ETV Bharat / bharat

Wrestlers Protest at Jantar Mantar : যন্তৰ-মন্তৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

author img

By

Published : May 4, 2023, 1:41 PM IST

protesting wrestlers and police scuffle
protesting wrestlers and police scuffle

যন্তৰ-মন্তৰত মল্লযোদ্ধাসকলৰ প্ৰতিবাদস্থলীত বুধবাৰে নিশা সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত ৰাজ্যসভাৰ সাংসদ দীপেন্দ্ৰ হুডা আৰু দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালক অন্যান্যসকলৰ সৈতে দিল্লী আৰক্ষীয়ে আটক কৰে । তেওঁলোকে মল্লযোদ্ধাসকলক সমৰ্থন কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছিল (protesting wrestlers and police scuffle) ।

নিউজ ডেস্ক, ৪ মে' : দিল্লীৰ যন্তৰ-মন্তৰত বিগত প্ৰায় দহ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে কেইবাগৰাকীও মল্লযোদ্ধাই (Wrestlers Protest at Jantar Mantar) । ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই ঘটনাত ভাৰতীয় অলিম্পিক সংস্থা তথা কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰিছে অভিযোগকাৰী মল্লযোদ্ধাসকলে (WFI chief alleged sexual harassment) ।

লগতে তেওঁলোকৰ দাবী, ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙে পদত্যাগ কৰিব লাগে (WFI president controversy) । তাৰ মাজতে ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পিটি ঊষাই প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ এই প্ৰতিবাদক সমালোচনা কৰে । অৱশ্যে তাৰ পিছত তেওঁ বুধবাৰে প্ৰতিবাদস্থলীত গৈ প্ৰতিবাদকাৰীসকলক লগ কৰি তেওঁলোকৰ সমস্যা সমাধানৰো প্ৰতিশ্ৰুতি প্ৰদান কৰি আহে । কিন্তু তাৰ পিছতে বুধবাৰে নিশাৰ ভাগত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু দিল্লী আৰক্ষীৰ মাজত এক হতাহতিৰ ঘটনা সংঘটিত হয় (protesting wrestlers and police scuffle) । এই ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ চাৰিওফালে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । সূত্ৰ অনুসৰি, উক্ত স্থানত প্ৰচুৰ পৰিমাণে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু সমগ্ৰ অঞ্চলটো বেৰিকেডেৰে ঘেৰি পেলোৱা হৈছে (Security beefed up around Jantar Mantar) ।

ইফালে আৰক্ষীয়ে ৰাজ্যসভাৰ সাংসদ দীপেন্দ্ৰ হুডা আৰু দিল্লী মহিলা আয়োগৰ (Delhi Commission for Women) অধ্যক্ষ স্বাতী মালিৱালক আটক কৰে । তেওঁলোকে মল্লযোদ্ধাসকলক সমৰ্থন কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছিল । ইয়াৰ উপৰি প্ৰায় ১৫ জন লোককো আটক কৰি এখন বাছত তোলা হয় । তাৰে মাজতে কিছু লোকে 'জয় জোৱান জয় কিষাণ' আৰু 'ভাৰত মাতা কী জয়' শ্লোগান দিয়া শুনা যায় ।

আনহাতে, আপৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজেও দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ ঘটনাস্থলীত উপস্থিত হয় । উল্লেখ্য, প্ৰতিবাদকাৰী দেশৰ আগশাৰীৰ মল্লযোদ্ধাসকলৰ ভিতৰত আছে বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাট । তেওঁলোকে ২৩ এপ্ৰিলৰ পৰা যন্তৰ-মন্তৰত ভাৰতীয় কুস্তি ফেডাৰেচনৰ (Wrestling Federation of India, WFI) মুৰব্বী তথা উত্তৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ব্ৰীঞ্জ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰি আছে (Brij Bhushan Singh sexual harassment charges) ।

অভিযোগ অনুসৰি, বুধবাৰে নিশা যন্তৰ-মন্তৰত প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু কিছু আৰক্ষী কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । যাৰ ফলত কেইজনমান প্ৰতিবাদকাৰীয়ে মূৰত আঘাত পায় । মল্লযোদ্ধাসকলে অভিযোগ কৰিছে যে তেওঁলোকক আৰক্ষীয়ে টনা-আঁজোৰা কৰে । ইফালে ঘটনাটো সংঘটিত হোৱাৰ পিছত কংগ্ৰেছ নেতা দীপেন্দ্ৰ হুদা আৰু আম আদমী পাৰ্টীৰ বিধায়ক সোমনাথ ভাৰতীকে ধৰি চাৰিজন লোকক আটক কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত এটা ভিডিঅ'ত কিছুমান প্ৰতিবাদকাৰীয়ে এজন আৰক্ষীয়ে সুৰাৰ নিচাত দুজন মল্লযোদ্ধাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা শুনা যায় । অভিযুক্ত আৰক্ষীজনক ভিডিঅ'টোত বহি থকা দেখা গৈছে । আনহাতে, প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে তেওঁৰ সহকৰ্মীসকলে সেই সময়ত মূক দৰ্শকৰ ভূমিকা প্ৰদৰ্শন কৰিছিল ।

লগতে পঢ়ক :Manipur violence updates : মণিপুৰত সেনাৰ ফ্লেগ মাৰ্চ; আঠখন জিলাত কাৰ্ফিউ, ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.