ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

author img

By

Published : Nov 1, 2021, 12:19 PM IST

লক্ষ্ণৌ আৰু বাৰাণসীকে ধৰি ৰাজ্যখনৰ 46 টা ৰে’ল ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা(Lashkar-e-Taiba)ই ৷ এই ভাবুকিৰ বিষয়ে চোৰাংচোৱা বিভাগ(Intelligence Department)ৰ পৰা সতৰ্কবাণী পোৱাৰ পাচতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে উত্তৰ প্ৰদেশৰ ৰে’ল ষ্টেচনসমূহত ৷

lashkar-e-taiba-threatened-to-blow-up-46-stations
উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা(Lashkar-e-Taiba)ৰ এখন ভাবুকিপূৰ্ণ পত্ৰই আচম্বিত কৰি তুলিছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক ৷ পত্ৰযোগে লক্ষ্ণৌ আৰু বাৰাণসীকে ধৰি ৰাজ্যখনৰ 46 টা ৰে’ল ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে লস্কৰ-ই-তৈবাৰ এৰিয়া কামাণ্ডাৰে । বিস্ফোৰণটো সংঘটিত হোৱাতো প্ৰতিহত কৰিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষী-প্ৰশাসনে ৷

lashkar-e-taiba-threatened-to-blow-up-46-stations
উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

সন্ত্ৰাসবাদী সংগঠনটোৰ পৰা ভাবুকি পত্ৰ লাভ কৰাৰ পাচতে ৰে’ল বিভাগ(Railway Department)ক উচ্চ সতৰ্কতা অৱলম্বন কৰিছে যোগী চৰকাৰে । চৰকাৰী ৰে’লৱে আৰক্ষী(GRP) আৰু ৰে’লৱে আৰক্ষী বাহিনী(RPF)য়ে ইতিমধ্যে লক্ষ্ণৌৰ চাৰবাগ ৰে’ল ষ্টেচন(Charbagh Railway Station) আৰু লক্ষ্ণৌ জংচন(Lucknow Junction)ত নিৰীক্ষণৰ মাত্ৰা বৃদ্ধি কৰিছে ।

ৰে’ল বিষয়াসকলে জনোৱা মতে, এইটো প্ৰথমবাৰৰ বাবে নহয় যে, তেওঁলোকে এনেধৰণৰ ভাবুকি লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে কেইবাবাৰো সন্ত্ৰাসবাদৰ পৰা ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছিল ৰে’ল বিভাগে ৷ অৱশ্যে এই ভাবুকি নিশ্চিতভাৱে গুৰুত্ব সহকাৰে লোৱা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো দিশতে সাজু হৈ আছে GRP আৰু RPFৰ জোৱানসকল ৷

lashkar-e-taiba-threatened-to-blow-up-46-stations
উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

সন্ত্ৰাসবাদী সংগঠনটোৰ ভাবুকিৰ বিষয়ে চোৰাংচোৱা বিভাগ(Intelligence Department)ৰ পৰা সতৰ্কবাণী লাভ কৰাৰ পাচতে উত্তৰ প্ৰদেশৰ ৰে’ল ষ্টেচনসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ GRPৰ ৰে’ল বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু RPF জোৱানসকলক ষ্টেচনত যিকোনো সন্দেহজনক লোকৰ ওপৰত তালাচী চলাবলৈ আৰু লগে লগে নিয়ন্ত্ৰণ কক্ষক এই বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

lashkar-e-taiba-threatened-to-blow-up-46-stations
উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

GRP আৰু RPFৰ সেনাসকলৰ সৈতে বিষয়াসকলে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে । সেনাসকলক কেৱল ষ্টেচনতেই নহয়, ষ্টেচনৰ চৌহদতো তহল দিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’লৱে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ষ্টেচন অধীক্ষকসকলক তেওঁলোকৰ ষ্টেচনসমূহ লক্ষ্য তালিকাত থকাৰ কথা অৱগত কৰিছে ।

ভাবুকিপূৰ্ণ পত্ৰখন লস্কৰ-ই-তৈবাৰ এৰিয়া কমাণ্ডাৰৰ নামত প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । 2018 চনতো একে ধৰণৰ ভাবুকি প্ৰদান কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে ৷ ভাবুকি পোৱাৰ পাচতে ষ্টেচনৰ মাজেৰে যোৱা ৰে’লসমূহৰ লগতে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে’লসমূহত আৰম্ভ কৰা হৈছে এক তীব্ৰ অনুসন্ধান অভিযান ।

lashkar-e-taiba-threatened-to-blow-up-46-stations
উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

বিশেষকৈ নিশা চলাচল কৰা ৰে’লসমূহৰ ওপৰত বিশেষ মনোযোগ দিয়া হৈছে । যিহেতু দেৱালী উপলক্ষে ৰে’লত বহু যাত্ৰীৰ আহ-যাহ চলিব, তেনে পৰিস্থিতিত অধিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব ৰে’ল বিভাগে ৷ ৰে’লৰ ভিতৰৰ আৰু ষ্টেচনৰ প্ৰতিটো কাৰ্যকলাপ চিচিটিভি কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰা হ’ব ৷

লগতে পঢ়ক : ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.