ETV Bharat / bharat

cannabis seized in Tripura: ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

author img

By

Published : Nov 3, 2022, 2:20 PM IST

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা উপ-সংমণ্ডলৰ অন্তৰ্গত হাৱাইবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Ganja seized at Tripura)। আৰক্ষীয়ে ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিছে । জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য় এক কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

cannabis seized in Tripura
ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

আগৰতলা,৩ নৱেম্বৰ: উত্তৰ-পূৱৰ ৰাজ্যসমূহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে (Operation against drugs in NE)। শেহতীয়াকৈ অসমৰ লগতে আন ৰাজ্যসমূহতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই ক্ষেত্ৰত সকলোতকৈ সফল হৈছে ত্ৰিপুৰা (Raid against Drugs in Tripura)।

ইয়াৰ মাজতে ত্ৰিপুৰা আৰক্ষীয়ে মঙলবাৰে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে (Tripura Police seized cannabis)। খোৱাই জিলাৰ তেলিয়ামুৰা উপ-সংমণ্ডলৰ অন্তৰ্গত হাৱাইবাৰী অঞ্চলত এক কোটি টকা মূল্য়ৰ গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য় যে নিয়মীয়া পৰীক্ষাৰ সময়ত আৰক্ষীয়ে এই গাঞ্জাখিনি উদ্ধাৰ কৰে । ধৃত লোকজন শ্বেৰ সিনহা (one man arrested at Teliamur of Khowai) বুলি ত্ৰিপুৰা আৰক্ষীয়ে সদৰি কৰিছে ।

আৰক্ষীয়ে সদৰি কৰা মতে, আজি তেলিয়ামুৰা হাৱাইবাৰীত বাহনত তালাচী চলোৱাৰ সময়ত সন্দেহজনক অৱস্থাত এখন বাঁহভৰ্তি ট্ৰাক জব্দ কৰি তেলিয়ামুৰা থানালৈ অনা হয় (Teliamura police station)। আৰক্ষীয়ে উক্ত ট্ৰাকখনত ১১৯ টা পেকেটত ৰখা ১১৯০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।

ইপিনে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ঘোষণা কৰা মতে, উত্তৰ-পূবৰ ভিতৰত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা (Tripura tops in NE in terms of seizures of drugs)। তেওঁ উল্লেখ কৰা মতে, ২০১৮ চনৰ পৰা ২০২২ চনৰ আগষ্টলৈকে নিচাজাতীয় দ্ৰব্য সৰবৰাহ সন্দৰ্ভত ৰুজু হোৱা ১,৭৭৬ টা গোচৰ সন্দৰ্ভত প্ৰায় ২,৭০১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Total NDPS cases in Tripura)।

মুখ্যমন্ত্ৰী ডাঃমানিক সাহাই উল্লেখ কৰা মতে ৰাজ্যখনত ১ লাখ ৯২ হাজাৰ কিলোগ্ৰামতকৈও অধিক গাঞ্জা, ৮ লাখ ৮ হাজাৰ ৩৮ টা কফ চিৰাপৰ বটল, ৪৫ লাখ ৬৩ হাজাৰ নিচাজাতীয় টেবলেট আৰু ১৮,০৭৩ গ্ৰাম হেৰ'ইন জব্দ কৰা হৈছে ।

লগতে পঢ়ক:Eviction in Guwahati:গণেশগুৰিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.