ETV Bharat / bharat

Kashmiri Pandit Killed : কাশ্মীৰত পুনৰ কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা

author img

By

Published : Oct 15, 2022, 5:46 PM IST

শনিবাৰে পুৱা উগ্ৰপন্থীয়ে তেওঁক নিজৰ ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে (Kashmiri Pandit Killed at Shopian in JK) । এই সন্দৰ্ভত কাশ্মীৰ আৰক্ষীয়ে টুইটাৰযোগে জনোৱা মতে, "পুৰাণকৃষণে শ্বপিয়ানৰ চৌধুৰী গুন্দ অঞ্চলৰ বাগিচালৈ গৈছিল । তাৰ পিছতে সংখ্যালঘু লোকজনক লক্ষ্য কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰি পলায়ন কৰে । লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । তাতেই তেওঁৰ মৃত্যু হয় । "

kashmir
kashmir

নিউজ ডেস্ক, ১৪ অক্টোবৰ : জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক (Kashmiri Pandit Killed in Jammu Kashmir) । শ্বপিয়ানত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হয় এগৰাকী কাশ্মীৰী পণ্ডিত (Kashmiri Pandit Killed at Shopian in JK) । শনিবাৰে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে কাশ্মীৰী পণ্ডিতজনক ।

গুলীচালনাৰ পিছত লোকজনক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু ঘটে তেওঁৰ । মৃত লোকজনক পুৰাণকৃষণ ভাট বুলি চিনাক্ত কৰা হৈছে । ইতিমধ্যে উগ্ৰপন্থীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে (suspected militants killed Kashmiri Pandit) ।

জানিব পৰা মতে, শনিবাৰে পুৱা উগ্ৰপন্থীয়ে তেওঁক নিজৰ ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে । এই সন্দৰ্ভত কাশ্মীৰ আৰক্ষীয়ে টুইটাৰযোগে জনোৱা মতে, "পুৰাণকৃষণে শ্বপিয়ানৰ চৌধুৰী গুন্দ অঞ্চলৰ বাগিচালৈ গৈছিল । তাৰ পিছতে সংখ্যালঘু লোকজনক লক্ষ্য কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰি পলায়ন কৰে । লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । তাতেই তেওঁৰ মৃত্যু হয় । সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি উগ্ৰপন্থীৰ সন্ধান আৰম্ভ কৰা হৈছে ।"

আনহাতে, প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে পুৰাণক উগ্ৰপন্থীয়ে পিছফালৰ পৰা গুলীয়াই হত্যা কৰে । জানিব পৰা মতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ পুৰাণৰ নিজা ব্যৱসায় আছিল ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৬ আগষ্টত দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত এজন কাশ্মীৰী পণ্ডিতক উগ্ৰপন্থীয়ে হত্যা কৰিছিল । উগ্ৰপন্থীৰ গুলীচালনাত আহত হয় তেওঁৰ পৰিয়ালৰ আন এজন সদস্য । চিতপোৰাৰ এখন আপেল বাগিচাত প্ৰৱেশ কৰি উগ্ৰপন্থীয়ে দুজন কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা কৰে । উক্ত ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় । ইয়াৰ পূৰ্বে জুন মাহতো উপত্যকাটোত এজন কাশ্মীৰী পণ্ডিতক হত্যা কৰা হৈছিল । মেʼ মাহত দক্ষিণ কাশ্মীৰৰ কুলগাঁৱত এগৰাকী মহিলা কাশ্মীৰী পণ্ডিতক হত্যা কৰা হৈছিল । পেছাত তেওঁ শিক্ষয়িত্ৰী আছিল ।

উল্লেখ্য, উক্ত হত্যাকাণ্ডক কাশ্মীৰৰ বিভিন্ন ৰাজনৈতিক দলে গৰিহণা দিছে । নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই টুইটত কয়, "আন এটা নিন্দনীয় আক্ৰমণ । মই এই আক্ৰমণক দ্ব্যর্থহীনভাৱে গৰিহণা দিছোঁ, য'ত পূৰণকৃষণ ভাটে প্ৰাণ হেৰুৱাইছে । মই তেওঁৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা প্ৰেৰণ কৰিছোঁ । পুৰাণজীৰ আত্মা শান্তিত থাকক ।"

আনহাতে, ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক সংগঠন অশোক কুলে কয়, "শ্বপিয়ান জিলাত কাশ্মীৰ পণ্ডিতসকলৰ ওপৰত আৰু এটা কাপুৰুষালি আক্ৰমণ । এই দেশবিৰোধী উপাদানবোৰ তেওঁলোকৰ ভুল কামত কেতিয়াও সফল নহ'ব ।" কুলে এই হত্যাক বৰ্বৰ বুলি অভিহিত কৰে আৰু এই দুখৰ সময়ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক :IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.