ETV Bharat / bharat

Omicron in India : 31 ডিচেম্বৰলৈকে অব্যাহত থাকিব নৈশ সান্ধ্য আইন

author img

By

Published : Dec 21, 2021, 10:36 AM IST

দেশত সংক্ৰমণৰ হাৰ বাঢ়িছে অ’মিক্ৰণ আক্ৰান্তৰ (Increase Omicron cases in India) ৷ অ’মিক্ৰণৰ সংক্ৰমণ (Omicron in India) ৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ নিশা 1 বজাৰ পৰা 5 বজালৈ বলৱৎ থাকিব এই সান্ধ্য আইন ৷ ৰাজ্য চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা ৷

night curfew extends in eight districts till December 31
নৈশ সান্ধ্য আইন

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : দেশত দ্ৰুত হাৰত সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ নতুন প্ৰবাহ অ’মিক্ৰণৰ (Increase Omicron cases in India) ৷ সোমবাৰৰ দিনটোলৈকে ভাৰতত প্ৰায় 150 গৰাকীৰো অধিক লোক এই ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত (Omicron in India) হৈছে ৷ দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰ, কেৰালা আৰু কৰ্ণাটকত অ’মিক্ৰণত আক্ৰান্ত লোক পোৱা গৈছে ৷

জন সাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ একাংশ চহৰত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ সেই অনুসৰি 31 ডিচেম্বৰলৈকে 8 খন চহৰত অব্যাহত থাকিব নৈশ সান্ধ্য আইন ৷ ৰাজ্য চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা ৷

পিছে আমি এয়া অসমৰ কথা কোৱা নাই ৷ গুজৰাট চৰকাৰেহে জাৰি কৰিছে এই নিৰ্দেশনা ৷ নিশা 12 বজালৈকে ৰাজ্যখনৰ 8 খন চহৰত পূৰ্বৰ দৰেই চলি থাকিব স্বাভাৱিক জীৱন ৷ গুজৰাটৰ আহমেদাবাদ, গান্ধীনগৰ, চুৰাট, ৰাজকোট, বডোডৰা, ভাৱনগৰ, জামনগৰ আৰু জুনাগড়ত জাৰি কৰা হৈছে নৈশ্য সান্ধ্য় আইন ৷

তদুপৰি চহৰসমবহৰ ৰেষ্টুৰেণ্টত একেলগে বহি খাদ্য গ্ৰহণ কৰিব পাৰিব প্ৰায় 75 শতাংশ গ্ৰাহকে ৷ বিবাহৰ দৰে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব 400 লোক ৷ উল্লেখ্য যে, বৰ্তমানলৈকে দেশত 161 গৰাকী লোক এই নতুন ক’ভিড 19 প্ৰবাহত আক্ৰান্ত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত গুজৰাটৰ 8 খন চহৰত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷

লগতে চাওক: Omicron variant in India : প্ৰতিদিনে 14 লাখ লোক অ'মিক্ৰণত আক্ৰান্ত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.