ETV Bharat / bharat

CJI comments on humanity : আইনত থাকিব লাগে মানৱতাৰ স্পৰ্শ: মুখ্য ন্যায়াধীশ

author img

By

Published : Apr 8, 2023, 12:46 PM IST

CJI DY Chandrachud
CJI DY Chandrachud

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শুকুবাৰে কয় যে সকলো মানুহৰ স্বাৰ্থ পূৰণৰ বাবে আইনত মানৱতাৰ স্পৰ্শ থাকিব লাগিব । তেওঁ কয় যে সমস্যাবোৰ দূৰ কৰিবলৈ ইয়াক সদায় সংবেদনশীলতাৰে ব্যৱহাৰ কৰিব লাগে (CJI comments on humanity) ।

নিউজ ডেস্ক, ৮ এপ্ৰিল : বৰ্তমান চলি আছে গুৱাহাটী উচ্চ ন্যায়ালায়ৰ মহাৰজত জয়ন্তী অনুষ্ঠান (Gauhati High Court Platinum Jubilee) । ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে এই মহাৰজত জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি গৈছে (President Droupodi Murmu attend GHC platinum jubilee) । ইয়াত অংশগ্ৰহণ কৰিছে দেশৰ মুখ্যন্যায়াধীশেও । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 'মহাৰজত জয়ন্তী' অনুষ্ঠানত ভাষণ দি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শুকুৰবাৰে কয় যে আইনত মানৱতাৰ স্পৰ্শ থাকিব লাগে । লগতে সমস্যাৰ মূল কাৰণবোৰ সমাধান কৰিবলৈ সদায় সংবেদনশীলতাৰে ইয়াৰ ব্যৱহাৰ কৰিব লাগে (CJI comments on humanity) । ন্যায়াধীশ চন্দ্ৰচূড়ে লগতে কয় যে আইনখনে যিসকল সম্প্ৰদায়ৰ ওপৰত প্ৰয়োগ কৰিব লাগিব তেওঁলোকৰ বাস্তৱতাক বিবেচনা কৰা উচিত ।

  • #WATCH | "...Confidence & faith of citizens lies in fierce sense of our own judicial independence...Constitutional statesmanship requires deliberation and dialogue and not public grandstanding": CJI (07.04) pic.twitter.com/OPt9G8c3QP

    — ANI (@ANI) April 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ কয় যে বুদ্ধিমত্তাৰে ব্যাখ্যা আৰু ৰূপায়ণ কৰা আইনখনৰ মানুহৰ সামাজিক গাঁথনিৰ ওপৰত বিশ্বাস থাকে আৰু ই ন্যায়ৰ দিশত এক পদক্ষেপ । "আইনখনত মানৱতাৰ স্পৰ্শ থাকিব লাগে... আইনখনে সকলোৰে স্বাৰ্থ পূৰণ কৰাটো নিশ্চিত কৰিবলৈ এটা মানৱীয় স্পৰ্শ অপৰিহাৰ্য । সমতা আৰু বৈচিত্ৰৰ প্ৰতি সহানুভূতি আৰু সন্মান থাকিব লাগে ।" তেওঁ কয় (CJI DY Chandrachud) ।

  • #WATCH | Assam: A humane touch of law is essential for ensuring the law serves needs of all the people...When the law is wielded without principle it can carry the burden of arbitrariness...: CJI DY Chandrachud at platinum jubilee celebrations of the Gauhati High Court (07.04) pic.twitter.com/k94hocMOnw

    — ANI (@ANI) April 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানত সৰ্বসাধাৰণৰ স্বাৰ্থ পূৰণৰ বাবে আইনত মানৱতাৰ স্পৰ্শ থাকিব লাগে বুলি উল্লেখ কৰে । আনহাতে, সমস্যাবোৰ আঁতৰাবলৈ আইনক সদায় সংবেদনশীলতাৰে ব্যৱহাৰ কৰিব লাগে বুলিও তেওঁ কয় । বুদ্ধিমত্তাৰে ব্যাখ্যা কৰি আইন কাৰ্যকৰী কৰিলে মানুহৰ সামাজিক গাঁথনিৰ ওপৰত বিশ্বাস থাকে । লগতে ই ন্যায় প্ৰাপ্তিৰ দিশত এক পদক্ষেপ হ'ব বুলি তেওঁ কয় ।

এক কথাত ক'বলৈ গ'লে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়পালিকাৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, ন্যায়পালিকাৰ বৈধতা নাগৰিকসকলৰ পৰা পোৱা বিশ্বাসৰ ওপৰত নিহিত হৈ আছে । ন্যায়পালিকাৰ ওপৰত মানুহৰ বিশ্বাস অতি গুৰুত্বপূৰ্ণ । আইনে সকলো মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো নিশ্চিত কৰিবলৈ আইনৰ মানৱীয় স্পৰ্শ অপৰিহাৰ্য বুলি তেওঁ উল্লেখ কৰে (CJI comments on humanity in law) ।

লগতে পঢ়ক :PM Modi In Hyderabad : কেইবা কোটি টকাৰ প্ৰকল্প উদ্ঘাটনৰ বাবে হায়দৰাবাদত উপস্থিত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.