ETV Bharat / bharat

আইটিবিপিৰ প্ৰথম ছিকিম শৃংগ আৰোহণৰ সফল সামৰণি

author img

By

Published : Sep 24, 2022, 6:11 PM IST

itbp
itbp

এজন জ্যেষ্ঠ বিষয়াই শনিবাৰে কয় যে সীমান্তৰক্ষী বাহিনী আইটিবিপিৰ এটা পৰ্বতাৰোহী দলে ছিকিমত অৱস্থিত ৭,০০০ মিটাৰ ওখ শৃংগ আৰোহণ কৰা প্ৰথম আইটিবিপি হিচাবে পৰিগণিত হৈছে (ITBP has become first to Sikkim peak summit) ।

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ : আইটিবিপিৰ এজন জ্যেষ্ঠ বিষয়াই শনিবাৰে কয় যে সীমান্তৰক্ষী বাহিনী আইটিবিপিৰ এটা পৰ্বতাৰোহী দলে ছিকিমত অৱস্থিত ৭,০০০ মিটাৰ ওখ শৃংগ আৰোহণ কৰে (ITBP first successful summit of Sikkim peak) । লগে লগে দলটো ছিকিম শৃংগ আৰোহণ কৰা আইটিবিপিৰ প্ৰথমটো দল হিচাবে পৰিগণিত হৈছে । মাউণ্ট ডোম খাং উত্তৰ ছিকিমৰ লাচেন উপত্যকাত 7,250 মিটাৰ উচ্চতাত অৱস্থিত । বাহিনীটোৰ পৰ্বতাৰোহীসকলে ২২ আৰু ২৩ ছেপ্টেম্বৰত দুটা গোটত মাউণ্ট ডোম খাং সফলতাৰে আৰোহণ কৰে পথ ১ আৰু পথ ২ ৰ জৰিয়তে । ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীৰ (Indo Tibetan Border Police) এজন মুখপাত্ৰই এই কথা প্ৰকাশ কৰে ।

"ইণ্ডিয়ান মাউণ্টেনিয়াৰিং ফাউণ্ডেচনৰ (Indian Mountaineering Foundation) তথ্য অনুসৰি, যিকোনো অভিযানৰ দ্বাৰা এইটো প্ৰথমবাৰৰ বাবে এই শিখৰত আৰোহণ । এই অভিযানে ভৱিষ্যতৰ অভিযানৰ পথ প্ৰশস্ত কৰিছে আৰু উত্তৰ ছিকিমত দুঃসাহসিক ক্ৰীড়া আৰু পৰ্যটন বৃদ্ধি কৰিব (adventure sports and tourism in north Sikkim) ।" তেওঁ কয় ।

প্ৰথম দলটোৰ নেতৃত্ব দিয়ে উপ কমাণ্ডেণ্ট অনুপ কুমাৰে । আনহাতে, দ্বিতীয় দলটোক কমাণ্ডেণ্ট ৰতন সিং সোনলে নেতৃত্ব দিয়ে । এগৰাকী মহিলাকে ধৰি মুঠ ১৩ জন সদস্যই শিখৰৰ অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি মুখপাত্ৰজনে কয় । ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশত অনুষ্ঠিত হোৱা 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ অংশ হিচাপে আইটিবিপিৰ সঞ্চালক প্ৰধান সুজয় এল থাওছেনে ১১ আগষ্টত দিল্লীৰ পৰা মুঠ ২১ জন পৰ্বতাৰোহীক লৈ অভিযানটো শুভাৰম্ভ কৰে ।

উল্লেখ্য, ১৯৬২ চনত সংগঠিত পৰ্বত-যুদ্ধ প্ৰশিক্ষিত বাহিনীয়ে এতিয়ালৈকে ২৩০ তকৈও অধিক সফল অভিযান হাতত লৈছে । অৰ্ধসামৰিক বাহিনীটোক মুখ্যত দেশৰ আভ্যন্তৰীণ সুৰক্ষা ক্ষেত্ৰত বিভিন্ন কৰ্তব্য প্ৰদান কৰাৰ উপৰি চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Line of Actual Control) 3,488 কিলোমিটাৰ অংশত পহৰা দিয়াৰ দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক :তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.