ETV Bharat / bharat

S Jaishankars Statement: শক্তি প্ৰয়োগ কৰি কোনেও সলনি কৰিব নোৱাৰে ভাৰতৰ স্থিতি: জয়শংকৰ

author img

By

Published : Jan 15, 2023, 1:28 PM IST

S Jaishankars Statement
শক্তি প্ৰয়োগ কৰি কোনেও সলনি কৰিব নোৱাৰে ভাৰতৰ স্থিতি: জয়শংকৰ

সন্ত্ৰাসবাদ সন্দৰ্ভত পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিলে ভাৰতৰ বৈদেশীক মন্ত্ৰী এছ জয় শংকৰে ৷ এক সভাত বৈদেশীক মন্ত্ৰীগৰাকীয়ে কয় যে, কোনেও বল প্ৰয়োগ কৰি ভাৰতৰ স্থিতি সলনি কৰিব নোৱাৰে ৷ দেশৰ সুৰক্ষাৰ বাবে যি কৰিব লাগে সেয়া কৰিবলৈ সাজু হৈ আছে ভাৰত ৷

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: বাৰে বাৰে বৈদেশীক নীতি উলংঘা কৰি অহা পাকিস্তানক পুনৰ প্ৰত্যুত্তৰ ভাৰতৰ বৈদেশীক মন্ত্ৰী এছ জয়শংকৰৰ(EAM S Jaishankar) ৷ শনিবাৰে চেন্নাইত অনুস্থিত হোৱা এক অনুষ্ঠানত বৈদিশীক মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ প্ৰত্যুত্তৰ আৰু চুক্তি উলংঘা কৰা চীনৰ প্ৰতি ভাৰতৰ স্থিতিয়ে এই কথা স্পষ্ট কৰে যে, ভাৰতৰ ওপৰত কোনেও বল প্ৰয়োগ কৰি ভাৰতৰ স্থিতি সলনি কৰিব নোৱাৰে ৷’’

অনুষ্ঠানত ভাষণ প্ৰসংগত বৈদেশীক মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘ভাৰতে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ যি প্ৰয়োজন সেয়াই কৰিব ৷ ভাৰতে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদ দমনৰ বাবে কাম কৰি আছে ৷ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ কঠোৰ স্থিতিৰ বাৰ্তা প্ৰেৰণ কৰিছে বায়ু সেনাই চলোৱা বালাকোট বিমান আক্ৰমণে ৷ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে 2019 চনত সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে বালাকোট বিমান আক্ৰমণৰ সময়ত ভাৰতে প্ৰথমবাৰৰ বাবে বিমান শক্তি ব্যৱহাৰ কৰিছিল(S Jaishankar statement on China and Pakistan) ।’’

চীন দেশেয়ো ভাৰতৰ সৈতে হোৱা পূৰ্বৰ চুক্তি ভংগ কৰিছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘‘চীনৰ প্ৰতিয়ো ভাৰতৰ প্ৰত্যুত্তৰ অতি দৃঢ় আৰু শক্তিশালী ৷ দেশৰ সীমান্তত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰি ৰখা হৈছে হাজাৰ হাজাৰ সেনা ৷ এতিয়া বিশ্বই ভাৰতক এখন শক্তিশালী আৰু কোনো শক্তি প্ৰয়োগ কৰিলেও স্থিতি সলনি নকৰা দেশ হিচাপে চিনি পাইছে ৷ ’’

ক’ভিড 19ৰ সন্দৰ্ভতো দেশৰ বৈদেশীক মন্ত্ৰীগৰাকীয়ে কয় যে,‘‘ভাৰত হৈছে সফল ক’ভিড ভেকচিনৰ উৎপাদক আৰু আৱিষ্কাৰক(Covid vaccine production in India) ৷ কেৱল নিজৰ বাবেই নহয়, বিশ্বৰ বাবেও ক’ভিড ভেকচিন প্ৰস্তুত কৰিছে ভাৰতে ৷ কিন্তু ভাৰতৰ এই বৃহৎ সফলতাক বহুলোকে তল পেলাবলৈ চেষ্টা কৰি আছে ৷’’

লগতে তেওঁ কয় যে,‘‘ 1947 চনত ভাৰত বিভাজন নোহোৱা হ’লে চীন হয়, ভাৰত বিশ্বৰ সৰ্ববৃহৎ দেশ হ’ল হেতেন ৷ কিন্তু ভাৰতে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ যি কৰিব লাগে সেয়াই কৰিব ৷’’

লগতে পঢ়ক: Covid 19 in China: তিনি মাহত চীনত ক’ভিডে প্ৰাণ ল’লে 60 হাজাৰ লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.