ETV Bharat / bharat

জ্ঞানবাপী মছজিদ জৰীপৰ প্ৰতিবেদন দাখিল; ২১ ডিচেম্বৰত শুনানি

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:04 PM IST

Gyanvapi mosque report
Gyanvapi mosque survey

Gyanvapi mosque survey: কাশী বিশ্বনাথ মন্দিৰৰ সমীপত থকা জ্ঞানবাপী মছজিদ সঁচাকৈয়ে মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছিল নেকি ? এ এছ আয়ে দাখিল কৰিলে জৰীপৰ প্ৰতিবেদন ৷ ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব শুনানি ৷

নেশ্যনেল, ১৮ ডিচেম্বৰ: ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাই সোমবাৰে বাৰাণসী জিলা আদালতত জ্ঞানবাপী মছজিদত চলা বৈজ্ঞানিক জৰীপৰ প্ৰতিবেদন দাখিল কৰে । এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব । বাৰাণসী জিলা ন্যায়াধীশ এ কে বিশ্বেশ্বৰৰ আগত এই প্ৰতিবেদন দাখিল কৰে এ এছ আয়ে ।

প্ৰতিবেদন দাখিল কৰাৰ পিছত হিন্দু উপাসকসকলে আদালতক প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ অনুৰোধ জনায় আৰু গোচৰৰ সৈতে জড়িত সকলো পক্ষক প্ৰতিবেদনৰ প্ৰতিলিপি যোগান ধৰাৰ নিৰ্দেশনা প্ৰদানৰ অনুৰোধ জনায় ।

জ্ঞানবাপী জৰীপ গোচৰত হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰি অধিবক্তা বিষ্ণু শংকৰ জৈনে কয়, ‘‘ছীল কভাৰত প্ৰতিবেদন দাখিল কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে এ এছ আয়ে । আমি আদালতত আমাৰ আবেদন দাখিল কৰিছো যে এ এছ আইৰ প্ৰতিবেদনৰ কপি ৰাজহুৱা ডমেইনত উপলব্ধ কৰা হওক আৰু এই বিষয়টো ২১ ডিচেম্বৰৰ শুনানিৰ সময়ত উত্থাপন কৰা হ'ব ।’’

হিন্দু আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰা আন এজন অধিবক্তা মদন মোহন যাদৱে কয়, "ছীল কভাৰত থকা প্ৰতিবেদনখন এ এছ আইৰ স্থায়ী অধিবক্তা অমিত শ্ৰীবাস্তৱে আদালতৰ সন্মুখত ৰাখিছে ।" আদালতত উপস্থিত আছিল এ এছ আইৰ চাৰিজন উচ্চপদস্থ বিষয়া ।

"আদালতে ছীল কৰা প্ৰতিবেদনখন খুলি ইয়াৰ প্ৰতিলিপি দুয়োপক্ষৰ অধিবক্তাক জমা দিবলৈ ২১ ডিচেম্বৰৰ দিন নিৰ্ধাৰণ কৰিছে ৷" যাদৱে কয় । কাশী বিশ্বনাথ মন্দিৰৰ কাষতে অৱস্থিত জ্ঞানবাপী মছজিদৰ চৌহদত এ এছ আয়ে বৈজ্ঞানিক জৰীপ কৰি ১৭ শতিকাৰ এই মছজিদটো হিন্দু মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিছিল । বাৰাণসী আদালতৰ নিৰ্দেশত এই জৰীপ চলোৱা হয় ।

১১ ডিচেম্বৰত বাৰাণসী জিলা আদালতে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগক আদালতত জ্ঞানবাপী মছজিদ চৌহদৰ বৈজ্ঞানিক জৰীপৰ প্ৰতিবেদন দাখিল কৰিবলৈ আৰু এসপ্তাহৰ ম্যাদ প্ৰদান কৰে । জৰীপৰ প্ৰতিবেদন দাখিল কৰিবলৈ এ এছ আয়ে এসপ্তাহৰ সময় বিচৰাৰ পিছত এই কথা প্ৰকাশ পাইছে । আদালতে ১৮ ডিচেম্বৰৰ দিনটো বিষয়টোৰ শুনানিৰ পৰৱৰ্তী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰে ।

পূৰ্বৰ তাৰিখত আদালতে এ এছ আইক ১০ দিনৰ সময় দিছিল (৩০ নৱেম্বৰত) আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পূৰ্বে আদালতে ১৭ নৱেম্বৰৰ ভিতৰত জৰীপৰ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল । পিছত এ এছ আইক প্ৰতিবেদন দাখিল কৰিবলৈ ২৮ নৱেম্বৰলৈকে সময় দিয়া হৈছিল ।

এই সমীক্ষাৰ বাবে ১০০ দিনৰ প্ৰয়োজন হৈছিল ৷ এই সমীক্ষাৰ সময়ছোৱাত এ এছ আয়ে কেইবাবাৰো ম্য়াদ বৃদ্ধিৰ বাবে অনুৰোধ জনায় । প্ৰায় এমাহ পূৰ্বে এই সমীক্ষা সমাপ্ত হোৱাত এ এছ আইয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ অতিৰিক্ত সময় বিচাৰিছিল ।

শেষবাৰৰ বাবে ১৮ নৱেম্বৰত বৃদ্ধিৰ সময়সীমা আছিল, তেতিয়া এএছআয়ে আৰু ১৫ দিনৰ ম্যাদ বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল । আদালতে ১০ দিনৰ অনুমতি দিছিল । যোৱা ৪ আগষ্টৰ পৰা মছজিদ চৌহদত এই সমীক্ষা চলাই আহিছিল এ এছ আয়ে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অঞ্চলটোক ছীল কৰি লোৱা হৈছিল ৷

লগতে পঢ়ক: অযোধ্যাত দেশৰ সৰ্ববৃহৎ মছজিদ; তাজমহলৰ সৌন্দৰ্যকো কৰিব অতিক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.