ETV Bharat / bharat

সুৰা নিষিদ্ধ বিহাৰত চিলিণ্ডাৰৰ ভিতৰত ওলাল দেশীয় সুৰা

author img

By

Published : Apr 13, 2022, 7:35 PM IST

Liquor ban in Bihar
সুৰা নিষিদ্ধ বিহাৰত চিলিণ্ডাৰৰ ভিতৰত ওলাল দেশীয় সুৰা

বিহৰাত যদিও সুৰা নিষিদ্ধ (Liquor ban in Bihar) কিন্তু প্ৰতিদিনে একাংশ লোকে দেশীয় সুৰাৰ ৰমৰমীয়া বেহা চলোৱা দেখা গৈছে । আৰক্ষীৰ চকুত ধুলি দিবলৈ একাংশ ব্যৱসায়ীয়ে গ্ৰহণ কৰিছে বিভিন্ন কৌশল । এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত ওলাল দেশীয় সুৰা । কেনেদৰে ব্যৱসায়ীয়ে চিলিণ্ডাৰৰ ভিতৰত সৰবৰাহ কৰিছিল সুৰা ?

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল : আমি সকলোৱে জানো বিহাৰত সুৰা নিষিদ্ধ (Liquor ban in Bihar)। কিন্তু তাৰ পাছতো ৰাজ্যখনত একাংশ লোকে সুৰাৰ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে (Liquor Smuggling in Bihar)। আৰক্ষীয়ে বহু সময়ত তেনে চোৰাং ব্যৱসায় বন্ধৰ বাবে অভিযান চলাই আহিছে যদিও দুষ্টচক্ৰই বিভিন্ন ধৰণৰ নতুন নতুন কৌশল অৱলম্বন কৰা দেখা গৈছে । শুনি আচৰিত হ'ব যে এইবাৰ এলপিজি চিলিণ্ডাৰৰ ভিতৰত সুৰা সৰবৰাহ কৰিছে একাংশ লোকে (Smuggling of liquor on cylinders in Bihar)।

চিলিণ্ডাৰৰ তলৰ অংশ কাটি ভিতৰত সুৰা সৰবৰাহৰ চেষ্টা চলাইছে দুষ্টচক্ৰটোৱে । পিৰবাহোৰ আৰক্ষীৰ অভিযানত সৰবৰাহকাৰীৰ এই নতুন কৌশলৰ কথা পোহৰলৈ আহিছে । আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুগাদৰ পৰা অনা দেশীয় সুৰা ভৰ্তি চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে সুৰাখিনি পাটনালৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল । চিলিণ্ডাৰৰ ভিতৰত আৰক্ষীয়ে প্ৰায় ৫০ লিটাৰ দেশীয় সুৰা উদ্ধাৰ কৰে । ইফালে ঘটনা সন্দৰ্ভত এটা চোৰাং সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Liquor smuggler arrested in Patna)। ধৃত সৰবৰাহকাৰীটো ভূষণ কুমাৰ বুলি জানিব পৰা গৈছে ।

সৰবৰাহকাৰীৰ এনে কৌশল দেখি হতবাক আৰক্ষী । পিৰবাহোৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সবিহউল হকে জনোৱা মতে সুৰা মাফিয়া ভোলি ৰায়ৰ নিৰ্দেশত চাবলপুৰ দিয়াৰাৰ পৰা পাটনালৈ দেশীয় সুৰা ভৰ্তি চিলিণ্ডাৰ আৰু বস্তা নাৱেৰে সৰবৰাহৰ চেষ্টা কৰা হৈছিল ।

লগতে পঢ়ক :Drugs seized in Rangia : ডিমুত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.