ETV Bharat / bharat

Gehlot vs Pilot tiff : গেহলট-পাইলটৰ শীতল যুদ্ধ অৱসানৰ চেষ্টা কংগ্ৰেছ নেতৃবৃন্দ

author img

By

Published : May 27, 2023, 6:34 PM IST

ৰাজস্থানৰ দায়িত্বত থকা এআইচিচিৰ নেতা সুকজিন্দৰ সিং ৰান্ধাৱাই জনোৱা মতে, দলটোৱে শীঘ্ৰেই অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ সমস্যাসমূহ সমাধান কৰিব । লগতে কয় যে পাইলটে নিৰ্ধাৰণ কৰা ৩১ মে'ৰ সময়সীমাৰ পূৰ্বে দলৰ পৰিচালকসকলে এক সফলতাৰ আশা কৰিছে (Congress to minimize gehlot pilot conflict) ।

Gehlot vs Pilot tiff
Gehlot vs Pilot tiff

নিউজ ডেস্ক, ২৭ মে' : আলোচনাৰ জৰিয়তে এক উমৈহতীয়া পথ বিচাৰি উলিওৱাৰ প্ৰয়াস বিফল হোৱাৰ বাবে কংগ্ৰেছে অশোক গেহলট আৰু শচীন পাইলট শিবিৰৰ মাজৰ বিবাদ সমাধানৰ ক্ষেত্ৰত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে (Ashok Gehlot vs Sachin Pilot conflict in Rajasthan) । দলৰ ভিতৰুৱা সূত্ৰত এই কথা জানিব পৰা গৈছে ।

অৱশ্যে কংগ্ৰেছে আশা ব্যক্ত কৰিছে যে দলটোৱে শীঘ্ৰেই মুখ্যমন্ত্ৰী গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ সমস্যাসমূহ সমাধান কৰিব (Gehlot vs Pilot tiff) । "আমি সমস্যা সমাধানৰ বাবে কাম কৰি আছোঁ । শীঘ্ৰেই ৰাজ্যখনৰ সমস্যাসমূহ সমাধান কৰিব পাৰিম বুলি আশা কৰিছোঁ ।" ৰাজস্থানৰ দায়িত্বত থকা এআইচিচিৰ নেতা সুকজিন্দৰ সিং ৰান্ধাৱাই ইটিভি ভাৰতৰ প্ৰতিনিধিৰ আগত এনেদৰে কয় । উল্লেখ্য, ২৪ মে'ত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ (AICC president Mallikarjun Kharge) উপস্থিতিত দলটোৰ মুখ্য কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতাসকলৰ এক নিৰ্বাচনী ৰণনীতি সভা আহ্বান কৰা হৈছিল । পাইলটকো উক্ত বৈঠকত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছিল (Congress to minimize gehlot pilot conflict) ।

অৱশ্যে উক্ত ৰণনীতি বৈঠক খন ২৬ মে'লৈ পিছুৱাবলগা হয় (congress strategy meeting in Rajasthan) । কিন্তু শুকুৰবাৰেও অনুষ্ঠিত নহ'ল এই বৈঠক । কিয়নো আলোচনাৰ জৰিয়তে গেহলট আৰু পাইলট শিবিৰৰ মাজত বিবাদ মীমাংসাৰ কোনো উমৈহতীয়া পথ উলিয়াব পৰা নগ'ল । এই কথা দলৰ আভ্যন্তৰীণ সূত্ৰত প্ৰকাশ । উল্লেখ্য যে যোৱা ১৫ মে'ত পাইলটে গেহলটক প্ৰত্যাহ্বান জনোৱাৰ পিচৰে পৰা দলৰ নেতাসকলে সমস্যা সমাধানৰ এটা মধ্যৱৰ্তী পথ বিচাৰি আছিল । উক্তদিনা ৰাজস্থানৰ যুৱ নেতাজনে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ পাঁচদিনীয়া জন সংগ্ৰাম যাত্ৰা সমাপ্ত কৰিছিল ।

পাইলটে কয়, "যদি মুখ্যমন্ত্ৰীয়ে ৩১ মে'ৰ ভিতৰত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ সৈতে সম্পৰ্কিত দুৰ্নীতিৰ গোচৰত কোনো ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰাত ব্যৰ্থ হয়, তেন্তে মই ৰাজ্যজুৰি আন্দোলন কৰিম ।" কিন্তু পাইলটৰ এই বক্তব্যৰ সুৰ এআইচিচিৰ নেতাসকলে পছন্দ নকৰাটো স্পষ্টভাৱে প্ৰকাশ পাইছিল । তথাপি খাৰ্গেয়ে এতিয়াও তেওঁলোকক শান্ত হৈ থাকিবলৈ আৰু গেহলট আৰু পাইলটৰ মাজত এক শান্তি সূত্ৰ অন্বেষণ কৰিবলৈ নিৰ্দেশ দিছে ।

সূত্ৰ অনুসৰি, গেহলটে বসুন্ধৰা ৰাজেৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ ভাৱত নাই । তেওঁ কয় যে বিধানসভা নিৰ্বাচনৰ বাবে কম সময় বাকী থকাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰাটো সম্ভৱ নহ'ব । কিয়নো এনে তদন্ত প্ৰতিবেদনত অধিক সময় লাগিব ।

"খাৰ্গেয়ে গেহলটক বিশ্বাস কৰে, কিন্তু পাইলটৰ হাততো পৰাজিত হ'ব নিবিচাৰে । সেয়েহে মিলামিচাৰ বাবে এক প্ৰচেষ্টা চলি আছে ।" এআইচিচিৰ এজন কৰ্মীয়ে কয় । উল্লেখ্য, চলিত বছৰৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান হৈছে কংগ্ৰেছৰ বাবে এই মুহূৰ্তত এক ডাঙৰ ৰাজনৈতিক যুঁজ ।

লগতে পঢ়ক :KCR Kejriwal Meeting : দিল্লী অধ্যাদেশ সন্দৰ্ভত কেচিআৰক সাক্ষাৎ কেজৰিৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.