভগৱন্ত মানে য'তেই পতাকা উত্তোলন কৰে, তেওঁক তাতে আক্ৰমণ কৰা উচিত । পান্নুৰ এই ভিডিঅ' প্ৰকাশৰ পিছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে । পঞ্জাব চৰকাৰ তথা আৰক্ষীয়ে এই ক্ষেত্ৰত কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসক লৈ কেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :গণতন্ত্ৰ দিৱসৰ দিনা ৰক্তাক্ত কৰাৰ ভাবুকি এছ এফ জেৰ প্ৰতিষ্ঠাপক পান্নুনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.