ETV Bharat / bharat

Manipur Violence: গুলী আৰু ধোঁৱাৰ মাজত মণিপুৰৰ বিষ্ণুপুৰ; উত্তেজনা অব্যাহত

author img

By

Published : Jul 28, 2023, 7:28 AM IST

মণিপুৰৰ বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে দুটা দলৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ সূত্ৰ অনুসৰি এই ঘটনাত ফৌবাকচাও ইখাই অঞ্চলত সংঘটিত হোৱা গুলীচালনাৰ সময়ত এটা ঘৰো জ্বলাই দিয়া হয় ৷

Gunfight breaks out in Bishnupur
দুটা দলৰ মাজত গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক, 28 জুলাই : তিনিমাহ অতিক্ৰম কৰিব হ’ল মণিপুৰৰ হিংসাত্মক ঘটনাই, কিন্তু মণিপুৰত শাম কটা নাই হিংসাত্মক পৰিস্থিতিৰ ৷ বৃহস্পতিবাৰে ৰাজ্যখনত পুনৰ সংঘটিত হৈছে আন এক হিংসাত্মক ঘটনা ৷ এই ঘটনাত এটা ঘৰ জ্বলাই হয় বুলি জানিব পৰা গৈছে ৷

মণিপুৰৰ বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে দুটা দলৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয় বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ফৌবাকচাও ইখাই অঞ্চলত সংঘটিত হোৱা গুলীচালনাৰ সময়ত এটা ঘৰো জ্বলাই দিয়া হয় ৷

দুয়োপক্ষই গুলীচালনাত লিপ্ত হোৱাৰ লগে লগে আৰক্ষীৰ লোকে ব্যৱস্থা গ্ৰহণ কৰি গোটটোক ছত্ৰভংগ দিয়ে বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ এই ঘটনাৰ সময়তে ওচৰৰে তেৰা খংছাংবিত অৱস্থিত ঘৰটোত অগ্নি সংযোগ কৰা হয় ৷

লগতে পঢ়ক : Dhubri news: ধুবুৰীত মৃতদেহ লৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ; বিভাগৰ গাফিলতিৰ বাবেই কৰ্মচাৰীৰ মৃত্যু হোৱাৰ অভিযোগ

এই ঘটনাত হতাহতৰ তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, প্ৰায় তিনিমাহ পূৰ্বে মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত জাতিগত হিংসাৰ সূত্ৰপাত হয় ৷ ইয়াৰ পিছৰ পৰাই এই হিংসাত ১৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক আহত হৈছে ৷

মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰ পিছতে ৩ মে’ত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ৷ মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই আৰু ইয়াৰে বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে ৷ আনহাতে আন ৪০ শতাংশ নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে গঠন কৰিছে ৰাজ্যখনৰ মূল জনসংখ্যা ৷ যি সকল মূলতঃ পাহাৰীয়া জিলাত বাস কৰে ৷

লগতে পঢ়ক : Manipur sexual assault case: মণিপুৰৰ নাৰী নিগ্ৰহৰ গোচৰৰ দায়িত্ব ল’ব CBI য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.