ETV Bharat / bharat

অগ্নিপথৰ নামত যুৱসমাজৰ জীৱন আৰু উচ্চাকাংক্ষাৰ সৈতে খেলাটো ভুল : উদ্ধৱ ঠাকৰে

author img

By

Published : Jun 19, 2022, 9:05 PM IST

CM
উদ্ধৱ ঠাকৰে

শিৱসেনাৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰেয়ে দলৰ নেতা-কৰ্মীসকলক সম্বোধন কৰে । অগ্নিপথ আঁচনি সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে (Uddhav Thackeray on Agneepath Scheme)। দেশৰ যুৱসমাজৰ জীৱন আৰু উচ্চাকাংক্ষাৰ সৈতে খেলাটো ভুল । চুক্তিৰ মাজত সৈনিকসকল আৱদ্ধ থকাটো বিপদজনক ।

নেশ্যনেল ডেস্ক, ১৯ জুন : কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest against Agneepath Scheme)। ইয়াৰ মাজতে এই আঁচনিক লৈ ৰাজনীতিও আৰম্ভ হৈছে । শাসকীয় পক্ষই এই আঁচনিৰ লাভালাভৰ বিষয়ে কৈ প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি আছে (Uddhav Thackeray criticizes centre over Agnopath scheme)।

এইবাৰ অগ্নিপথ আঁচনিক লৈ মন্তব্য কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে, দেশৰ যুৱসমাজৰ জীৱন আৰু উচ্চাকাংক্ষাৰ সৈতে খেলাটো ভুল । দলটোৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে (56th foundation day of Shiv Sena) শিৱসেনাৰ বিধায়ক আৰু জ্যেষ্ঠ নেতাসকলক সম্বোধন কৰি ঠাকৰেয়ে কয় যে যদি যুৱকসকল নিবনুৱা, তেন্তে কেৱল ভগৱান ৰামৰ বিষয়ে কোৱাৰ কোনো লাভ নাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কৃষকসকলে কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধেও ৰাজপথলৈ ওলাই আহিছিল । যিবোৰ আঁচনিৰ কোনো অৰ্থ নাই তাত 'অগ্নিবীৰ' আৰু 'অগ্নিপথ'ৰ দৰে নাম কিয় দিব লাগে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

চাৰি বছৰৰ পাছত ১৭ ৰ পৰা ২১ বছৰ বয়সৰ যুৱকসকলে কি পাব বুলিও কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে উদ্ধৱ ঠাকৰেয়ে । চুক্তিৰ মাজত সৈনিকসকল আৱদ্ধ থকাটো বিপদজনক বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে দেশৰ কিছু অংশত হিংসাত্মক প্ৰতিবাদ হোৱা স্বত্বেও মহাৰাষ্ট্ৰ শান্ত হৈ আছে । তেওঁ কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি কয়, ‘‘আজি মোৰ দিন হ'ব পাৰে কিন্তু কাইলৈ উন্নত বিকল্পৰ সৈতে আন কোনো ওলাই আহিব’’ ।

লগতে পঢ়ক :Agnipath recruitment 2022: অগ্নিপথ আঁচনিৰ গোচৰ পালেগৈ উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.