ETV Bharat / bharat

G20 2023: যুটীয়া স্বাস্থ্য, বিত্তমন্ত্ৰীৰ বৈঠকত মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে আলোচনা

author img

By

Published : Aug 20, 2023, 7:22 AM IST

শনিবাৰে গান্ধীনগৰত অনুষ্ঠিত হৈ যায় জি-20 ৰ যুটীয়া স্বাস্থ্য-বিত্তমন্ত্ৰীৰ বৈঠক ৷ উপস্থিত থাকে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৱিয়াৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ গেব্ৰেইছাছ ।

India hosts joint meet of finance, health ministers
বিত্তমন্ত্ৰীৰ বৈঠকত মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে আলোচনা

নেশ্যনেল ডেস্ক, 20 আগষ্ট: ভাৰতৰ অধ্যক্ষতাত শনিবাৰে গুজৰাটৰ গান্ধীনগৰ জিলাত জি-20 ৰ সদস্য দেশৰ মাজত আয়োজিত কৰা হয় এক বৈঠক ৷ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰীসকলৰ যৌথ বৈঠকখনত অংশগ্ৰহণকাৰীসকলে ভাৰতৰ দ্বাৰা অনুমোদিত টাস্ক ফ’ৰ্চৰ বহুবছৰীয়া কৰ্ম পৰিকল্পনাক আদৰণি জনায় । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৱিয়া আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ গেব্ৰেইছাছৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ভৱিষ্যতে যিকোনো ধৰণৰ মহামাৰী প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্যক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হয় ৷

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়া আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ গেব্ৰেইছাছৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ভৱিষ্যতে যিকোনো মহামাৰী প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সন্থাক নিৰন্তৰ শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ বাবে বৰ্ধিত সহযোগিতাৰ জৰিয়তে প্ৰস্তুতি আৰু সঁহাৰি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হয় দুয়োটা মন্ত্ৰণালয় ৷

আলোচনাত দেশসমূহে এই সন্দৰ্ভত প্ৰকাশ কৰে কিছু মতামত, যিবোৰ টাস্ক ফ’ৰ্চৰ বাবে ভৱিষ্যতৰ গতিপথৰ ইংগিত দিয়ে, অৱশ্যে ইয়াৰ মাজতে সীমাৱদ্ধ নহয়, মহামাৰীৰ সময়ত দ্ৰুত আৰু পৰ্যাপ্ত বিত্তীয় সাহায্য নিশ্চিত কৰিবলৈ তথা কাৰ্যকৰীকৰণৰ বাবে সহায়ক পুথি প্ৰস্তুত কৰা; মহামাৰী ষ্ট্ৰেছ টেষ্টৰ উন্নতি ঘটোৱা; দেশ বিশেষে নিৰ্দিষ্ট পৰিস্থিতিসমূহ যথাযথভাৱে বিবেচনা কৰি বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে টাস্ক ফ’ৰ্চৰ সহায়ক ভূমিকা শক্তিশালী কৰা ।

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনৰ পিচত এক বিবৃতিযোগে কয়, "ভাৰতৰ অধ্যক্ষতাত টাস্ক ফ’ৰ্চে প্ৰস্তুত কৰা প্ৰতিবেদনসমূহক মন্ত্ৰীসকলে আদৰণি জনায় ৷ কিয়নো এই প্ৰতিবেদনসমূহে সদস্য দেশসমূহত ভৱিষ্যতৰ মহামাৰীয়ে অৰ্থনীতিত কেনে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে তেওঁলোকৰ বুজাবুজি গভীৰ কৰাত সহায় কৰাই নহয়, বৰ্তমানৰ মহামাৰী প্ৰতিৰোধৰ প্ৰতিষ্ঠানিক আৰু পুঁজিৰ ব্যৱস্থাৰ ব্যৱধানকো দেখুৱাই দিছে ।"

লগতে পঢ়ক: Ladakh Army vehicle plunges: লাডাখত দুৰ্ঘটনাত পতিত সেনাৰ বাহন; 9 জন সৈনিকে হেৰুৱালে প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.