ETV Bharat / bharat

Lakhimpur Kheri Violence: নতুনকৈ ৫খন ফটো ৰাজহুৱা কৰি জন সমৰ্থন বিচাৰিলে বিশেষ তদন্তকাৰী দলে

author img

By

Published : Nov 13, 2021, 3:43 PM IST

লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা(Lakhimpur Kheri violence)ৰ তদন্ত প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী দলে(SIT) ঘটনাস্থলীৰ আন ৫ খন ফটো ৰাজহুৱা কৰিছে । ৩ অক্টোবৰত ঘটনাস্থলীত উপস্থিত থকা কেইবাজনো ব্যক্তিক দেখা পোৱা গৈছে ফটোকেইখনত । বিশেষ তদন্তকাৰী দলে এই লোককেইজনৰ চিনাক্তকৰণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে ।

Lakhimpur Kheri violence
লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ তদন্ত

নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ: যোৱা ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী(Lakhimpur Kheri)ত কৃষক(Farmer)সহ আঠজন লোকৰ মৃত্যু হোৱাৰ পাচতে সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল । কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni) আৰু তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ টেনি(Ashish Mishra Teni)ৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল কৃষক সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দলো । ঘটনাৰ উচিত তদন্তৰ দাবী জনাই প্ৰতিবাদো সাব্যস্ত কৰিছিল । এতিয়া এই ঘটনা সন্দৰ্ভতে ৫ খন ফটো(Photograph) ৰাজহুৱা কৰিছে তদন্তৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী দলে(SIT) ।

এই ফটোকেইখন হৈছে লখিমপুৰ খেৰীৰ ঘটনাস্থলীৰ । যোৱা ৩ অক্টোবৰত ঘটনা সংঘটিত হোৱা সময়ৰ ফটো । এতিয়া ফটোত থকা লোককেইজনৰ চিনাক্তকৰণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে বিশেষ তদন্তকাৰী দলে । ফটোত থকা লোককেইজনৰ চিনাক্তকৰণ কৰা ব্যক্তিসকলৰ নাম আৰু ঠিকনা গোপনে ৰাখিব বুলি প্ৰতিশ্ৰুতি দিছে তদন্তকাৰী দলটোৱে । লগতে পুৰস্কৃত কৰিব বুলিও ঘোষণা কৰিছে ।

এছ আই টিৰ কাৰ্যালয়লৈ গৈ অথবা ফোনযোগে ফটোত থকা লোকসকলৰ পৰিচয়ৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে । উত্তৰ প্ৰদেশ চৰকাৰে লখিমপুৰ খেৰীৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰিছিল ।

এই হিংসাত্মক ঘটনাত মুঠ ৮ জন লোক নিহত হৈছিল । তেওঁলোকৰ ভিতৰত চাৰিজন কৃষকো আছিল । বিজেপি কৰ্মী থকা এখন বাহনে তেওঁলোকক মহতিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাৰ পাচতে ক্ষুব্ধ কৃষকৰ আক্ৰমণৰ বলি হয় দুজন বিজেপি কৰ্মী আৰু এজন চালক ।

আনহাতে, এজন স্থানীয় সাংবাদিকেও এই ঘটনাত প্ৰাণ হেৰুৱাইছিল । কৃষক নেতাসকলে দাবী কৰিছে যে, কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ প্ৰতিবাদকাৰীসকলক মহতিয়াই নিয়া এখন বাহনত আছিল । কিন্তু মন্ত্ৰীগৰাকী আৰু তেওঁৰ পুত্ৰই এই অভিযোগ নস্যাৎ কৰে । আৰক্ষীয়ে এতিয়ালৈকে এই গোচৰ সন্দৰ্ভত আশীষ মিশ্ৰকে ধৰি ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক:Covid-19: দেশত নতুনকৈ আক্ৰান্ত ১১,৮৫০ গৰাকী,মৃত্যু ৫৫৫ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.