ETV Bharat / bharat

PM Modi In Hyderabad : কেইবা কোটি টকাৰ প্ৰকল্প উদ্ঘাটনৰ বাবে হায়দৰাবাদত উপস্থিত প্ৰধানমন্ত্ৰী

author img

By

Published : Apr 8, 2023, 11:23 AM IST

প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে চেকেন্দ্ৰাবাদ-মেহবুবনগৰ প্ৰকল্পৰ দ্বৈত আৰু বৈদ্যুতিকৰণ দেশবাসীক উৎসৰ্গা কৰিব । ৮৫ কিলোমিটাৰতকৈও অধিক দূৰত্বলৈ বিস্তৃত হৈ থকা এই প্ৰকল্পটো প্ৰায় ১,৪১০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে । প্ৰকল্পটোৱে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব আৰু ৰে'লৰ গড় গতি বৃদ্ধিত সহায় কৰিব । আনহাতে, পেৰেড গ্ৰাউণ্ডত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ এইমছ বিবিনগৰৰ আধাৰশিলা স্থাপন কৰিব (PM Modi In Hyderabad) ।

PM Modi In Hyderabad
PM Modi In Hyderabad

নিউজ ডেস্ক, ৮ এপ্ৰিল : তেলেংগানা বিধানসভাৰ নিৰ্বাচন সমাগত (Telengana election 2023) । এই বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনত উপস্থিত হৈছেগৈ (PM Modi visited Telangana) । শনিবাৰে প্ৰধানমন্ত্ৰী মোডী হায়দৰাবাদত উপস্থিত হয় (PM Modi In Hyderabad) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে চেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰাৰ উপৰি তেলেংগানাত ১১,৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰিব ।

হায়দৰাবাদ ভ্ৰমণৰ সময়ছোৱাত মোডীয়ে পেৰেড গ্ৰাউণ্ডত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । তেওঁ হায়দৰাবাদৰ নিকটৱৰ্তী অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল চায়েন্সেছ (AIIMS Hyderabad foundation stone laid by Modi) বিবিনগৰ আৰু পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰীয়ে চেকেন্দ্ৰাবাদ ৰে'ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰে'ল সম্পৰ্কীয় অন্যান্য উন্নয়নমূলক প্ৰকল্পসমূহ দেশবাসীক উৎসৰ্গা কৰিব । উল্লেখ্য, হায়দৰাবাদক ভগৱান ভেঙ্কটেশ্বৰৰ তিৰুপতি মন্দিৰ চহৰৰ সৈতে সংযোগ কৰা চেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ হৈছে তেলেংগানাৰ পৰা তিনি মাহতকৈও কম সময়ৰ ভিতৰত মুকলি কৰা দ্বিতীয়খন বন্দে ভাৰত ৰে'ল । এই ৰে'লখনৰ সেৱা আৰম্ভ হোৱাৰ লগে লগে দুয়োখন চহৰৰ মাজত ভ্ৰমণৰ সময় প্ৰায় চাৰে তিনি ঘণ্টা হ্ৰাস পাব । যিটো বিশেষকৈ তীৰ্থযাত্ৰীসকলৰ বাবে লাভজনক হ'ব ।

চেকেন্দ্ৰাবাদ ৰে'ল ষ্টেচনটো ৭২০ কোটি টকা ব্যয়েৰে পুনৰ বিকশিত কৰা হ'ব । এই ষ্টেচনটো এনেদৰে পৰিকল্পনা কৰা হৈছে যে ই বিশ্বমানৰ সুবিধাৰে সজ্জিত এটা অতি সুন্দৰ ৰে'ল ষ্টেচনৰ দৰে দেখা যাব । ইয়াৰ উপৰি হায়দৰাবাদ ভ্ৰমণৰ সময়তে মোডীয়ে হায়দৰাবাদ-চেকেন্দ্ৰাবাদ অঞ্চলৰ উপনগৰীয় শাখাত ১৩ টা নতুন মাল্টি-মডেল পৰিবহণ সেৱা (এমএমটিএছ) উদ্বোধন কৰিব । এই প্ৰকল্পৰ দ্বাৰা যাত্ৰীসকলক দ্ৰুত, সুবিধাজনক আৰু আৰামদায়ক ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব বুলি ইতিমধ্যে বৃহস্পতিবাৰে এক ৰে'লৱে প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে ।

উল্লেখ্য, এক চৰকাৰী বিজ্ঞপ্তিত পূৰ্বতেই কোৱা হৈছে যে এইটো সমগ্ৰ দেশতে স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ প্ৰমাণ । মোডীয়ে ৭,৮৫০ কোটি টকাৰো অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলাস্থাপন কৰিব । এই পথ প্ৰকল্পসমূহে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ দুয়োখন ৰাজ্যৰে মাজত পথ সংযোগ শক্তিশালী কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব । মোডীয়ে হায়দৰাবাদ ভ্ৰমণ কৰাৰ পিছত একেদিনাই তামিলনাডুলৈ ৰাওনা হোৱাৰ কথা আছে ।

লগতে পঢ়ক :President Murmu Assam visit : অসম ভ্ৰমণৰ অন্তিম দিনটোত তেজপুৰৰ বায়ুসেনা ঘাটিত ভাৰতৰ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.