ETV Bharat / bharat

অযোধ্যাত দেশৰ সৰ্ববৃহৎ মছজিদ; তাজমহলৰ সৌন্দৰ্যকো কৰিব অতিক্ৰম

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 1:17 PM IST

India's largest mosque to be built in Ayodhya: অযোধ্যাত নিৰ্মাণ হ'বলগীয়া 'মহম্মদ বিন আব্দুল্লা' মছজিদ সম্পৰ্কে এক নতুন তথ্য পোহৰলৈ আহিছে । কোৱা হৈছে যে এই নতুন মছজিদটোৰ আধাৰশিলা কাবাৰ ইমামৰ দ্বাৰা স্থাপন কৰা হ'ব । উল্লেখ্য যে এই মছজিদটো অযোধ্যাৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত ধান্নিপুৰত নিৰ্মাণ কৰা হ'ব ।

india largest mosque to built in ayodhya
অযোধ্যাত দেশৰ সৰ্ববৃহৎ মছজিদ; তাজমহলৰ সৌন্দৰ্যকো কৰিব অতিক্ৰম

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : ভগৱান শ্ৰীৰামচন্দ্ৰৰ চহৰ অযোধ্যাত বিশাল ৰাম মন্দিৰ নিৰ্মাণৰ কাম ৭০ শতাংশতকৈও অধিক সম্পূৰ্ণ হৈছে । সমগ্ৰ মন্দিৰটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ২০১৫ চনৰ ডিচেম্বৰ মাহ। কিন্তু তাৰ প্ৰায় দুবছৰ পূৰ্বে প্ৰায় ৭০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। ২০১৯ চনৰ ৯ নৱেম্বৰত দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্ত অনুসৰি, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে ।

মহম্মদ বিন আব্দুল্লা মছজিদৰ নক্সা
মহম্মদ বিন আব্দুল্লা মছজিদৰ নক্সা

একে সময়তে অযোধ্যাৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত ধান্নিপুৰত মছজিদ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই । নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা এতিয়াও অসম্পূৰ্ণ হৈ আছে । আনহাতে, মছজিদৰ আৰ্হিত কিছু পৰিৱৰ্তন কৰি শীঘ্ৰেই নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাবে আলোচনা পূৰ্ণ গতিত চলি আছে ।

অযোধ্যাৰ ধান্নিপুৰত নিৰ্মাণ হ'বলগীয়া মছজিদ 'মহম্মদ বিন আব্দুল্লা'ৰ আধাৰশিলা ইমাম-এ-হাৰাম বা মক্কাৰ কাবাত পৱিত্ৰ মছজিদত নামাজ পঢ়োৱা ইমামৰ দ্বাৰা স্থাপন কৰা হ'ব । মুম্বাইৰ বিজেপি নেতা তথা মহম্মদ-বিন-আব্দুল্লাহ মছজিদ উন্নয়ন সমিতিৰ সভাপতি হাজী আৰাফাত শ্বেখে কয় যে অযোধ্যাৰ নতুন মছজিদটোত বিশ্বৰ সৰ্ববৃহৎ কোৰাণো থাকিব ।

ই ২১ ফুট ওখ আৰু ৩৬ ফুট বহল হ'ব । উল্লেখ্য যে দেশৰ সকলো মছজিদৰ একত্ৰিত সংগঠন অল ইণ্ডিয়া ৰাবতা-এ-মছজিদে (এআইআৰএম) উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাৰ ধান্নিপুৰত প্ৰস্তাৱিত মছজিদটোক নবীৰ নামেৰে 'মহম্মদ-বিন-আব্দুল্লা মছজিদ' নাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

হাজী আৰফাত শ্বেখে কয় যে ২০১৯ চনৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত আৱণ্টিত স্থানত নিৰ্মাণ হ'বলগীয়া নতুন মছজিদটো ভাৰতৰ সৰ্ববৃহৎ মছজিদ হ'ব বুলি প্ৰতিশ্ৰুতি দিছে । হাজী আৰাফাত শ্বেখৰ মতে, ৫,০০০ পুৰুষ আৰু ৪,০০০ মহিলাকে ধৰি ন হাজাৰ ভক্তই এই মছজিদত একেলগে প্ৰাৰ্থনা কৰিব পাৰিব । সমগ্ৰ মছজিদ চৌহদত চিকিৎসা, শৈক্ষিক আৰু সামাজিক সুবিধা থাকিব । লগতে সমিতিৰ জৰিয়তে অতিৰিক্ত ভূমিও ক্ৰয় কৰা হ'ব ।

মছজিদ মহম্মদ-বিন-আব্দুল্লা উন্নয়ন সমিতিৰ সভাপতি হাজী আৰাফাত শ্বেখে কয়, "মছজিদৰ উপৰি এই চৌহদত এখন কৰ্কট ৰোগৰ চিকিৎসালয়, বিদ্যালয় আৰু মহাবিদ্যালয়, এটা সংগ্ৰহালয় আৰু এটা পুথিভঁৰাল আৰু সম্পূৰ্ণ নিৰামিষ পাকঘৰ থাকিব, য'ত দৰ্শনাৰ্থীসকলক বিনামূলীয়া খাদ্য পৰিবেশন কৰা হ'ব ।" তেওঁ কয় যে এক মুখ্য আকৰ্ষণ হ'ব অজুখানা বা গা ধোৱা ঠাইৰ ওচৰৰ বিশাল একুৱাৰিয়াম, য'ত পুৰুষ আৰু মহিলাৰ বাবে পৃথক শাখা থাকিব ।

আনহাতে, শ্বেখে দাবী কৰে যে মছজিদটোৰ সৌন্দৰ্যই তাজমহলকো অতিক্ৰম কৰিব । তেওঁ কয় যে সন্ধিয়া পৰত নামাজৰ লগে লগে মছজিদৰ ফোৱাৰাবোৰ জীৱন্ত হৈ উঠিব । এই মছজিদটো তাজমহলতকৈ অধিক ধুনীয়া হ'ব আৰু সকলো ধৰ্মৰ মানুহে শান্তি আৰু সম্প্ৰীতিৰ বাবে এই স্মাৰকটো চাবলৈ আহিব । অৱশ্যে তেওঁলোকৰ সকলোৱে ইয়াত প্ৰাৰ্থনা কৰিব নোৱাৰিব ।

কিন্তু মছজিদ নিৰ্মাণ সম্পৰ্কীয় নথিপত্ৰৰ আনুষ্ঠানিকতা এতিয়াও সম্পূৰ্ণ হোৱা নাই । ইয়াৰ বিপৰীতে অযোধ্যাত বিশাল ৰাম মন্দিৰৰ নিৰ্মাণ ৭০ শতাংশ সম্পূৰ্ণ হৈছে । আনহাতে, ভগৱান ৰামলালাৰ ২২ জানুৱাৰীত তেওঁৰ নৱনিৰ্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ'ব ।

লগতে পঢ়ক :গঠনৰ দিশে ৰাজস্থানৰ নতুন চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.