ETV Bharat / bharat

Gyanvapi survey continue: জ্ঞানবাপি চৌহদত অব্যাহত জৰীপ, 2 ছেপ্টেম্বৰৰ ভিতৰত আদালতত প্ৰতিবেদন দাখিলৰ সম্ভৱনা

author img

By

Published : Aug 8, 2023, 12:59 PM IST

Gyanvapi survey continue
জ্ঞানবাপি চৌহদত অব্যাহত জৰীপ

মঙলবাৰেও বাৰাণসীত অব্যাহত থাকিব জ্ঞানবাপি চৌহদৰ এ এছ আই জৰীপৰ কাৰ্যবিধি । সোমবাৰে দলটোৱে মূল গম্বুজৰ লগতে বেছমেণ্ট আৰু পশ্চিম দেৱাল পৰীক্ষা কৰিছিল ।

নেশ্যনেল ডেস্ক, 8 আগষ্ট : বিতৰ্কিত জ্ঞানবাপীৰ চৌহদত ভাৰতীয় পুৰাতাত্ত্বিক দলে চলায় আছে জৰীপ । 24 জুলাইত 4 ঘণ্টীয়া জৰীপ চলোৱাৰ অন্তত 4 আগষ্টৰ পৰা আৰম্ভ হোৱা জৰীপৰ মংগলবাৰে ষষ্ঠ দিন । সোমবাৰে চলোৱা জৰীপৰ সময়ত দলটোৱে মূল গম্বুজৰ লগতে বেছমেণ্ট আৰু পশ্চিমৰ দেৱালৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । জৰীপ চলোৱাৰ সময়ত দলটোৱে এনে কিছুমান প্ৰমাণ পাইছে, যিবোৰ এক মাইলৰ খুঁটি বুলি প্ৰমাণিত হ’ব পাৰে ।

Gyanvapi survey continue
জ্ঞানবাপি চৌহদত অব্যাহত জৰীপ

সোমবাৰেও ভাৰতীয় পুৰাতাত্ত্বিক দলে তিনিওটা গম্বুজৰ তদন্ত অব্যাহত ৰাখিছিল আৰু 8 আগষ্টৰ দনাও জৰীপ দলৰ সদস্যসকলে জখলা লৈ গম্বুজৰ ওপৰত উঠি গৈ জৰীপ চলাব । সোমবাৰে দলটোৰ এজন সদস্যই শিখৰত উঠি তদন্ত কৰে । আজি ইয়াৰ অধিক গভীৰ তদন্ত কৰা হ’ব । দলটোৱে শিখৰত ফুলৰ দৰে আকৃতি দেখিছে, যিবোৰ শিকলিৰ আকাৰত ওপৰৰ পৰা তললৈ নামি আহিছে । ইয়াত পশ্চিম দেৱালৰ অংশৰ লগত মিল থকা সকলো আকৃতিৰ শিল পোৱা গৈছে ।

এই শিলবোৰ বহু বছৰ ধৰি পৰি আছিল, যাৰ বাবে মাটি আৰু ঘাঁহ জমা হোৱাৰ বাবে এই শিলবোৰ দেখা পোৱা হোৱা নাছিল । কিন্তু, চাফা কৰাৰ পিছত এই শিলবোৰ উলিয়াই আনি ইয়াৰ দৈৰ্ঘ আৰু প্ৰস্থ জুখিছে । এ এছ আইৰ দলটোৱে ইহঁতৰ টেক্সচাৰ আৰু নিৰ্মাণ কৰা সময় সন্দৰ্ভতো পৰীক্ষা কৰিবলৈ তদন্ত চলাইছে ।

শাওণ মাহৰ সোমবাৰ হোৱাৰ বাবে প্ৰায় 11.30 বজাৰ পৰা আৰম্ভ হৈ বিয়লি 4.30 বজাত শেষ হৈছিল এই জৰীপ । মংগলবাৰৰ পুৱা 8 বজাৰ পৰা আৰম্ভ হয় এই কাৰ্যবিধি । এছ আই দলে জিপিআৰ ব্যৱহাৰ কৰি সকলো প্ৰমাণ সংগ্ৰহৰ কাম কৰিব । আজি বেছমেণ্টৰ উপৰিও দলটোৱে মছজিদৰ আন দুটা বেছমেণ্টতো প্ৰৱেশ কৰিব ।

Gyanvapi survey continue
জ্ঞানবাপি চৌহদত অব্যাহত জৰীপ

অধিবক্তা বিষ্ণু শংকৰ জৈনে স্পষ্টকৈ কৈছিল যে প্ৰতিদিনে কি পোৱা আৰু কি পোৱা নগ’ল সেই কথা কোৱাটো আমাৰ বাবে উপযুক্ত নহয় । কাৰণ, অধিবক্তাসকলে তাত মাত্ৰ যোগদান কৰিছে । সমগ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে এ এছ আইৰ দলে । যেতিয়া দলটোৱে আদালতত নিজৰ প্ৰতিবেদন দাখিল কৰিব, সেয়া অধ্যয়ন কৰাৰ পিছতহে আমি আৰু স্পষ্টকৈ কিবা এটা ক’ব পাৰিম ।

বৰ্তমান 4 আগষ্টৰ পৰা চলি থকা জৰীপৰ ষষ্ঠ দিনা 3 D ফটোগ্ৰাফী আৰু স্কেনিঙৰ কাম আগুৱাই নিয়া হ’ব আৰু ৰাডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব ।অহা 2 ছেপ্টেম্বৰৰ ভিতৰত এ এছ আইৰ দলটোৱে আদালতত প্ৰতিবেদন দাখিল কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : No confidence motion in LS : আজি সদনত বিৰোধীয়ে দাখিল কৰিব অনাস্থা প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.