ETV Bharat / bharat

Jayalalitha death inquiry : জয়াললিতাৰ মৃত্যুৰ তদন্তকাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ

author img

By

Published : Oct 18, 2022, 6:04 PM IST

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ মৃত্যুৰ আন এক ৰহস্য পোহৰলৈ আহিছে । অৰুমুগাস্বামী আয়োগে দাখিল কৰা প্ৰতিবেদনৰ (Arumughaswamy Commission report) পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আয়োগে দাবী কৰা মতে সঠিক চিকিৎসা প্ৰদান কৰিলে জয়াললিতাৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন ।

Jayalalitha
জয়াললিতাৰ মৃত্যুৰ তদন্তকাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ

নেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : সঠিক চিকিৎসা প্ৰদান কৰিলে জয়ললিতাৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন । অৰুমুগাস্বামী আয়োগে প্ৰকাশ কৰিছে এই গুৰুত্বপূৰ্ণ তথ্য (Arumughaswamy Commission report)। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অভিনেত্ৰী জয়াললিতাৰ মৃত্যুৰ (Former CM Jayalalitha death) তদন্ত কৰি থকা অৰুমুগাস্বামী আয়োগে দাখিল কৰা প্ৰতিবেদনৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে জয়াললিতাৰ মৃত্যুৰ তদন্তৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী এডাপ্পাডি পালানিস্বামীয়ে গঠন কৰি দিছিল অৰুমুগাস্বামী আয়োগ । আয়োগে মঙলবাৰে তদন্ত প্ৰতিবেদন দাখিল কৰে । প্ৰতিবেদনত জয়াললিতাৰ মৃত্যুৰ সময় আৰু তেওঁৰ মৃত্যু সম্পৰ্কে তদন্ত কৰিব লগীয়া ব্যক্তিসহ তথ্য উল্লেখ কৰিছে (Former CM Jayalalitha death mystery)।

আয়োগে কেইবাটাও প্ৰশ্ন উত্থাপন কৰে । জয়াললিতাক সঠিক চিকিৎসা দিয়া হৈছিল নেকি বুলিও প্ৰশ্ন কৰে আয়োগে ? ড০ সুমিন শৰ্মাই এঞ্জিওগ্ৰাফী হ'ব লাগিছিল বুলি প্ৰশ্ন কৰি কয় যে জয়াললিতাৰ কিয় এঞ্জিওগ্ৰাফী কৰা হোৱা নাছিল ? আনকি ডাঃ ৰিচাৰ্ড পিলে জয়াললিতাৰ চিকিৎসাৰ বাবে বিদেশলৈ লৈ যাবলৈ সাজু বুলি কোৱাৰ পাছতো, কিয় লৈ যোৱা নহ'ল বুলিও প্ৰশ্ন কৰে ?

উল্লেখ্য যে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জয়াললিতা হঠাৎ অসুস্থ হৈ পৰিছিল । প্ৰায় ৭৫ দিন চিকিৎসাধীন হোৱাৰ পিছত তেওঁ ২০১৬ চনৰ ৫ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুৰ লগে লগে তামিলনাডুৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি হয় । বহুতে তেওঁৰ মৃত্যু আৰু চিকিৎসাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

আনকি তেওঁৰ মৃত্যুক ষড়যন্ত্ৰ আখ্যা দি মৃত্যুৰ তদন্তৰো দাবী জনাইছিল । ফলস্বৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী এডাপ্পাডি পালানিস্বামীয়ে এই তদন্তৰ বাবে গঠন কৰি দিছিল অৰুমুগাস্বামী আয়োগ । যোৱা আগষ্টত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ সন্মুখত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুমুগাস্বামীৰ একক সদস্য আয়োগে জয়াললিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰে ।

অৰুমুগাস্বামী আয়োগে তামিল ভাষাত ৬০৮ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন আৰু ইংৰাজীত ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে । জয়াললিতাৰ সম্পৰ্কত ১৫৯ জনতকৈও অধিক সাক্ষী অৰুমুগাস্বামী আয়োগৰ সন্মুখত হাজিৰ হৈছে আৰু তেওঁলোকৰ দৃষ্টিভংগী আগবঢ়াইছে । আয়োগে শশীকলা, ব্যক্তিগত চিকিৎসক কে এছ শিৱকুমাৰ, তেতিয়াৰ স্বাস্থ্য সচিব ৰাধাকৃষ্ণন আৰু স্বাস্থ্যমন্ত্ৰী চি.বিজয়ভাস্কৰক দোষী বুলি অভিহিত কৰিছে আৰু এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিব লাগে বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক :BCCI New Committee: বিচিচিআইৰ নতুন সমিতি, যুটীয়া সম্পাদক পদত দেৱজিৎ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.