ETV Bharat / bharat

World AIDS Vaccine Day: প্ৰতি বছৰে বিশ্ব HIV ভেকচিন দিৱস পালন কৰা হয় যদিও আজিকোপতি তৈয়াৰ নহ’ল ইয়াৰ ভেকচিন

author img

By

Published : May 18, 2023, 5:00 AM IST

It is necessary to find a vaccine to prevent AIDS: World AIDS Vaccine Day 2023
প্ৰতি বছৰে বিশ্ব HIV ভেকচিন দিৱস পালন কৰা হয় যদিও আজিকোপতি তৈয়াৰ নহ’ল ইয়াৰ ভেকচিন

প্ৰতি বছৰে ১৮ মে’ত বিশ্ব এইডছ ভেকচিন দিৱস বা এইচ আই ভি ভেকচিন সজাগতা দিৱস হিচাপে পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে মানুহক ভেকচিনৰ প্ৰয়োজনীয়তা, বিশেষকৈ এইচ আই ভি এইডছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ভেকচিনৰ গুৰুত্ব আৰু ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা ।

Human immunodeficiency virus বা এইচ আই ভি/এইডছক সমগ্ৰ বিশ্বতে এক ভয়াৱহ ৰোগ হিচাপে গণ্য কৰা হয় । এই ৰোগৰ স্থায়ী চিকিৎসা এতিয়াও সম্পূৰ্ণৰূপে সম্ভৱ হোৱা নাই যদিও ইয়াৰ সঠিক ব্যৱস্থাপনা কৰিলে এই ৰোগৰ গুৰুতৰ প্ৰভাৱ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় (world aids vaccine day theme 2023)। যিকোনো ৰোগৰ পৰা ভেকচিনক আদৰ্শ সুৰক্ষা হিচাপে গণ্য কৰা হয় । এই চিন্তাৰে এইচ আই ভি/এইডছ প্ৰতিৰোধৰ বাবে ভেকচিনৰ ৰূপত সুৰক্ষা বিচাৰিবলৈ যোৱা কেইবাবছৰ ধৰি প্ৰচেষ্টা চলোৱা হৈছে । কিন্তু এই দিশত এতিয়ালৈকে বিশেষ সফলতা লাভ কৰিব পৰা হোৱা নাই (world aids vaccine day theme 2023)।

প্ৰতি বছৰে ১৮ মে’ত বিশ্ব এইডছ দিৱস উদযাপন কৰি এই দিশত অধিক গৱেষণাৰ বাবে প্ৰচেষ্টা চলোৱাৰ সুযোগ সৃষ্টি কৰাৰ লগতে এই ভাইৰাছ আৰু ৰোগ প্ৰতিৰোধৰ বাবে এক নিৰাপদ আৰু সম্পূৰ্ণ ফলপ্ৰসূ ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা বিয়পাই দিয়া হয় এইডছৰ দৰে ভেকচিন দিৱস পালন কৰা হয় (world aids vaccine day date)।

পৰিসংখ্যাই কি কয় ?

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৯ চনৰ শেষৰ ফালে প্ৰায় ৩.৮ কোটি লোক এইচ আই ভি/এইডছ ৰোগত আক্ৰান্ত হৈ আছিল । একে বছৰতে এইডছ আৰু আনুষংগিক ৰোগৰ বাবে প্ৰায় ৬ লাখ ৯০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ পিছত ২০২০ চনৰ শেষলৈকে এইচ আই ভি আক্ৰান্তৰ সংখ্যা প্ৰায় ৩ কোটি ৭৭ লাখ হোৱা দেখা গৈছিল, ইয়াৰে ১৭ লাখ ১৫ বছৰৰ তলৰ শিশু আছিল (World AIDS Vaccine Day)। উক্ত বছৰটোত এই ৰোগ আৰু ইয়াৰ লগত জড়িত কাৰণৰ বাবে প্ৰায় ৬ লাখ ৮০ হাজাৰ লোকৰ মৃত্যু হয় ।

এই ৰোগৰ প্ৰতি সজাগতা আৰু ইয়াৰ চিকিৎসা আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অগ্ৰগতিৰ ফলত এইডছ আৰু এইডছৰ সৈতে জড়িত অন্যান্য কাৰণত প্ৰাণ হেৰুৱাৰ সংখ্যা পূৰ্বতকৈ ক্ৰমাগতভাৱে হ্ৰাস পাইছে (hiv vaccine awareness day 2023)। পৰিসংখ্যা অনুসৰি ২০০৪ চনৰ পৰিসংখ্যাৰ তুলনাত ২০২০ চনৰ ভুক্তভোগী আৰু মৃত্যুৰ সংখ্যা প্ৰায় ৬৪% হ্ৰাস পাইছে (world aids vaccine day statistics)।

তাৎপৰ্য আৰু ইতিহাস

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে এইচ আই ভি ভাইৰাছ আৱিষ্কাৰ হোৱাৰ পিছত প্ৰায় ৭ কোটি ৯৩ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হয় । এই সংক্ৰমণৰ গুৰুতৰ প্ৰভাৱ আৰু উচ্চ মৃত্যুৰ হাৰ যিহেতু চৰ্চালৈ আহিল, তেতিয়াৰ পৰাই চিকিৎসক, বিজ্ঞানী আৰু স্বাস্থ্য পেছাদাৰীসকলে কেৱল এই ৰোগ আৰু ইয়াৰ কাৰণসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বিয়পাই দিয়াই নহয়, ইয়াৰ চিকিৎসা আৰু ব্যৱস্থাপনা ৷ এইডছ ৰোগ প্ৰতিৰোধৰ প্ৰতিষেধক বিচাৰি উলিওৱাৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা চলি আছে, যিটো এতিয়াও সম্পূৰ্ণ সফল হোৱা নাই ।

