ETV Bharat / bharat

COVID-19 cases in India : দেশত দৈনিক আক্ৰান্তৰ হাৰ ০.৬১ শতাংশলৈ হ্ৰাস

author img

By

Published : May 3, 2022, 2:24 PM IST

COVID
দেশত দৈনিক ক'ভিড আক্ৰান্তৰ হাৰ

যোৱা ২৪ ঘণ্টাত দেশত ২,৫৬৮ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে (Covid new infections in India)। উক্ত সময়চোৱাত ২০ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু । আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৫,৪১,৮৮৭ লৈ বৃদ্ধি হৈছে । দেশত প্ৰায় ১৮৯.২৩ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

নেশ্যনেল ডেস্ক,৩ মে' : পূৰ্বৰ তুলনাত দেশত কভিডৰ সংক্ৰমণ যথেষ্ট খিনি হ্ৰাস পাইছে (Covid infection in India has reduced)। মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২,৫৬৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত পোৱা গৈছে (India logged 2568 new corona virus infections)। ইয়াৰ ফলত দেশত ক'ভিডত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ'লগৈ ৪,৩০,৮৪,৯১৩ টা । আনহাতে দেশত সক্ৰিয় ঘটনা ১৯,১৩৭ লৈ হ্ৰাস পাইছে । চৰকাৰৰ তথ্য অনুসৰি উক্ত সময়চোৱাত ক'ভিড ৰোগী ২০ গৰাকীৰ মৃত্যু হৈছে (20 covid patients die in India)। এই মৃত্যুৰ লগে লগে দেশত মৃতকৰ সংখ্যা ৫,২৩,৮৮৯ লৈ বৃদ্ধি পাইছে । মৃত্যু হোৱা ২০ গৰাকী ৰোগীৰ ভিতৰত ১৫ গৰাকীয়ে কেৰালাৰ, পঞ্জাৱৰ ৩ গৰাকী । মহাৰাষ্ট্ৰ আৰু মিজোৰামত এগৰাকীকৈ কৰ'ণা ৰোগীৰ মৃত্যু হয় । ইফালে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে ।

মন্ত্ৰালয়ে উল্লেখ কৰা মতে যোৱা ২৪ ঘণ্টাত সক্ৰিয় ঘটনা ৩৬৩ টা হ্ৰাস হৈছে । ইয়াৰ মাজতে এক আশাৰ খবৰ যে দৈনিক ক'ভিড আক্ৰান্তৰ হাৰো যথেষ্ট পৰিমাণে হ্ৰাস হৈছে । মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান দৈনিক আক্ৰান্তৰ হাৰ মাত্ৰ ০.৬১ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ ০.৭১ শতাংশ । এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৫,৪১,৮৮৭ লৈ বৃদ্ধি হৈছে । ইফালে দেশজুৰি ক'ভিড টীকাকৰণ অভিযানো অব্যাহত আছে (Covid vaccination drive in India)। এতিয়ালৈকে দেশত প্ৰায় ১৮৯.২৩ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

ভাৰতত ক'ভিড আক্ৰান্তৰ সংখ্যা ২০২০ চনৰ ৭ আগষ্টত আছিল ২০ লাখ, ২৩ আগষ্টত আছিল ৩০ লাখ । সমান্তৰালৈ ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল । একেটা বছৰৰে ১৯ ডিচেম্বৰত আক্ৰান্তৰ সংখ্যা এক কোটিৰ সীমা অতিক্ৰম কৰিছিল ।

লগতে পঢ়ক :ডেনমাৰ্কৰ সহযোগত কলিয়াবৰত প্ৰথমখন ক'ভিড চিকিৎসালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.