ETV Bharat / bharat

World Hypertension Day: চাইলেন্ট কিলাৰ হিচাবে জনাজাত উচ্চ ৰক্তচাপক কেনেকৈ চিনাক্ত কৰিব পাৰি জানি লওক

author img

By

Published : May 17, 2023, 10:29 AM IST

আজি সমগ্ৰ বিশ্বতে উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । উচ্চ ৰক্তচাপ সময়মতে নিয়ন্ত্ৰণ নকৰিলে ই মাৰাত্মকো প্ৰমাণিত হ’ব পাৰে । আজি 'বিশ্ব উচ্চ ৰক্তচাপ দিৱস'ত উচ্চ ৰক্তচাপৰ লক্ষণ, কাৰণ, প্ৰকাৰ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে জানো আহক ।

World Hypertension Day 2023
চাইলেন্ট কিলাৰ হিচাপে জনাজাত উচ্চ ৰক্তচাপক কেনেকৈ চিনাক্ত কৰিব পাৰি জানি লওক

প্ৰতি বছৰে আজিৰ দিনটোতে অৰ্থাৎ ১৭ মে’ত বিশ্বজুৰি ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ পালন কৰা হয় । সময়ে সময়ে ৰক্তচাপ জোখাৰ গুৰুত্ব আৰু ইয়াৰ স্বাভাৱিক মাত্ৰা জনাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ কৰাৰ উদ্দেশ্যে এইবাৰ ‘নিজৰ ৰক্তচাপ সঠিকভাৱে জোখক আৰু অধিক দিন জীয়াই থাকিবলৈ ইয়াক নিয়ন্ত্ৰণত ৰাখক’ শ্লোগানেৰে পালন কৰা হৈছে । অধিকাংশ লোকেই উচ্চ ৰক্তচাপ অৰ্থাৎ হাইপাৰটেনচনত আক্ৰান্ত । সময়মতে ইয়াক নিয়ন্ত্ৰণ নকৰিলে ই মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে বুলিও প্ৰমাণিত হ’ব পাৰে (hypertension awareness day)।

উচ্চ ৰক্তচাপ কি ?

এজন প্ৰাপ্তবয়স্কৰ স্বাভাৱিক ৰক্তচাপ ১২০/৮০ হয় (world hypertension day theme 2023)। যদিও এই সংখ্যা সামান্য উঠা-নমা কৰিব পাৰে, কিন্তু যদি আপোনাৰ ৰক্তচাপ বাৰে বাৰে ১৪০/৯০তকৈ বেছি হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি উচ্চ ৰক্তচাপত আক্ৰান্ত । অধিকাংশ লোকৰে উচ্চ ৰক্তচাপৰ কোনো লক্ষণ আগতীয়াকৈ দেখা নাযায় । এনে পৰিস্থিতিত তেওঁলোকে বছৰ বছৰ ধৰি গম নাপায় যে তেওঁলোকৰ ৰক্তচাপ বিপদজনক মাত্ৰাত বৃদ্ধি পাবলৈ ধৰিছে ।

উচ্চ ৰক্তচাপৰ লক্ষণ

উচ্চ ৰক্তচাপ থাকিলে মূৰৰ বিষ, উশাহ-নিশাহৰ কষ্ট, নাকৰ পৰা তেজ ওলোৱা, ভাগৰুৱা, বুকুৰ বিষ, ঘাম ওলোৱা, বমি, অস্থিৰতা, দৃষ্টিশক্তি ম্লান হোৱা আদি লক্ষণ দেখা দিব পাৰে । যদি আপুনি এনে ধৰণৰ লক্ষণ অবিৰতভাৱে দেখা পায় তেন্তে লগে লগে ৰক্তচাপ পৰীক্ষা কৰাব লাগে । সাধাৰণতে, ১৮ বছৰ বয়সৰ পিছত প্ৰতিজন ব্যক্তিয়ে দুবছৰত এবাৰ ৰক্তচাপ পৰীক্ষা কৰিব লাগে আৰু ৪০ বছৰ বয়সৰ পিছত বছৰত এবাৰ ৰক্তচাপ পৰীক্ষা কৰিব লাগে ।

