ETV Bharat / bharat

No confidence motion in LS : আজি সদনত বিৰোধীয়ে দাখিল কৰিব অনাস্থা প্ৰস্তাৱ

author img

By

Published : Aug 8, 2023, 8:30 AM IST

No confidence motion in LS
সদনত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ

ৰাহুল গান্ধীয়ে মংগলবাৰে সদনত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ কৰিব পাৰে ৷ 10 আগষ্টত প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিয়াৰ সম্ভাৱনা আছে ৷ ৰাহুল গান্ধীয়ে এই আলোচনাৰ অধ্যক্ষতা কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

নেশ্যনেল ডেস্ক, 8 আগষ্ট : কংগ্ৰেছে মঙলবাৰে লোকসভাত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব ৷ এই সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে সোমবাৰে সদনৰ সদস্য পদ ঘূৰাই পোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই প্ৰস্তাৱ উত্থাপন কৰিব বুলি জানিবলৈ দিয়ে দলটোৱে ৷ প্ৰস্তাৱটো মানি লোৱাৰ পিছত আলোচনাৰ আৰম্ভণি কৰিবলৈ কোনে মুখ্য অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰিব সেয়া সিদ্ধান্ত লোৱাটো দলটোৰ বিবেচনাধীন ৷

সংসদৰ সূত্ৰৰ মতে, অনাস্থা প্ৰস্তাৱটো 8 আগষ্ট মংগলবাৰে উত্থাপন হোৱাৰ পিচত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে লগতে আগন্তুক দুদিন অৰ্থাৎ 9 আৰু 10 আগষ্টলৈকে এই আলোচনা চলি থকাৰ সম্ভাৱনা আছে । প্ৰস্তাৱটোৰ ওপৰত হোৱা আলোচনাৰ উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 10 আগষ্টত দিয়াৰ সম্ভাৱনা আছে ।

9 আৰু 10 আগষ্টৰ সদনৰ কাৰ্যসূচীৰ অৱশ্যে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই । সাংসদ ৰাহুল গান্ধীক মুখ্য অধ্যক্ষ হিচাপে লৈ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ কৰিলে আশা কৰা ধৰণে কেন্দ্ৰৰ চৰকাৰৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে হেঁচা পৰিব বুলি দেশৰ প্ৰধান বিৰোধী দলটোৱে আশা কৰিছে । 4 আগষ্টত উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক মানহানিৰ গোচৰ সন্দৰ্ভত স্থগিতদেশৰ নিৰ্দেশ প্ৰদানৰ পিছত কংগ্ৰেছ দল ৰাহুল গান্ধীৰ 8 আগষ্টত অনাস্থা প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব বুলি আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছিল ৷

7 আগষ্টত ৰাহুল গান্ধীয়ে সদস্যপদ পুনৰ ঘূৰাই পোৱাৰ লগে লগে এতিয়া কংগ্ৰেছে ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনাৰ অধ্যক্ষতা কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে । 8 আগষ্টত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সদনত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বুলি সদনৰ সূত্ৰযোগে জানিবলৈ পৰা গৈছে ৷ "এই সদনে মন্ত্ৰী পৰিষদৰ ওপৰত আস্থাৰ অভাৱ প্ৰকাশ কৰিছে" বুলি সদনত প্ৰস্তাৱ দাখিল কৰা হ’ব ।

লগতে পঢ়ক : Delhi Services Bill : বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব আপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.