তিনিচুকীয়াত উপস্থিত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:37 PM IST

thumbnail

তিনিচুকীয়া, ১৯ ডিচেম্বৰ :  মঙলবাৰে সন্ধিয়া তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতেই অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে প্ৰত্যক আৰক্ষী থানাত উপস্থিত হৈ নিজে ব্যক্তিগতভাৱে পৰিদৰ্শন কৰিছে আৰক্ষী থানাৰ লগতে কাম কাজসমূহ ।

সেই মৰ্মে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আজি সন্ধিয়া তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী বিষয়াসকলৰ মত বিনিময় কৰি থানাৰ কাম কাজসমূহ বুজ লোৱাৰ লগতে আৰক্ষীৰ বহুতো গোচৰ সোনকালে নিষ্পত্তি কৰাৰ বাবে আৰক্ষীসকলৰ শলাগ লয় । লগতে আৰক্ষী বিষয়াসকলক কেইবাটাও নতুন নিৰ্দেশনা দিয়াৰ লগতে ৰাইজৰ হৈ নিজৰ কাম কৰি যাবলৈ আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : এইবাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে অসমলৈ মাতিছে পৰেশ বৰুৱাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.