ETV Bharat / bharat

Commonwealth Games 2022: কমনৱেল্থ গেমছলৈ অসমৰ সাত গৰাকী খেলুৱৈ

author img

By

Published : Jul 28, 2022, 2:17 PM IST

ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হৈছে কমনৱেল্থ গেমছ ২০২২ (Commonwealth Games 2022) ৷এইবৰ্ষৰ কমৱেল্থত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ 7 গৰাকী খেলুৱৈয়ে(7 athletes in Commonwealth Games) ৷

7 athletes from Assam to qualify for Commonwealth Games
কমনৱেল্থ গেমছলৈ অসমৰ সাত গৰাকীকৈ খেলুৱৈ

গুৱাহাটী, 28 জুলাই: ইংলেণ্ডৰ বাৰ্মিংহামত 11 দিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কমনৱেল্থ গেমছ ২০২২ (Commonwealth Games 2022) ৷ এইবৰ্ষৰ কমৱেল্থত অংশগ্ৰহণ কৰিছে অসমৰ 7 গৰাকী খেলুৱৈয়ে(7 athletes in Commonwealth Games) ৷ বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁইয়ে অংশগ্ৰহণ কৰিছে (7 athletes from Assam to qualify for Commonwealth Games) ৷

ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব অসমৰ ৭ গৰাকী সুযোগ্য সন্তানে ৷ 2016 চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলীনা বৰগোহাঁই ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ ৷ লাভলীনাই 2017 চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

লাভলীনা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছতেই দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ লাভলীনা ৷ 2021 চনত অনুষ্ঠিত হোৱা টকিঅ' 2020 গ্ৰীষ্মকালীন অলিম্পিকত লাভলীনাই মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷

2020 চনত লাভলীনাক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে ৷ 2021 বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয় ৷

আনহাতে এছিয়ান গেমছৰ স্বৰ্ণজয়ী হিমা দাসে কমনৱেলথ গেমছত মহিলাৰ 4x100 মিটাৰ ৰীলে দৌৰৰ উপৰি মহিলাৰ 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে অসমৰ সুযোগ্য সন্তান হিমা দাসে বিগত 2018 চনৰ গ’ল্ড কষ্ট কমনৱেলথ গেমছতো অংশ লৈছিল ৷

বিশ্বৰ 20ৰ অনুৰ্ধ্বৰ এথলেটিকছত ইতিহাস সৃষ্টি কৰি স্বৰ্ণপদক পোৱাৰ পিছতে হিমাই অংশ লৈছিল কমনৱেল্থ গেমছত ৷ বিগত বৰ্ষত পদক অৰ্জন কৰিব নোৱাৰিলেও হিমাই পৰৱৰ্তী সময়ত জাকাৰ্টাত অনুষ্ঠিত অষ্টাদশ এছিয়ান গেমছত স্বৰ্ণপদক অৰ্জনে কৰি গৌৰৱান্বিত কৰিছিল দেশবাসীক ৷ এইবৰ্ষত কমনৱেলথ গেমছত পদক আশা কৰে হিমাই ৷

আনহাতে শিৱ থাপা এজন ভাৰতীয় বক্সাৰ। শিৱ থাপাই 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল ৷ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বক্সাৰ শিৱ৷ পৰৱৰ্তী সময়ত তেওঁ অইল এণ্ড নেশ্যাৰেল গেছ কৰ্পোৰেচন লিমিটেডত নিযুক্তি লাভ কৰিছে ৷

পপী হাজৰিকা অসমৰ এগৰাকী আগশাৰীৰ ভাৰোত্তোলক ৷ 23 বছৰীয়া পপীয়ে বাৰ্মিংহাম কমনৱেল্থ গেমছত মহিলাৰ 59 কেজি শাখাত পদক জয় কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৷ তাচখন্দত অনুষ্ঠিত হোৱা 2021 চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰোত্তোলক পপী হাজৰিকাই মহিলাৰ 59 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল ৷

হাজাৰিকাই মুঠ 189 কিলোগ্ৰামৰ বাবে 84 কিলোগ্ৰাম স্নেচ আৰু 105 কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্কত তুলি পোডিয়ামত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷

আনহাতে লনবল ইভেণ্টত তানিয়া চৌধুৰী, নয়নমণি শৰ্মা আৰু মৃদুল বৰগোহাঁইয়ে কমনৱেল্থ গেমছত অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: Sivsagar Taekwondo player achievement : তিনিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদকেৰে শিৱসাগৰলৈ সুনাম পঞ্চি পায়েঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.