উচ্চ ৰক্তচাপৰ লগত জড়িত জটিলতা

ৰক্তচাপ নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিয়া হৈছে কাৰণ উচ্চ ৰক্তচাপে বহুতো গুৰুতৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে । বিশেষকৈ বহু বছৰ ধৰি ৰোগ নিৰ্ণয় নহ’লে । উচ্চ ৰক্তচাপৰ বাবে হাৰ্ট এটেক, ষ্ট্ৰোক, হৃদযন্ত্ৰ আৰু বৃক্ক বিকল হ’ব পাৰে (hypertension awareness events)। আনকি চকুযোৰিও দুৰ্বল হৈ পৰিব পাৰে । তদুপৰি দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপত ব্যক্তিৰ স্মৃতিশক্তিও প্ৰভাৱিত হয় আৰু জীৱনৰ পিচৰ বছৰবোৰত ডিমেনচিয়াও হ’ব পাৰে (world hypertension day 2023 logo)।

উচ্চ ৰক্তচাপৰ প্ৰকাৰ

উচ্চ ৰক্তচাপ দুই প্ৰকাৰৰ প্ৰাথমিক উচ্চ ৰক্তচাপ আৰু গৌণ উচ্চ ৰক্তচাপ । প্ৰাথমিক উচ্চ ৰক্তচাপ ৮৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়ে, যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । প্ৰায়ে জিনীয় আৰু জীৱনশৈলীৰ কাৰণ যেনে পৰিয়ালৰ কোনো সদস্যৰ উচ্চ ৰক্তচাপৰ ইতিহাস, ব্যায়ামৰ অভাৱ, অনিয়মিত খাদ্যাভ্যাস, ধূমপান, অত্যধিক মদ্যপান (world hypertension day activities)।

আনহাতে, গৌণ উচ্চ ৰক্তচাপ এড্ৰিনেল গ্ৰন্থিৰ টিউমাৰ, হৃদযন্ত্ৰৰ সমস্যা বা ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত হ’ব পাৰে ।

কোনবোৰ লোকৰ উচ্চ ৰক্তচাপ হোৱাৰ আশংকা অধিক ?

কিছুমান লোকৰ উচ্চ ৰক্তচাপৰ প্ৰৱণতা বেছি যেনেকৈ বৃদ্ধসকলৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা অধিক । একেদৰে যিসকল লোকৰ পৰিয়ালত উচ্চ ৰক্তচাপৰ ইতিহাস আছে বা মেদবহুলতাত ভুগিছে ​​তেওঁলোকৰ ক্ষেত্ৰতো উচ্চ ৰক্তচাপৰ সমস্যা দেখা যায় । যিসকল লোকে অত্যধিক নিমখ বা অত্যধিক পটাছিয়াম সেৱন কৰে । যিসকলে ধূমপান কৰে, অধিক মদ্যপান কৰে, তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি । অব্ষ্ট্ৰাকটিভ স্লিপ এপনিয়া, থাইৰয়ডৰ সমস্যা, বৃক্কৰ সমস্যা আদি কিছুমান অৱস্থাৰ বাবেও উচ্চ ৰক্তচাপ হ’ব পাৰে ।

উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ উপায়

জীৱনশৈলীৰ পৰিৱৰ্তন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে । খাদ্যত ছডিয়াম কমকৈ অন্তৰ্ভুক্ত কৰিব লাগে । নিয়মিতভাৱে ব্যায়াম কৰক । দৈনিক ৪৫ মিনিটৰ বাবে ব্ৰিস্ক ৱাক কৰক । ওজনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । কেফেইন আৰু এলক’হল সীমিত পৰিমাণে সেৱন কৰক । দৈনিক ৭-৮ ঘণ্টা টোপনি লওক । মানসিক চাপ পৰিচালনা কৰক । যদি এই সকলোবোৰ ব্যৱস্থা চেষ্টা কৰিও আপোনাৰ ৰক্তচাপ ভাল হোৱা নাই, তেন্তে ঔষধৰ প্ৰয়োজন হ’ব পাৰে ।

সামগ্ৰিকভাৱে উচ্চ ৰক্তচাপ এক গুৰুতৰ সমস্যা, যাৰ চিকিৎসা নকৰিলে বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । ৰক্তচাপ, সুস্থ জীৱনশৈলী আৰু চিকিৎসা নিয়মীয়াকৈ নিৰীক্ষণ কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি । এইদৰে আপুনি হৃদযন্ত্ৰৰ অন্যান্য ৰোগৰ পৰা আঁতৰি থাকি জীৱনৰ মান উন্নত কৰিব পাৰে ।

লগতে পঢ়ক: Pregnancy diet chart: মহিলাসকলে গৰ্ভধাৰণৰ 1 মাহৰ পৰা 9 মাহলৈ কি কি খাদ্য গ্ৰহণ তথা বৰ্জন কৰিব লাগে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.