ETV Bharat / bharat

চিকিৎসকৰ গাফিলতিঃ অস্ত্ৰোপচাৰৰ পাচতো মহিলাৰ পেটত বেণ্ডেজ

author img

By

Published : Nov 26, 2020, 12:41 PM IST

Doctors left a bandage inside the woman's private part after delivery
চিকিৎসকৰ গাফিলতিৰ বাবে গৰ্ভপাতৰ পাচতো মহিলাৰ পেটতে থাকিল বেণ্ডেজ

কৰ্ণাটকৰ মুদ্দেবিহাল চৰকাৰী হাস্পতালত এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ ছমাহ পাচত পেটৰ পৰা উদ্ধাৰ কৰে পেড সদৃশ এটা বেণ্ডেজ ৷ ঘটনা সন্দৰ্ভত চিকিৎসা বিশেষজ্ঞসকলে তদন্ত অব্যাহত ৰাখিছে ৷

নিউজ ডেস্ক,26 নৱেম্বৰ : কৰ্ণাটকৰ মুদ্দেবিহাল চৰকাৰী হাস্পতালৰ চিকিৎসকৰ গাফিলতিৰ বাবে এগৰাকী মহিলাৰ পেটতে থাকিল বেণ্ডেজ ৷ 7 জুলাইত এটি সন্তান জন্ম দিয়াৰ ছমাহ পাচত শ্বাহীন উথনালা নামৰ মহিলা গৰাকীৰ পেটৰ পৰা উদ্ধাৰ কৰে বেণ্ডেজটো ৷

মহিলা গৰাকীৰ আত্মীয়ই জনোৱা মতে,ঘটনা সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষক ঘেৰাও কৰাৰ পাচত শেহতীয়াকৈ মহিলা গৰাকীৰ পেটৰ পৰা উদ্ধাৰ কৰা হয় বেণ্ডেজটো ৷

হাস্পতালখনৰ চিকিৎসক ডাঃ অনিল কুমাৰ শ্বেগুনাছিয়ে সংবাদ মাধ্যমক জনোৱা মতে, 23 নৱেম্বৰত শ্বাহীনে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ গৈছিল ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে মহিলা গৰাকীৰ ব্যক্তিগত অংগৰ পৰা পেড সদৃশ কাপোৰ উদ্ধাৰ কৰে ৷ ঘটনা সন্দৰ্ভত চিকিৎসা বিশেষজ্ঞসকলে তদন্ত অব্যাহত ৰখা বুলি ডাঃ অনিল কুমাৰ শ্বেগুনাছিয়ে জানিবলৈ দিয়ে ৷

আনহাতে হাস্পতালখনৰ কৰ্মচাৰীসকলে সকলো নথি-পত্ৰ নষ্ট কৰাৰ প্ৰয়াস কৰা বুলি মহিলা গৰাকীৰ ভাতৃ হুছেইন জেৱৰ্গীয়ে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক : যদি পুৰণি হায়দৰাবাদত পাকিস্তানী আছে,তাৰ বাবে দায়ী প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী : ওৱেইছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.