ETV Bharat / state

Dhubri news: ধুবুৰীত মৃতদেহ লৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ; বিভাগৰ গাফিলতিৰ বাবেই কৰ্মচাৰীৰ মৃত্যু হোৱাৰ অভিযোগ

author img

By

Published : Jul 27, 2023, 10:47 PM IST

Dhubri news
Dhubri news

ধুবুৰীত মৃতদেহ লৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ ৷ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ বিভাগীয় কৰ্মচাৰীৰ মৃত্যুৰ অভিযোগ ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ৷

ধুবুৰী বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ

ধুবুৰী, 27 জুলাই: বৃহস্পতিবাৰে ধুবুৰী বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত মৃতদেহ লৈ একাংশ লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মৃতদেহ সন্মুখত লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত লোকসকলে ৷

উল্লেখ্য যে ধুবুৰী চহৰখনৰ মিছন ৰোডৰ নবজিৎ চৌধুৰী নামৰ ব্যক্তি এজনৰ ঘৰৰ সন্মুখত থকা এটা ট্ৰেন্সফাৰ্মাৰত বৈদ্যুতিক বিজুতি ঘটাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰে ৰাজপথত ৷ দুৰ্ভাগ্যৱশত তাঁৰ ডালৰ এটা অংশ নৱজিৎ চৌধুৰীৰ ঘৰৰ লোৰ গেটত লাগি থাকে ৷

তেনে সময়তে ট্ৰেন্সফাৰ্মাৰৰ শব্দ শুনি নৱজিৎ চৌধুৰী নামৰ লোকজনে ঘৰৰ পৰা ওলাই আহি নিজৰ লোৰ গেটখন খুলিবলৈ চেষ্টা কৰোঁতেই বিদ্যুৎস্পৃষ্ট হয় ৷ লগে লগে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ লৈ যোৱা হৈছিল যদিও সেই সময়তেই নৱজিৎ চৌধুৰী নামৰ লোকজনৰ মৃত্যু হয় ৷

ইফালে মৃত নৱজিৎ চৌধুৰী গোলকগঞ্জ বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী আছিল ৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলতেই এনে কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷

লক্ষণীয়ভাৱে বিদ্যুৎ উপ সংমণ্ডল বিষয়াগৰাকীৰ মতে নৱজিৎ চৌধুৰী নিজৰ অট্টালিকাৰ চাদৰ পৰা পৰি মৃত্যু হৈছে ৷ বিদ্যুৎস্পৃষ্ট হৈ নৱজিৎ চৌধুৰীৰ মৃত্যু হোৱা বুলি মৃতকৰ পৰিয়ালে অভিযোগ কৰাৰ সম্পূৰ্ণ বিপৰীত মন্তব্য কৰিছে বিভাগীয় বিষয়াই ৷ এক কথাত সমগ্ৰ বিষয়টো এতিয়া এক ৰহস্যৰ মাজলৈ সোমাই পৰিছে ৷

ইফালে নিজ বিভাগৰ গাফিলতিৰ বাবেই এগৰাকী কৰ্মচাৰীৰ মৃত্যু হোৱা বিষয়টোৱে স্বাভাৱিকতেই চৰ্চিত হৈ পৰিছে ৷ অৱশ্যে লোকজনৰ মৃত্যু প্ৰকৃততে কিদৰে হ’ল সেয়া পৰৱৰ্তী সময়তহে হ’ব স্পষ্ট ৷

লগতে পঢ়ক: CM Himanta on Love Jihad: কোনে, কাক বিয়া কৰোৱা উচিত ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত বিবাহ বিধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.