ETV Bharat / bharat

আদালতৰ চৌহদত অধিবক্তাই ৰাখিব নোৱাৰিব অস্ত্ৰ -এলাহাবাদ উচ্চ ন্যায়ালয়

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:28 AM IST

Lawyers cannot keep weapons in court premises: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ এক গুৰুত্বপূৰ্ণ ৰায়দান ৷ আদালতৰ চৌহদত অধিবক্তাসকলেও লগত ৰাখিব নোৱাৰিব অস্ত্ৰ ৷ এনে লোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে এওঁলোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিব লাগে।
high court no to arms in court premises
আদালতৰ চৌহদত অধিবক্তাই ৰাখিব নোৱাৰিব অস্ত্ৰ -এলাহাবাদ উচ্চ ন্যায়ালয়

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে মঙলবাৰে অধিবক্তাকে ধৰি কোনো লোকে আদালতৰ চৌহদত অস্ত্ৰ লগত ৰাখিব নোৱাৰিব বুলি এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে ৷ আদালতে সকলো জিলা ন্যায়াধীশ, ন্যায়িক বিষয়া, জিলা বিষয়া, আদালত চৌহদৰ নিৰাপত্তা সুৰক্ষিত কৰা, অস্ত্ৰ অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে যে, আদালত চৌহদৰ ভিতৰত অস্ত্ৰ-শস্ত্ৰ ৰখা অধিবক্তাৰ লগতে আন সকলো লেকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিছে ৷

লগতে এই নিৰ্দেশনা উলংঘন কৰা সকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰু তেওঁলোকৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিয়ে । আদালতে লগতে স্পষ্ট কৰিছে যে, আদালতৰ চৌহদৰ ভিতৰত অস্ত্ৰ-শস্ত্ৰ কঢ়িয়ালে অধিবক্তাসকলৰ চেম্বাৰ, কেণ্টীন, বাৰ এছ’চিয়েচন আৰু চৌহদৰ ভিতৰত থকা যিকোনো ৰাজহুৱা স্থানত ৰাজহুৱা শান্তি আৰু ৰাজহুৱা সুৰক্ষাৰ বাবে ভাবুকি বুলি গণ্য কৰা হ’ব।

অধিবক্তা অমনদীপ সিঙৰ আবেদন খাৰিজ কৰাৰ সময়ত ন্যায়াধীশ পংকজ ভাটিয়াৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে ৷ এই আবেদনখনত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ আদেশক প্ৰত্যাহ্বান জনোৱা হৈছিল । আবেদনকাৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, তেওঁ এজন কনিষ্ঠ অধিবক্তা ৷ বিৰোধীৰ অসন্তুষ্টিৰ বাবে, তেওঁ নিজৰ জীৱনৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈছে। তেওঁৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে অস্ত্ৰ ৰখাৰ মৌলিক অধিকাৰ আছে।

এই আবেদনখনৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰে উল্লেখ কৰে যে, বাৰাবাঁকী আদালত চৌহদত অস্ত্ৰ নিয়াৰ বাবে আবেদনকাৰী অধিবক্তাগৰাকীৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।

উচ্চতম ন্য়ায়ালয়ে কয় যে, লগত অস্ত্ৰ ৰখাটো কোনো নাগৰিকৰ মৌলিক অধিকাৰ নহয় ৷ ই এখন ৰাজ্যৰ দ্বাৰা প্ৰদান কৰা এক বিশেষাধিকাৰহে । আদালতে আবেদনখনৰ সন্দৰ্ভত কয় যে, ই ন্যায়িক ইতিহাসৰ এক দুৰ্ভাগ্যজনক মুহূৰ্ত ৷ মাত্ৰ দুবছৰৰ অনুশীলন থকা এজন অধিবক্তাই যুক্তি দিছিল যে এই পেচাত সফলতাৰ বাবে আদালতৰ ভিতৰলৈ অস্ত্ৰ কঢ়িয়াই অনাটো অত্যাৱশ্যকীয়।

আদালতে উদ্বেগ প্ৰকাশ কৰি উল্লেখ কৰে যে, আইনী বৃত্তিত এতিয়া সঠিক প্ৰশিক্ষণ অবিহনে লোকে প্ৰৱেশ কৰিছে ৷ ন্যায়ালয়ে বাৰ কাউন্সিলক এই সন্দৰ্ভত ব্যৱস্থা ল'বলৈও পৰামৰ্শ দিছে। আদালতে স্পষ্ট কৰি দিয়ে যে, কৰ্তব্যৰত নিৰাপত্তাকৰ্মীৰ বাহিৰে আদালত চৌহদত অস্ত্ৰ কঢ়িয়াই অনা যিকোনো ব্যক্তিৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পাৰিব ।

লগতে পঢ়ক:তিনিচুকীয়াত উপস্থিত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.