ETV Bharat / bharat

Hema Malini tweet: বিহুক বিহাৰৰ সজোৱা সাংসদ হেমা মালিনীৰ টুইটে লগাইছে তোলপাৰ

author img

By

Published : Apr 13, 2023, 11:07 PM IST

Updated : Apr 14, 2023, 12:37 AM IST

বিহাৰ পালেহৈ অসমৰ বাপতি সাহোন বিহু ! বিহু বিষয়ক মন্তব্য কৰি সমালোচনাৰ সন্মুখীন বিজেপিৰ তাৰকা সাংসদ হেমা মালিনী(Hema Malini tweet on Bihu ) ৷

Hema Malini tweet on Bihu
বিহু বিহাৰৰ উৎসৱ- সাংসদ হেমা মালিনীৰ বিতৰ্কতি টুইট

নিউজ ডেস্ক, 13 এপ্ৰিল: অসমৰ বিহুৱে গীনিজ বুকত অভিলেখ ৰচনা কৰাৰ পিচতেই হেমা মালিনীৰ এটা টুইট (Hema Malini tweet on Bihu) সৰ্বত্ৰে সমালোচিত হৈছে ৷ বিহু হৈছে বিহাৰৰ উৎসৱ ৷ টুইটযোগে এই কথা উল্লেখ কৰিছিল বিজেপিৰ সাংসদ হেমা মালিনীয়ে ৷ সাম্যক ভৌগোলিক জ্ঞানশূন্য মানুহৰ দৰেই বিজেপিৰ সাংসদগৰাকীয়ে কৰা এই টুইটে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷

টুইটটোত হেমা মালিনীয়ে উল্লেখ কৰিছিল যে "এতিয়া শস্য চপোৱাৰ বতৰ । তামিজ পুথাণ্ডু (নৱবৰ্ষ), বৈশাখী (পঞ্জাৱ), বিহু (বিহাৰ) আৰু পেহেলা বইশাখ বা নৱবৰ্ষ (পশ্চিমবংগ) ত এই সমূহ উৎসৱ উদযাপন কৰা হয় । আপোনালোক সকলোকে এক উৎসৱপূৰ্ণ মাহৰ শুভেচ্ছা জনাইছো ৷

উল্লেখ্য যে, বিগত বৰ্ষত নলবাৰীত হোৱা ৰাস মহোৎসৱত 14 নৱেম্বৰত বলীউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীক আমন্ত্ৰণ কৰা হৈছিল ৷ নলবাৰীৰ বিশাল ৰাইজে উষ্ম আদৰণি জনাইছিল অভিনেত্ৰীগৰাকীক ৷ কিন্তু এতিয়া বিহু বিষয়ক এই ভুল টুইট কৰি সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰী সাংসদগৰাকী ৷

স্মৰ্তব্য যে, আজিৰ দিনটোত মুঠ ১১৩০৪ বিহুৱা-বিহুৱতীয়ে সৰুসজাই ষ্টেডিয়ামত বিহুনাচ প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত ন‍াম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে (Largest Bihu dance performance) ৷ কেৱল এয়াই নহয় তিনি হাজাৰৰো অধিক ঢুলীয়াই ঢোলবাদন প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰি বাপতি সাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে ৷ 100 কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এই মেগা বিহু ইভেণ্টৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ অসমবাসী ।

পূৰ্বতে ১৪ এপ্ৰিলৰ মূল অনুষ্ঠ‍ানতে গীনিজ ৰেকৰ্ড হোৱাৰ কথা আছিল যদিও ১৩ এপ্ৰিলতে সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ আনুষ্ঠানিকতা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয় । সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা ৭.১৫ বজাৰ ভিতৰত গীনিজ ৰেকৰ্ডৰ বাবে দুয়োটা অনুষ্ঠান সম্পন্ন কৰা হয় ।

গীনিজ ৰেকৰ্ডৰ বাবে ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰাৰ উপৰি তিনি হাজাৰৰো অধিক ঢুলীয়াই ঢোলবাদন পৰিৱেশন কৰে ।উল্লেখ্য যে, ১৪ এপ্ৰিল অর্থাৎ গৰু বিহুৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিহু নৃত্যৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মূল অনুষ্ঠানটো অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: LPG bottling plant in Goalpara: গোৱালপাৰাত এল পি জি বটলিং প্লেণ্ট উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

Last Updated :Apr 14, 2023, 12:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.