ETV Bharat / bharat

Commercial LPG Prices Cut : এইবাৰ হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 2:16 PM IST

ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে ১৯ কেজি বাণিজ্যিক এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য ১৫৮ টকা হ্ৰাস কৰি আন এক ৰাখীবন্ধনৰ উপহাৰ দিয়া বুলি সূত্ৰত প্ৰকাশ । উল্লেখ্য যে দুদিন পূৰ্বে ঘৰুৱা ৰন্ধন গেছৰ মূল্য ২০০ টকা হ্ৰাস কৰা হৈছিল ।

Commercial LPG Prices Cut
Commercial LPG Prices Cut

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ দুদিন পিছত এইবাৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস । এলপিজি গ্ৰাহকসকলক এক গুৰুত্বপূৰ্ণ সকাহ দি ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে (Public sector Oil Marketing Companies) ১৯ কেজি বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১৫৮ টকা হ্ৰাস কৰা বুলি সূত্ৰত প্ৰকাশ । এই নতুন মূল্য শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ'ব । নতুন মূল্য অনুসৰি, দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ খুচুৰা বিক্ৰী মূল্য হ'ব ১,৫২২ টকা ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাখীবন্ধনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে দেশৰ মহিলাসকলক উপহাৰ হিচাপে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰিছিল । এইখিনিতে উল্লেখনীয় যে, বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ বাবে মূল্যৰ মাহিলি সংশোধন প্ৰতিমাহৰ প্ৰথম দিনটোত হয় । সেই অনুসৰি এলপিজি চিলিণ্ডাৰৰ নতুন হাৰ ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব ।

আগষ্টৰ পূৰ্বে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৯৯.৭৫ টকা হ্ৰাস কৰিছিল । আনহাতে, জুলাই মাহত বাণিজ্যিক এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ৭ টকাকৈ বৃদ্ধি কৰা হৈছিল । এই বৃদ্ধিৰ পূৰ্বে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ বাবে একেৰাহে দুবাৰকৈ মূল্য হ্ৰাস কৰা হৈছিল । চলিত বছৰৰ মে' আৰু জুন মাহত এই শ্ৰেণীৰ চিলিণ্ডাৰৰ মূল্য হ্ৰসা কৰা হৈছিল । মে' মাহত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে প্ৰতিটো বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৭২ টকা হ্ৰাস কৰাৰ বিপৰীতে জুন মাহত ইয়াৰ মূল্য ৮৩ টকা হ্ৰাস কৰা হৈছিল ।

আনহাতে, এপ্ৰিল মাহতো ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকাকৈ হ্ৰাস কৰিছিল । পেট্ৰ'লিয়াম আৰু তেল বিপণন কোম্পানীবোৰে চলিত বছৰৰ ১ মাৰ্চত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ৩৫০.৫০ টকা আৰু ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ৫০ টকাকৈ বৃদ্ধি কৰিছিল ।

লগতে পঢ়ক :Rahul Slams Modi: আদানিৰ বিনিয়োগত কাৰ প্ৰকৃত ধন আছে ? ৰাহুল গান্ধীৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.