ETV Bharat / bharat

Rahul Gandhi’s bike ride: লাডাখ যাত্ৰাৰ বাবে ৰাহুল গান্ধীক তাচ্ছিল্যসূচক ধন্যবাদ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ

author img

By

Published : Aug 20, 2023, 11:18 AM IST

Rahul Gandhi’s bike ride
ৰাহুল গান্ধীৰ লাডাখ যাত্ৰা

19 আগষ্টৰ দিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লাডাখলৈ যাত্ৰা আৰম্ভ কৰে ৷ সমৰ্থকসকলে ৰাহুলৰ এই যাত্ৰাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে কেন্দ্ৰৰ বিজেপি চৰকাৰে কংগ্ৰেছ নেতাগৰাকীৰ এই যাত্ৰাক কটাক্ষ কৰা পৰিলক্ষিত হৈছে ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 আগষ্ট: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিন উদযাপনৰ বাবে লাডাখৰ পাংগং হ্ৰদলৈ বাইক ৰাইড কৰা বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷ বিজেপিয়ে বিষয়টো সন্দৰ্ভত ৰাহুল গান্ধীক সমালোচনাৰে থকা-সৰকা কৰা পৰিলক্ষিত হৈছে ৷

মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বৰ আৰু পিছৰ উন্নয়নৰ তুলনা কৰি সামাজিক মাধ্যমত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, "নৰেন্দ্ৰ মোদী চৰকাৰে নিৰ্মাণ কৰা লাডাখৰ উৎকৃষ্ট পথৰ প্ৰচাৰৰ বাবে ৰাহুল গান্ধীলৈ ধন্যবাদ । ইয়াৰ পূৰ্বে তেওঁ কাশ্মীৰ উপত্যকাত পৰ্যটন ক্ষেত্ৰৰ কেনেদৰে উত্থান ঘটিছে সেই কথাও প্ৰদৰ্শন কৰিছিল আৰু সকলোকে সোঁৱৰাই দিছিল যে এতিয়া শ্ৰীনগৰৰ লাল চ'কত আমাৰ "ৰাষ্ট্ৰীয় পতাকা" শান্তিপূৰ্ণভাৱে উত্তোলন কৰিব পৰা যাব ।"

উল্লেখ্য যে, যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত লিখিছিল, “ পাংগং হ্ৰদ, যিডোখৰ স্থানক মোৰ দেউতাই পৃথিৱীৰ অন্যতম ধুনীয়া ঠাই বুলি কৈছিল ।” উল্লেখ কৰা প্ৰয়োজন যে, 2019 চনৰ 5 আগষ্টত 370 আৰু 35 (A) অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জন্মু-কাশ্মীৰত বিভক্ত কৰাৰ পিছত এইটোৱেই আছিল ৰাহুল গান্ধীৰ প্ৰথমটো লাডাখ ভ্ৰমণ ।

কংগ্ৰেছৰ মুখপাত্ৰ চেৰিং নামগিয়ালে কয়, "দেওবাৰে তেওঁ মটৰ চাইকেলত নুব্ৰা ভেলীলৈ গৈ তাত ৰাতিটো কটাব । যাত্ৰা পথত তেওঁ দোকানী, কৃষককে ধৰি সাধাৰণ লোকৰ সৈতে ভাব বিনিময় কৰাৰ সম্ভাৱনা আছে ।" চলিত বৰ্ষৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ অন্তিম দিনা শ্ৰীনগৰৰ লাল চ’কত ত্ৰিৰংগ পতাকা উৰুৱাইছিল ।

লগতে পঢ়ক: Ladakh Army vehicle plunges: লাডাখত সেনা জোৱানৰ মৃত্যুত শোক প্ৰকাশ শাসক বিৰোধী উভয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.