ETV Bharat / sports

IPL 2023 RCB beats DC: ক্ৰমান্বয়ে পঞ্চমখন খেলত পৰাস্ত হৈ পইণ্ট তালিকাৰ শেষত DC

author img

By

Published : Apr 15, 2023, 8:40 PM IST

Updated : Apr 15, 2023, 9:09 PM IST

IPL 2023 ত একেৰাহে পঞ্চমখন খেলত পৰাস্ত দিল্লী কেপিটেলছ্ ৷ RCB ৰ হাতত 23 ৰানত পৰাস্ত হয় DC (IPL 2023 live news) ৷

IPL 2023 live news
IPL 2023 RCB beats DC

নিউজ ডেস্ক, 15 অক্টোবৰ: IPL 2023 দুখন খেল আজি অনুষ্ঠিত হৈছে ৷ বিয়লি 3.30 বজাৰ পৰা অনুষ্ঠিত প্ৰথমখন খেলত মুখামুখি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু দিল্লী কেপিটেলছ ৷ টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে DC য়ে (IPL 2023 DC Vs RCB) ৷

প্ৰথমে বেটিং কৰি RCB দলে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 174 ৰাণ সংগ্ৰহ কৰে ৷ অপেনাৰ বিৰাট কোহলীয়ে অৰ্ধশতক আৰু ফাফ ডু প্লেছিছে 22 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ লোমৰোৰ(26), মেক্সৱেলৰ(24), শ্বাহবাজৰ(20) ৰাণৰ সহায়ত RCB য়ে DC ক 175 ৰাৰ টাৰ্গেট বান্ধি দিয়ে (RCB Vs DC match updates) ৷

ইফালে 175 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা DC প্ৰথমেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ 30 ৰাণতে টাকৈ উইকেট হেৰুওৱাৰ পিচত মনীষ পাণ্ডেয়ে দলৰ স্ক’ৰ আগুৱাই নিয়ে ৷ অক্সৰ পেটেলে 21, আনৰিছ নৰ্টিজেয়ে 23 ৰাণৰ বৰঙণি আগবঢ়াই যদিও 20 অভাৰত দলটোৱে 9 টা উইকেট হেৰুৱাই 151 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ফলত 23 ৰাণত পৰাজয় বৰণ কৰে DC দলে (IPL 2023 live news) ৷

বৰ্তমানলৈকে দলটোৱে কোনো এখন মেচতেই জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ ফলত DC য়ে তেওঁলোকৰ পৰৱৰ্তী 9 খন খেলৰ ভিতৰত আঠখন জিকিবলৈ মৰণপন যুঁজ দিব লাগিব ৷ তেতিয়াহে নক্ আউট পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা থাকিব । আন এখন খেলত মুখামুখি হৈছে লক্ষ্ণৌ চুপাৰ জায়েন্ট আৰু পঞ্জাব কিংছ (IPL LSG Vs PBKS match) ৷

RCB- বিৰাট কোহলী, ফাফ ডু প্লেছিছ (C), মহিপাল লোমৰোৰ, গ্লেন মেক্সৱেল, শ্বাহবাজ আহমেদ, দিনেশ কাৰ্তিক (Wk), ৱানিন্দু হাচাৰাংগা, হৰ্ষল পেটেল, ৱেইন পাৰনেল, মহম্মদ চিৰাজ, বিজয়কুমাৰ বৈশাক (IPL 2023 RCB beats DC) ৷

DC- ডেভিদ ৱাৰ্ণাৰ (C), মিচেল মাৰ্শ্ব, যশ ধুল, মনীষ পাণ্ডে, অক্ষৰ পেটেল, আমান হাকিম খান, ললিত যাদৱ, অভিষেক পোৰেল (Wk), কুলদীপ যাদৱ, অনৰিখ নৰ্টজে, মুস্তাফিজুৰ ৰহমান

লগতে পঢ়ক : IPL 2023 Updates: 23 ৰাণত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছ; হেৰী ব্ৰুকৰ শতকেৰে হায়দৰাবাদৰ জয়

Last Updated : Apr 15, 2023, 9:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.