ETV Bharat / bharat

Manipur violence updates : মণিপুৰত সেনাৰ ফ্লেগ মাৰ্চ; আঠখন জিলাত কাৰ্ফিউ, ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

author img

By

Published : May 4, 2023, 11:04 AM IST

Updated : May 4, 2023, 12:27 PM IST

Manipur violence updates
অনিয়ন্ত্ৰিত অৱস্থাত আছে মণিপুৰৰ পৰিস্থিতি

অনিয়ন্ত্ৰিত অৱস্থাত আছে মণিপুৰৰ পৰিস্থিতি ৷ ইতিমধ্যে মণিপুৰৰ আঠখন জিলাত কাৰ্ফিউ দিয়াৰ লগতে সেনাই বাহিৰ কৰিছে ফ্লেগ মাৰ্চ (Army staged a flag march in violence hit Manipur) ৷ ইতিমধ্যে ৫ দিনৰ বাবে মণিপুৰত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা (Mobile internet suspended for five days in Manipur) ৷

তেজপুৰ, ৪ মে’ : মণিপুৰৰ বিশেষকৈ চুৰাচান্দপুৰ, ইম্ফল, কেপিআইৰ অঞ্চলত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতি ৷ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে মণিপুৰৰ পৰিস্থিতি ৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে মোতায়েন কৰা হৈছে সেনা জোৱানসহ অসম ৰাইফলছক ৷ আনকি বৃহস্পতিবাৰে পুৱা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ হেতুকে মণিপুৰত সেনাই ফ্লেগ মাৰ্চ বাহিৰ কৰে (Army staged a flag march in violence hit Manipur) ৷ ম্যানমাৰ কুকি উগ্ৰপন্থীৰ লগতে ATSUM ৰ ম্যানমাৰ সমৰ্থনতেই এই ঘটনাৰ সংঘটিত কৰা বুলি জানিব পৰা গৈছে ।

Manipur violence updates
৫ দিনৰ বাবে মণিপুৰত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা

‘‘মণিপুৰত অসামৰিক প্ৰশাসনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সেনা আৰু আছাম ৰাইফলছে ততাতৈয়াকৈ ৩ মে’ৰ সন্ধিয়া সকলো ক্ষতিগ্ৰস্ত অঞ্চলতে এৰিয়া ডমিনেচনৰ বাবে পৰ্যাপ্ত সংখ্যক কল’ম নিয়োগ কৰে । আইন-শৃংখলা পুনৰুদ্ধাৰৰ লগতে অধিকাংশ লোকক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা বৰ্তমানো অব্যাহত আছে ৷’’ এই কথা সদৰী কৰিছে প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে ।

Manipur violence updates
অনিয়ন্ত্ৰিত অৱস্থাত আছে মণিপুৰৰ পৰিস্থিতি

বাতৰি যুগুত কৰা পৰলৈকে হিংসাত্মক অঞ্চলৰ পৰা সেনা বাহিনীয়ে ৪ হাজাৰ লোকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰিছে (Army shifted 4000 people) ৷ আনকি অধিক লোকক ইতিমধ্যে নিৰাপদ স্থানলৈয়ো স্থানান্তৰ কৰা হৈছে বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে । ইফালে বুধবাৰে সন্ধিয়া মণিপুৰ চৰকাৰে ৰাজ্যজুৰি আগন্তুক পাঁচ দিনলৈ বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা (Mobile internet suspended for five days in Manipur) আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিভিন্ন জিলাত ১৪৪ ধাৰা CrPC ৰ অধীনত সান্ধ্য আইন জাৰি কৰা হৈছে ৷

Manipur violence updates
মণিপুৰৰ আঠখন জিলাত কাৰ্ফিউ

উল্লেখ্য যে, অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদাৰ দাবীত বুধবাৰে চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত সদৌ জনজাতি ছাত্ৰ সন্থা, (All Tribal Student Union Manipur চমুকৈ ATSUM) মণিপুৰৰ আহ্বানত মৰ্মে "জনজাতি সংহতি মাৰ্চ" (Tribal Solidarity March) ৰূপায়ণ কৰা হৈছিল ৷ এই প্ৰতিবাদী সমাৱেশত হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে অংশগ্ৰহণ কৰিছিল ৷ য’ত টৰবুং অঞ্চলত আদিবাসী আৰু অজনজাতি লোকৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক : Ukraine tried to assassinate Putin: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱনত ড্ৰ’ণেৰে ইউক্ৰেইনৰ আক্ৰমণ

Last Updated :May 4, 2023, 12:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.