ETV Bharat / bharat

Chanting Mantras Positive Effect : মন্ত্ৰ জপ কৰিলে মানসিক শান্তি পোৱা যায়

author img

By

Published : Nov 15, 2022, 4:57 PM IST

আইআইটিৰ দ্বাৰা কৰা গৱেষণাই (IIT research) প্ৰকাশ কৰিছে যে মন্ত্ৰ জপ কৰিলে মানসিক শান্তি পোৱাৰ লগতে ই চাপ উপশম কৰে । আইআইটিৰ গৱেষণাই দেখুৱাইছে যে মন্ত্ৰ জপ কৰিলে মগজুৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে । যাৰ ফলত মন্ত্ৰ উচ্চাৰণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় (Chanting mantras increases immunity) ।

Mantra
Mantra

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : মন্ত্ৰবোৰৰ এক পৃথক শক্তি আছে আৰু সেইবোৰৰ প্ৰভাৱ শৰীৰ-মন আৰু চাৰিওফালৰ পৰিৱেশত স্পষ্টভাৱে দেখা যায় । ভাৰতীয় সংস্কৃতিত এটা বিশ্বাস আছে যে শাস্ত্ৰত দিয়া মন্ত্ৰবোৰ বিশেষ ধৰণে উচ্চাৰণ কৰিলে বিশেষ প্ৰভাৱ পেলায় । মন্ত্ৰৰ ইতিবাচক বা নেতিবাচক প্ৰভাৱ ইয়াৰ উদ্দেশ্য, ৰূপায়ণ আৰু ব্যৱহাৰৰ পদ্ধতিৰ ওপৰতো নিৰ্ভৰ কৰে । মন্ত্ৰবোৰে মানৱ শৰীৰৰ ওপৰতো প্ৰভাৱ পেলায় । এই তথ্যবোৰৰ আধাৰত, আইআইটি ইন্দোৰত এটা গৱেষণামূলক কাম কৰা হয় (IIT Indore research) । উক্ত গৱেষণাত মন্ত্ৰ জপ কৰাৰ সময়ত তাৰ প্ৰভাৱ কেনেদৰে পৰে সেয়া বিচাৰি উলিওৱা হয় ।

মন্ত্ৰ জপ কৰিলে মানসিক শান্তি প্ৰদান কৰে
মন্ত্ৰ জপ কৰিলে মানসিক শান্তি প্ৰদান কৰে

আইআইটি ইন্দোৰৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগে (Electrical Engineering Department IIT Indore) কৰা উক্ত গৱেষণাই প্ৰকাশ কৰিছে যে 108 বাৰ 'হৰে কৃষ্ণ' মন্ত্ৰ উচ্চাৰণ কৰিলে মগজুৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে । ইয়াৰ উচ্চাৰণত শান্তি আৰু সুখ অনুভৱ হয় আৰু ব্যক্তিজনৰ চাপ আৰু উদ্বেগ হ্ৰাস কৰে । আইআইটি ইন্দোৰৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগে কৰা গৱেষণাৰ বাবে দলটোৱে প্ৰতিষ্ঠানখনৰ পৰা 37 জন লোকক বাছনি কৰিছিল ।

মন্ত্ৰ জপ কৰিলে মানসিক শান্তি প্ৰদান কৰে
মন্ত্ৰ জপ কৰিলে মানসিক শান্তি প্ৰদান কৰে

মন্ত্ৰ জপ কৰাৰ পূৰ্বৰ আৰু পৰৱৰ্তী স্থিতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰা হয় : গৱেষক দলটোৰ মুৰব্বী ডঃ ৰামবিলাস পাচোৰীৰ (Dr Ram Bilas Pachori) মতে, "মগজুৰ পৰা মুখ্যত পাঁচ প্ৰকাৰৰ ফ্ৰিকুৱেন্সি বেণ্ড সংকেত ওলায় (Brain emits five types of frequency bands signals) । ইয়াত থকা আলফা ফ্ৰিকুৱেন্সি বেণ্ড শান্তি আৰু আৰামৰ পৰিচায়ক (Alpha frequency bands for peace and relaxation) ।

মন্ত্ৰ জপ কৰিলে মানসিক শান্তি প্ৰদান কৰে
মন্ত্ৰ জপ কৰিলে মানসিক শান্তি প্ৰদান কৰে

বিটা ফ্ৰিকুৱেন্সি বেণ্ডে উদ্বেগ আৰু উত্তেজনা প্ৰদৰ্শন কৰে (Beta frequency band shows anxiety and tension) । জপ কৰাৰ পিছত আলফা বেণ্ডৰ শক্তি বৃদ্ধি হয় আৰু বিটাৰ শক্তি হ্ৰাস হয় (Mantra Chanting increases alpha band) । মগজুৰ ইইজি সংকেত (Brain EEG signals) ৰেকৰ্ড কৰিবলৈ এটা টুপী পিন্ধিবলৈ দিয়া হৈছিল, য'ত 10 টা ইলেক্ট্ৰ'ড আছিল । জপ কৰাৰ আগত আৰু পিছত 90-90 ছেকেণ্ডৰ সমান সমান সময়ৰ বাবে একে অৱস্থাত মগজুৰ সংকেত লিপিবদ্ধ কৰা হৈছিল ।"

গৱেষণাৰ কামৰ সময়ত এইটো প্ৰকাশ কৰা হয় যে মন্ত্ৰ জপ কৰিলে মগজুৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে (Positive effect of chanting mantras) । লগতে ব্যক্তিজনৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে (Chanting mantras increases immunity) ।

লগতে পঢ়ক :Yoga for lungs: যোগ-ব্যায়ামৰ জৰিয়তে সুস্থ-সবল কৰি ৰাখক হাঁওফাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.