ETV Bharat / bharat

Commonwealth Games 2022 : উদ্বোধনী অনুষ্ঠান মাজভাগতে এৰি গৈ আবদ্ধ হৈ পৰিল লাভলিনা

author img

By

Published : Jul 29, 2022, 6:27 PM IST

বৃহস্পতিবাৰে নিশা উক্ত অনুষ্ঠান প্ৰায় দুঘণ্টা ধৰি চলিছিল আৰু লাভলিনাই ভাৰতীয় বক্সিং দলৰ আন এজন সদস্য মুহাম্মদ হুচামুদ্দিনৰ সৈতে আলেকজেণ্ডাৰ ষ্টেডিয়ামৰ পৰা গেমছ ভিলেজলৈ ৩০ মিনিটৰ যাত্ৰাত সোনকালে ৰাওনা হোৱাৰ সিদ্ধান্ত লৈছিল (Lovlina leave Commonwealth Games opening ceremony midway) ।

Commonwealth Games 2022
Commonwealth Games 2022

নিউজ ডেস্ক, ২৯ জুলাই : অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁয়ে (Olympic bronze medallist Indian boxer Lovlina Borgohain) কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠান মাজভাগতে এৰি যোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতো প্ৰায় এঘণ্টা আবদ্ধ হৈ থাকিবলগা হয় । উল্লেখ্য, বৃহস্পতিবাৰে নিশা উক্ত অনুষ্ঠান প্ৰায় দুঘণ্টা ধৰি চলিছিল আৰু লাভলিনাই ভাৰতীয় বক্সিং দলৰ আন এজন সদস্য মুহাম্মদ হুচামুদ্দিনৰ সৈতে আলেকজেণ্ডাৰ ষ্টেডিয়ামৰ পৰা গেমছ ভিলেজলৈ ৩০ মিনিটৰ যাত্ৰাত সোনকালে ৰাওনা হোৱাৰ সিদ্ধান্ত লৈছিল (Commonwealth Games 2022 opening ceremony) ।

"আমি পুৱা প্ৰশিক্ষণ ল'ব বিচাৰোঁ কিয়নো আমাৰ এটা দিন পিছতে প্ৰতিযোগিতা আছে । অনুষ্ঠানটো যিহেতু কিছু সময় ধৰি চলিব, গতিকে আমি আধাতে এৰি যোৱাৰ কথা ভাবিছিলোঁ । আমি এখন টেক্সি বিচাৰোঁ কিন্তু আমাক কোৱা হৈছিল যে সেয়া উপলব্ধ নহয় ।" পিটিআয়ে তেওঁক কিয় মাজভাগতে অনুষ্ঠান এৰি গৈছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত লাভলিনাই কয় । যিহেতু অনুষ্ঠানটো তেতিয়াও চলি আছিল আৰু দুয়োজনে নিজে টেক্সী বুক কৰিব নোৱাৰিলে, কিন্তু লাভলিনা আৰু হুচামুদ্দিনক তেওঁলোকৰ বাসস্থানলৈ কেনেদৰে ঘূৰি যাব লাগে সেই বিষয়ে অজ্ঞাত কৰি ৰখা হৈছিল (Lovlina leave Commonwealth Games opening ceremony midway) ।

অৱশেষত তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰদৰ্শনী কেন্দ্ৰৰ ওচৰৰ ভিলেজলৈ যোৱা প্ৰথমখন বাছ ধৰে । ভাৰতীয় প্ৰতিনিধি দলটোক আয়োজকসকলে তিনিখন গাড়ী প্ৰদান কৰা হৈছিল । কিন্তু খেলুৱৈ আৰু বিষয়াসকল বাছত আহি উদ্বোধনী অনুষ্ঠানৰ বাবে উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ চালকসকলক দিনটোৰ বাবে এৰি দিয়া হৈছিল । আনহাতে, ভাৰতৰ চীফ ডি মিছন তথা ভাৰতীয় বক্সিং ফেডাৰেচনৰ (Boxing Federation of India) উপ-সভাপতি ৰাজেশ ভাণ্ডাৰী এই বিষয়ত সন্তুষ্ট হোৱা নাছিল (India Chief de Mission of Commonwealth Games Rajesh Bhandari) ।

"আমি অনুষ্ঠানটোৰ মাজভাগত আছিলোঁ আৰু মই পিছত জানিব পাৰিছিলোঁ যে তেওঁ আৰু আন এজন বক্সাৰ সোনকালে গুচি গৈছিল । আমি সকলোৱে বাছত আহিছিলোঁ আৰু সেই সময়ত টেক্সিৰ বিকল্প উপলব্ধ নাছিল । যদি তেওঁলোকে সোনকালে যাব বিচাৰে তেন্তে তেওঁলোক আহিব নালাগিছিল । বহুতো খেলুৱৈ আছিল যিয়ে পুৱা প্ৰশিক্ষণ বা প্ৰতিযোগিতা ৰখাৰ বাবে নাহিবলৈ সিদ্ধান্ত লৈছিল, যিটো আমি সম্পূৰ্ণৰূপে বুজি পাওঁ । মই এই বিষয়ত বক্সিং দলৰ সৈতে কথা পাতিম ।" ভাণ্ডাৰীয়ে এনেদৰে কয় (Commonwealth Games 2022 Games Village) ।

উল্লেখ্য, অনুষ্ঠানটোত মুঠ 164 জন খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰিছিল, যিটো হৈছে ভাৰতীয় দলটোৰ মুঠ সংখ্যাৰ আধা । মহিলা ক্ৰিকেট দলৰ সদস্যসকলেও পিছদিনা পুৱা তেওঁলোকৰ আৰম্ভণি খেলৰ বাবে হোটেলত থকাৰ সিদ্ধান্ত লয় । খেলৰ পূৰ্বে লাভলিনাই অভিযোগ কৰে যে তেওঁৰ ব্যক্তিগত প্ৰশিক্ষক সন্ধ্যা গুৰুং অহাৰ (personal coach of Lovlina Borgohain Sandhya Gurung) পিছত তেওঁক গেমছ ভিলেজৰ ভিতৰলৈ যাবলৈ অনুমতি নিদিয়াৰ পিছত তেওঁক প্ৰশিক্ষকসকলে নিৰন্তৰ হাৰাশাস্তি কৰিছিল । পিছত অৱশ্যে গুৰুঙক ভিলেজলৈ যোৱাৰ স্বীকৃতি দিয়া হয় ।

লগতে পঢ়ক :Commonwealth Games 2022: কমনৱেল্থ গেমছলৈ অসমৰ সাত গৰাকী খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.