ETV Bharat / bharat

Manipur sexual assault case: মণিপুৰৰ নাৰী নিগ্ৰহৰ গোচৰৰ দায়িত্ব ল’ব CBI য়ে

author img

By

Published : Jul 27, 2023, 9:17 PM IST

মণিপুৰত বিৱস্ত্ৰ কৰি পেৰেড কৰি মহিলাক যৌন নিৰ্যাতন চলোৱা গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ CBI ৰ ৷

cbi-to-take-over-manipur-sexual-assault-case-officials
মণিপুৰৰ নাৰী নিগ্ৰহৰ গোচৰৰ দায়িত্ব ল’ব CBI য়ে

নেশ্যনেল ডেস্ক, 27 জুলাই : প্ৰায় তিনি মাহ ধৰি মণিপুৰত অব্যাহত গোষ্ঠীগত হিংসা ৷ ইয়াৰ মাজতে শেহতীয়াকৈ 4 মে’ত মণিপুৰত কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। একাংশ দানৱৰূপী লোকে দলবদ্ধ ধৰ্ষণ কৰি তেনেদৰে উলংগ মহিলাক লৈ সমদল কৰা দৃশ্যই দেশবাসীক হতবাক কৰি তুলিছিল । দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষৰ পাচত এই ঘটনা পোহৰলৈ অহাৰ পাচতেই সকলোৱে এই ঘটনাক একমুখে ধিক্কাৰ দিয়াৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ককৰ্থনা কৰিছিল ৷

বৃহস্পতিবাৰে চিবিআইৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি মণিপুৰত বিৱস্ত্ৰ কৰি পেৰেড কৰি মহিলাক যৌন নিৰ্যাতন চলোৱা গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইয়ে লৈছে ৷ মণিপুৰৰ বাহিৰত অসমৰ আদালতত এই গোচৰৰ বিচাৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মেইটেই আৰু কুকি দুয়োটা গোটৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আৰু মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই আনিবৰ বাবে আলোচনা প্ৰক্ৰিয়া চলি আছে ৷

ইফালে মণিপুৰৰ বিষয়ক লৈ লোকসভা আৰু ৰাজ্যসভাত অচলাৱস্থা অব্যাহত আছে । বিৰোধীৰ হুলস্থূলৰ বাবে কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হৈছিল ৷ মণিপুৰৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাসকললৈ মণিপুৰ বিষয়ত যিমান দিন বিচাৰে আলোচনাৰ বাবে চৰকাৰ সাজু বুলি উল্লেখ কৰি পত্ৰ লিখিছিল ৷

আনহাতে মণিপুৰৰ পৰিস্থিতি সামান্য পৰিমাণে উন্নত হোৱাৰ পৰিপ্ৰেক্ষিটত চৰকাৰে 25 জুলাইৰ পৰা ‘ব্ৰডবেণ্ড ইণ্টাৰনেট’ সংযোগৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা চৰ্তসাপেক্ষে প্ৰত্যাহাৰ কৰে ৷ প্ৰায় তিনি মাহৰ পাচত মণিপুৰত ব্ৰডবেণ্ডৰ সেৱা পুনৰাম্ভ কৰা হৈছে ৷ অৱশ্যে বৰ্তমানেও ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে ৷ মণিপুৰৰ গৃহ বিভাগে এক জাননীযোগে সদৰী কৰিছিল এই কথা ৷

লগতে পঢ়ক: Manipur Internet ban: মণিপুৰত আৰম্ভ হ’ল ব্ৰডবেণ্ড সেৱা; এতিয়াও উপলব্ধ হোৱা নাই ম’বাইল ইণ্টাৰনেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.