ETV Bharat / bharat

Rahul Slams Modi: আদানিৰ বিনিয়োগত কাৰ প্ৰকৃত ধন আছে ? ৰাহুল গান্ধীৰ প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:54 PM IST

আদানি বিষয়ত পুনৰ প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰিলে ৰাহুল গান্ধীয়ে । এজন চীনা ব্যক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সহযোগী গৌতম আদানিৰ মালিকানাধীন এটা কোম্পানীত বিনিয়োগ কৰিছে । আদানিয়ে যেতিয়া ভাৰতৰ উন্নয়ন প্ৰকল্প, প্ৰতিৰক্ষা খণ্ডত কাম কৰি আছে, তেন্তে এজন চীনা ব্যক্তিয়ে আদানিৰ কোম্পানীত কেনেদৰে বিনিয়োগ কৰিব পাৰে ? কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে।

Rahul Gandhi
ৰাহুল গান্ধীৰ প্ৰশ্ন

নেশ্যনেল ডেস্ক, 31 আগষ্ট : উদ্যোগপতি গৌতম আদানিৰ কোম্পানীসমূহৰ ওপৰত নতুনকৈ প্ৰকাশ পোৱা অভিযোগৰ পিচত পুনৰ আক্ৰমণকাৰী হৈ পৰিছে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী । ৰাহুল গান্ধীয়ে এই বিষয়ত মোদী চৰকাৰক লক্ষ্য কৰি লৈছে । আদানি গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰ বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কংগ্ৰেছ দলে প্ৰশ্ন উত্থাপন কৰিছে । আদানি গোচৰক লৈ চৰকাৰক ঘেৰি ধৰিছে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে।

কি ক’লে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আদানি গোচৰৰ যৌথ সংসদীয় সমিতি (জেপিচি)ৰ তদন্তৰ দাবী জনাইছে । "আমি জানিব বিচাৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় জেপিচি তদন্ত নিবিচাৰে । ৰাহুলে কয় যে এইটো এটা অতি গুৰুতৰ প্ৰশ্ন । তেওঁ কয় যে আদানি গোচৰে দেশৰ ভাবমূর্তি ক্ষতিগ্ৰস্ত কৰিছে । ৰাহুলে কৈছিল যে অভিযুক্তসকল মোদীৰ ঘনিষ্ঠ । এই খবৰ বিদেশী সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰা হৈছে, ইয়াৰ পিচত ই তদন্তৰ বিষয় নহয় নেকি ? "আদানিয়ে ভাৰতৰ পৰা বিদেশলৈ ধন পঠিয়াইছিল আৰু তাৰ পিচত ইয়াত বিনিয়োগ কৰিছিল । আদানিয়ে যদি প্ৰতিৰক্ষা আৰু আন্তঃগাঁথনিৰ কাম কৰে, তেন্তে দেশৰ নিৰাপত্তাৰ বিষয়টোও ইয়াত অন্তৰ্ভুক্ত হয় ।

ৰাহুল গান্ধীয়ে কয় যে ছেবিত আদানিক ক্লীন চিট দিয়া ব্যক্তিজনেই আদানিৰ কোম্পানীত পৰিচালক হয় । ৰাহুল গান্ধীয়ে কয় যে এইটো স্পষ্ট হোৱা উচিত যে দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা এক বিলিয়ন ডলাৰ আচলতে কাৰ ধন ? এই বিষয়বোৰত সকলোৱে প্ৰশ্ন সুধি থাকিলেও চিবিআই বা ইডিয়ে সেইবোৰৰ তদন্ত নকৰে ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে বৰ্তমান জি-২০ৰ পৰিৱেশৰ সময়ত ভাৰতৰ ভাবমূর্তি ক্ষতিগ্ৰস্ত নোহোৱাটো দৰকাৰী আৰু সেয়েহে এই বিষয়টোৰ তদন্ত কৰাটো প্রয়োজনীয় ৷ ৰাহুলে কয় যে এফালে আমি বিশ্ববাসীক কওঁ যে ভাৰতৰ অৰ্থনীতি স্বচ্ছ, আনহাতে বিদেশী সংবাদ মাধ্যমে যেতিয়া প্ৰশ্ন উত্থাপন কৰে তেতিয়া আপুনি তদন্ত নকৰে । ৰাহুলে লগতে কয় যে আপুনি উত্তৰ দিয়ক, আৰু কওক যে এইটোৱেই তদন্তৰ প্ৰতিবেদন ৷

দৰাচলতে, ওচিচিআৰপি নামৰ এটা সংগঠনে আদানি গ্ৰুপৰ কোম্পানীবোৰত অনিয়ম হোৱা বুলি দাবী কৰিছে । ওচিচিআৰপিয়ে জৰ্জ চোৰোছৰ পৰা টকা লাভ কৰে । চোৰোছেই হিণ্ডেনবাৰ্গ প্ৰতিবেদনো প্ৰকাশ কৰাইছিল । ওচিচিআৰপিৰ প্ৰতিবেদন অনুসৰি, প্ৰমোটাৰৰ আত্মীয়ই মৰিচাছৰ পৰা কোম্পানী গঠন কৰি আদানি গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰ ক্ৰয় কৰিছিল । অৱশ্যে, আদানি গ্ৰুপে এই অভিযোগবোৰ স্পষ্টভাৱে অস্বীকাৰ কৰিছে ৷

এই বিষয়টো কংগ্ৰেছ দলে পুনৰ উত্থাপন কৰিছে । বিষয়টো এনে এক সময়ত উত্থাপিত হৈছে যেতিয়া এফালে চৰকাৰে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ কথা ঘোষণা কৰিছে, আনহাতে মুম্বাইত ভাৰত মিত্ৰজোঁটৰ বৈঠক চলি আছে । এই মিত্ৰজোঁটৰ বৈঠকত ইয়াৰ আহ্বায়কৰ নাম আলোচনা হ’ব পাৰে । বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলে কয় যে ভাৰতৰ ওচৰত নিজা ল’গ’ থাকিব আৰু এই বৈঠকৰ পিচত ইয়াক মুকলি কৰা হ’ব ।

লগতে পঢ়ক : OCCRP report on Adani group : অ'চিচিআৰপিৰ প্ৰতিবেদনৰ ওপৰত আদানি গ্ৰুপৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.