এইডছৰ চিকিৎসা আৰু ব্যৱস্থাপনাৰ দিশত কাম কৰা বিজ্ঞানী, চিকিৎসক আৰু স্বাস্থ্য পেছাদাৰীসকলৰ প্ৰচেষ্টাক স্মৰণ কৰি আৰু এটা নিৰাপদ আৰু ফলপ্ৰসূ ভেকচিন বিচাৰি উলিওৱাৰ বাবে ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে বিশ্ব এইডছ ভেকচিন দিৱস পালন কৰা হৈছিল । তাৎপৰ্যপূৰ্ণভাৱে ১৯৯৭ চনৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় এইডছ ভেকচিন পৰীক্ষা কৰা হৈছিল । যাৰ বৰ্ষপূৰ্তিত ১৯৯৮ চনৰ ১৮ মে’ত এইচ আই ভি ভেকচিন সজাগতা দিৱস পালন কৰা হৈছিল । এই দিনটো পোন প্ৰথমে পালন কৰে নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকচিয়েছ ডিজিজ, ইউনাইটেড ষ্টেটছ নেচনেল ইনষ্টিটিউট অৱ হেল্থ আৰু এইচ আই ভি/এইডছ ভেকচিন প্ৰস্তুতৰ দিশত কাম কৰা সংস্থাসমূহে ।

বৰ্তমান বিশ্বৰ বহুতো চৰকাৰী, বেচৰকাৰী, স্বাস্থ্য আৰু সামাজিক সংস্থাই এইডছ আৰু ইয়াক প্ৰতিৰোধৰ বাবে ভেকচিনৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই উপলক্ষে সামূহিক কাৰ্যসূচী, ৰেলী, সন্মিলন আৰু সংবাদ মাধ্যমৰ অভিযানকে ধৰি কাৰ্যসূচীৰ আয়োজন কৰে ।

তাৎপৰ্যপূৰ্ণভাৱে বিশ্ব এইডছ ভেকচিন দিৱস এইচ আই ভি/এইডছ ভেকচিনৰ প্ৰতি অবিৰত গৱেষণা আৰু বিকাশৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ এক অনুষ্ঠান, এই দিশত অবিৰতভাৱে কাম কৰা, এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ কৰা প্ৰচেষ্টাৰ শলাগ লোৱা ডায়েবেটিছৰ চিকিৎসা আৰু ব্যৱস্থাপনাৰ বিষয়ে আৰু এই সকলোবোৰ বিষয়ৰ ওপৰত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰে ।

এইচ আই ভি কি ?

HIV অৰ্থাৎ Human Immunodeficiency Virus হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰা ভাইৰাছ । আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা বেজী পুনৰ ব্যৱহাৰ, সংক্ৰমিত তেজ সঞ্চালন আৰু অসুৰক্ষিত যৌন সম্পৰ্কৰ দ্বাৰা ই বিয়পে । একে সময়তে গৰ্ভাৱস্থাত মাতৃৰ পৰা সন্তানলৈও যাব পাৰে । এই সংক্ৰমণৰ প্ৰভাৱত পৰাৰ কেইসপ্তাহমানৰ ভিতৰতে ফ্লুৰ দৰে লক্ষণ যেনে জ্বৰ, ডিঙিৰ বিষ আৰু ভাগৰুৱা ৰোগ দেখা দিবলৈ আৰম্ভ কৰে । বৰ্তমানলৈকে এই ৰোগৰ কোনো স্থায়ী নিৰাময় নাই যদিও সময়মতে ধৰা পেলোৱা আৰু সঠিক ব্যৱস্থাপনাৰ দ্বাৰা কিছু নিষেধাজ্ঞাৰ সৈতে কিছু পৰিমাণে সুস্থ জীৱন যাপন কৰিব পৰা যায় ।

ভেকচিন অতি গুৰুত্বপূৰ্ণ

তাৎপৰ্যপূৰ্ণভাৱে হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ (HIV) সম্পৰ্কীয় কিছুমান ভেকচিন এতিয়াও পৰীক্ষামূলকভাৱে সীমাবদ্ধ হৈ আছে । এইচ আই ভিৰ প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক ভেকচিনৰ উপলব্ধতা বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰয়োজন । কাৰণ এই সংক্ৰমণৰ প্ৰভাৱত অহাৰ আগতেও যদি শৰীৰত ইয়াৰ বিৰুদ্ধে সুৰক্ষা থাকে তেন্তে এই ৰোগৰ প্ৰভাৱত অহাৰ পৰা বহু লোকক ৰক্ষা কৰিব পাৰি ।

এনে পৰিস্থিতিত এনেকুৱা ভেকচিন বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয় যিটো... এইচ আই ভি প্ৰতিৰোধত সহায় কৰে । এইচ আই ভি ভেকচিনৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব এইডছ ভেকচিন দিৱসেও এই দিশত নতুন গৱেষণাৰ প্ৰেৰণা যোগোৱাৰ লগতে সংশ্লিষ্ট লোকসকলক সুযোগ প্ৰদান কৰাৰ

লগতে পঢ়ক: World Hypertension Day: চাইলেন্ট কিলাৰ হিচাবে জনাজাত উচ্চ ৰক্তচাপক কেনেকৈ চিনাক্ত কৰিব পাৰি জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.