ETV Bharat / bharat

IPL 2023 LIVE: LSG ৰ বিৰুদ্ধে 2 উইকেটত জয়লাভ PBKS ৰ

author img

By

Published : Apr 15, 2023, 9:11 PM IST

Updated : Apr 16, 2023, 1:45 AM IST

IPL 2023 ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আজি মুখামুখি হৈছে পঞ্জাৱ কিংছ ৷ 2 উইকেটত জয়লাভ PBKS ৰ (Punjab Kings opt to bowl vs LSG) ৷

Punjab Kings opt to bowl vs LSG
LSG ৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত PBKS ৰ

নিউজ ডেস্ক, 15 এপ্ৰিল: IPL 2023 ৰ আজিৰ দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টক দুই উইকেটত পৰাস্ত কৰে পঞ্জাৱ কিংছে ৷ প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে কঅধনায়ক কে এল ৰাহুলৰ 79 ৰাণৰ সহায়ত 160 ৰাণৰ টাৰ্গেট বান্ধি দিয়ে পঞ্জাৱক ৷ ইয়াৰ প্ৰত্যুত্তৰত 2 উইকেটত পঞ্জাৱে জয়লাভ কৰে ৷

পঞ্জাৱে প্ৰথম অভাৰতে প্ৰথমটো উইকেট হেৰুওৱাৰ পাচত তৃতীয় অভাৰত দ্বিতীয়টো উইকেট হেৰুৱায় ৷ তাৰ পাচতেই মেথিউ শ্বৰ্ট (34), হৰপ্ৰীত (22), ছিকন্দৰ ৰাজা (57), শ্বাহৰুখ(23) ৰাণৰ সহায়ত পঞ্জাৱে জয় লাভ কৰে ৷

LSG ৰ হৈ প্ৰথমে বেটিং কৰিবলৈ আহে অধিনায়ক কে এল ৰাহুল আৰু কাইল মেয়াৰ্ছ ৷ PBKS ৰ বলাৰৰ বিৰুদ্ধে প্ৰথমৰ পৰাই বিস্ফোৰক আৰম্ভনি কৰে দুই অ’পেনাৰে (Lucknow Super Giants vs Punjab Kings )৷ 23 বলত 3 টা অভাৰ বাউণ্ডেৰী আৰু এটা বাউণ্ডেৰী কোবাই মুঠ 29 ৰাণ কৰি আউট হয় মেয়াৰ্ছ ৷ তাৰ পিচতেই বেটিং কৰিবলৈ অহা দীপক হুডা দুই ৰাণ কৰিয়েই পেভিলিয়নমুখী হয় ৷ ক্ৰুণাল পাণ্ডিয়াও 18 ৰাণ কৰি ৰাবাডাৰ বলত কেট্চ আউট হয় ৷ (Punjab Kings opt to bowl vs LSG)৷

খেলুৱৈসকল-

LSG- কে এল ৰাহুল (C), কাইল মেয়াৰ্ছ, দীপক হুডা, মাৰ্কাছ ষ্টইনিছ, ক্ৰুণাল পাণ্ডিয়া, নিকোলাছ পুৰাণ (Wk), আয়ুষ বাডোনি, আবেশ খান, যুধবীৰ সিং চৰক, মাৰ্ক উড, ৰবি বিষ্ণৈ

PBKS- অথৰ্ব টাইডে, মেথিউ শ্বৰ্ট, হৰপ্ৰীত সিং ভাটিয়া, চিকান্দাৰ ৰাজা, চেম কুৰান (C), জিতেশ শৰ্মা (Wk), শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, কাগিছো ৰাবাডা, ৰাহুল চহৰ, অৰ্শদীপ সিং

কে এল ৰাহুল: এই ষ্ট্ৰিপত এইখন প্ৰথম খেল, যিকোনো কাৰকে ক্ৰিয়া কৰিলেহেঁতেন । বিভিন্ন পৰিস্থিতিত নিজকে প্ৰত্যাহ্বান জনোৱাটো ৰোমাঞ্চকৰ । এইটো ইয়াত আমাৰ প্ৰথম ছিজন, সেয়েহে প্ৰতিটো মুহূৰ্তৰ আমি মূল্যাংকন আৰু সংশোধন কৰিম । প্ৰতিখন খেলতে আমি কেইটামান পৰিৱৰ্তন কৰোঁ ৷ আমি 12-13 ত থিতাপি লওঁ আৰু খেলৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত এটা লওঁ । প্ৰতিখন খেলতে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, কিন্তু আমাৰ খেলুৱৈসকলে ইয়াৰ উত্তৰ বিচাৰি পাইছে । সকলোৱে খেলখন উপভোগ কৰি আছে আৰু আমি ইয়াত পোৱা সমৰ্থনত সঁচাকৈয়ে সুখী (LSG vs PBKS match report ) ।

চেম কুৰান: আমি প্ৰথমে বলিং কৰিম । আমি গোটেই চিজনটোত প্ৰথমে বলিং কৰা নাই ৷ গতিকে মাত্ৰ এটা পৰিৱৰ্তনৰ প্ৰয়োজন আছিল । লগতে আমি এই ছিজনত জয়লাভ কৰা এইটোৱেই প্ৰথম টছ। শিখৰ যোৱা খেলখনত আঘাত প্ৰাপ্ত হৈছিল,আঘাত কিমান গুৰুতৰ নাজানো কিন্তু আশা কৰোঁ তেওঁ বেছি দিন বাহিৰত নাথাকিব । তেওঁৰ অনুপস্থিতিত আমি দুজন ভাৰতীয় বেটছমেন দলত অন্তৰ্ভুক্ত কৰিছোঁ আৰু ৰাজাও ঘূৰি আহিছে (Lucknow vs Punjab live updates)।

লগতে পঢ়ক: IPL 2023 RCB beats DC: ক্ৰমান্বয়ে পঞ্চমখন খেলত পৰাস্ত হৈ পইণ্ট তালিকাৰ শেষত DC

Last Updated :Apr 16, 2023, 1:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.