ETV Bharat / bharat

Agnipath recruitment 2022: অগ্নিপথ আঁচনিৰ গোচৰ পালেগৈ উচ্চতম ন্যায়ালয়

author img

By

Published : Jun 18, 2022, 9:39 PM IST

অগ্নিপথ আঁচনিৰ গোচৰ পালেগৈ উচ্চতম ন্যায়ালয়
অগ্নিপথ আঁচনিৰ গোচৰ পালেগৈ উচ্চতম ন্যায়ালয়

অগ্নিপথ আঁচনিক লৈ অগ্নিগৰ্ভা সমগ্ৰ দেশ । সমগ্ৰ দেশতে সেনাবাহিনীৰ অগ্নিপথ নিযুক্তি(Agnipath recruitment 2022)ৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ(Protest against Agnipath scheme)। দেশৰ কোনো কোনো প্ৰান্তত বিশেষকৈ বিহাৰত ভয়ংকৰৰূপ ধাৰণ কৰিছে এই প্ৰতিবাদে । ৰে'ললাইনত কৰিছে অগ্নিসংযোগ । ইয়াৰ মাজতে উচ্চতম ন্যায়ালয় পালেগৈ অগ্নিপথ আঁচনিৰ গোচৰ ।

নেশ্যনেল ডেস্ক,১৮ জুন: কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত চুক্তিভিত্তিত চাকৰিত মকৰল কৰাৰ বাবে গ্ৰহণ কৰিছে ‘অগ্নিপথ প্ৰকল্প'(Govt announces Agnipath recruitment scheme for armed forces) । কিন্তু এই ‘অগ্নিপথ প্ৰকল্প'(Agnipath recruitment 2022)ক কেন্দ্ৰ কৰি দেশৰ কেইবাখনো ৰাজ্যত অব্যাহত আছে বিক্ষোভ-প্ৰতিবাদী কাৰ্যসূচী(Protest against Agnipath scheme) । বিহাৰত এই বিক্ষোভে লৈছে ভয়ংকৰ ৰূপ । ৰে'লপথ অৱৰোধ কৰাৰ লগতে জ্বলাইছে ৰে'ল(Protesters blocked the railway track in Bihar) ।

এনেধৰণৰ বিক্ষোভ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে উচ্চতম ন্যায়ালয়ত উপস্থাপন হৈছে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি চলি থকা সমগ্ৰ বিষয়টো । আঁচনিখনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে এখন PIL(PIL has been filed in Supreme Court in connection with Agnipath scheme) । উচ্চতম ন্যায়ালয়ত অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰিছিল উক্ত আবেদন । আবেদনখনৰ জড়িয়তে উচ্চতম ন্যায়ালয়ত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত অগ্নিপথ আঁচনিৰ পুনৰীক্ষণ বিচাৰিছে তিৱাৰীয়ে । আৱেদনখনৰ জড়িয়তে অগ্নিপথৰ ওপৰত হোৱা হিংসাৰ তদন্তৰ বাবে এখন SIT সমিতি গঠন কৰাৰ দাবী জনাইছে ।

কেৱল বিহাৰেই নহয়, শুকুৰবাৰে তেলেংগানাৰ চেকেন্দ্ৰাবাদতো সেনা নিযুক্তিৰ বাবে 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্স্ত কৰিবলৈ আহি আৰক্ষীৰ গুলীচালনাত নিহত হৈছিল এজন লোক । দেশৰ বিভিন্ন প্ৰান্তত ক্ষুব্ধ যুৱক-যুৱতীসকলে প্ৰতিবাদৰ সময়ত কেইবাখনো ৰে'লত অগ্নিসংযোগ কৰিছিল । ব্যক্তিগত, ৰাজহুৱা বাহন, ৰে'ল ষ্টেচন ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও ঘাইপথ আৰু ৰে'লপথ অৱৰোধ কৰিছিল প্ৰতিবাদকাৰী সকলে । এতিয়া উচ্চতম ন্যায়ালয়ে উক্ত গোচৰটো কিদৰে লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: ভৰ বাৰিষাৰ মাজতো মৰণত শৰণ দি দ্ৰোপাং নৈৰে বিপদসংকুল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.