ETV Bharat / bharat

পুৰণি হায়দৰাবাদত পাকিস্তানী আছে যদি ,দায়ী প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী : ওৱেইছি

author img

By

Published : Nov 26, 2020, 11:51 AM IST

Updated : Nov 26, 2020, 12:23 PM IST

অল ইণ্ডিয়া মজলিছ-ই-ইতেহাদুল মুছলীমিন (AIMIM)ৰ মুখ্য় প্ৰৱক্তা আছাদুদ্দিন ওৱেইছিয়ে কয় যে,আগন্তুক নিৰ্বাচনত যদি তেওঁলোকৰ ভোট পাকিস্তানৰ পৰা আহে তেন্তে ইয়াৰ বাবে দায়ী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কাৰণ তেওঁলোকে শুই থকা অৱস্থাতে পাকিস্তানীসকল ইয়াত প্ৰৱেশ কৰিছে ৷

Owaisi reaction
ওৱেইছিৰ মন্তব্য

নিউজ ডেস্ক,26 নৱেম্বৰ : গ্ৰেটাৰ হায়দৰাবাদ পৌৰনিগম (GHMC)য়ে নিৰ্বাচনত জয়ী হ’লে বিজেপি নেতাই হায়দৰাবাদৰ পুৰণি চহৰত চাৰ্জিকেল ষ্ট্ৰাইকৰ আয়োজন কৰিব বুলি ঘোষণা কৰাৰ এদিনৰ পাচতে সৰৱ হৈ পৰিছে অল ইণ্ডিয়া মজলিছ-ই-ইতেহাদুল মুছলীমিন (AIMIM)ৰ মুখ্য় প্ৰৱক্তা আছাদুদ্দিন ওৱেইছি ৷

তেওঁ কয় যে, যদি পাকিস্তানীৰ ভোট হয় তেন্তে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দায়ী হ’ব ৷ কাৰণ এইটো তেওঁলোকৰ বিফলতা ৷ তেওঁলোকে শুই থাকোতে পাকিস্তানীসকল ইয়াত প্ৰৱেশ কৰিছে ৷ মই কিন্তু কেতিয়াও ইয়াত পাকিস্তানী দেখা নাই ৷ দুয়োগৰাকীয়ে হিন্দু আৰু মুছলমানৰ মাজত ঘৃণা বিয়পাব বিচাৰিছে ৷

ৰাজ্যখনৰ বিজেপি অধ্য়ক্ষ সঞ্জয় কুমাৰে মঙলবাৰে কয় যে, তেলেংগানা ৰাষ্ট্ৰ সমিতি (TRC) আৰু AIMIMৰ মুখ্য় প্ৰৱক্তা আছাদুদ্দিন ওৱেইছিয়ে গ্ৰেটাৰ হায়দৰাবাদ পৌৰনিগমৰ নিৰ্বাচন ৰহিংগীয়া, পাকিস্তানী আৰু আফগানৰ ভোটৰ সৈতে জয়ী হোৱাৰ প্ৰয়াস কৰি আছে ৷

আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনাই বিজেপিয়ে কিমানটা আসন লাভ কৰে তাক লৈ প্ৰত্যাহ্বান জনায় আছাদুদ্দিন ওৱেইছিয়ে ৷

ইয়াৰোপৰি হায়দৰাবাদৰ লোকসভাৰ সাংসদক সমালোচনা কৰি তেওঁ কয় যে, বিজেপিয়ে পুৰণি চহৰক বিনষ্ট কৰিব বিচাৰে ৷ দিল্লীৰ প্ৰত্যেজন ৰাজনৈতিক নেতাই তেওঁৰ নাম লয় ৷ হায়দৰাবাদ ইতিমধ্যে এখন উন্নত চহৰলৈ ৰূপান্তৰিত হৈছে ৷ কিন্তু হায়দৰাবাদ ব্ৰেণ্ডক তললৈ নমাই বিজেপিয়ে হায়দৰাবাদক বিনষ্ট কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

তেওঁ তেলেংগানাৰ মুখ্য়মন্ত্ৰী চন্দ্ৰশেখৰ ৰাওক সমালোচনা কৰি কয় যে, মুখ্য়মন্ত্ৰীয়ে ৰাজ্যত লকডাউন জাৰি কৰি বহুত ডাঙৰ ভুল কৰিছে ৷ এই সিদ্ধান্ত গ্ৰহণৰ সময়ত তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰাতো উচিত আছিল ৷ যেতিয়া ওৱেইছিয়ে এই সন্দৰ্ভত মুখ খোলে তেতিয়াই বিজেপিয়ে তেওঁক জিন্না আখ্য়া দিয়া বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত ইণ্টাৰনেট বন্ধৰ দাবীত বিজেপি,কংগ্রেছৰ আলোচনা

Last Updated :Nov 26, 2020, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.