ETV Bharat / bharat

TTAADC অঞ্চলৰ প্ৰতিটো পৰিয়ালে পাব খোৱাপানী : মন্ত্ৰী সুশান্ত চৌধুৰী

author img

By

Published : Apr 29, 2022, 5:49 PM IST

ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত ক্ষীপ্ৰতাৰে জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নিৰ্দেশ দিয়ে খোৱাপানী আৰু অনাময় বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে । জনজাতীয় অঞ্চলত খোৱাপানীৰ তীব্ৰ নাটনিৰ (Drinking water crisis in TTAADC area) পাছতে মন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । খোৱাপানীৰ সমস্যা সমাধানৰ বাবে বিভাগৰ শীৰ্ষ বিষয়া, টিটিএএডিচিৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মণিক্য দেৱ বাৰ্মাৰ সৈতে মন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ বৈঠক ।

DWS
TTAADC অঞ্চলৰ প্ৰতিটো পৰিয়ালে পাব খোৱাপানী

আগৰতলা,২৯ এপ্ৰিল : ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদ অঞ্চলত খোৱাপানীৰ তীব্ৰ সংকট দেখিবলৈ পোৱা গৈছে (Drinking water crisis in TTAADC area)। যাৰ বাবে বিভিন্ন স্থানত ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । খোৱাপানীৰ নাটনিৰ বাবে একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গ্ৰামাঞ্চলত ।

ইয়াৰ মাজতে ৰাজ্যখনৰ খোৱাপানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰীৰ বিশেষ নিৰ্দেশনা । জনজাতীয় অঞ্চলসমূহক যিমান সম্ভৱ সোনকালে জল জীৱন মিছনৰ অধীনলৈ আনিবলৈ নিৰ্দেশ দিয়ে (Implementation of Jal Jeevan Mission scheme in TTAADC area)। বিভাগৰ সকলো বিষয়াক এই নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে টিটিএএডিচিৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মণিক্য দেব্বাৰ্মা, মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণচন্দ্ৰ জামাতিয়া আৰু আন শীৰ্ষ বিষয়াসকলৰ সৈতে টিটিএএডিচিৰ মুখ্য কাৰ্যালয় খুমুলৱঙত এক বৈঠকত মিলিত হয় । এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ সৈতে জড়িত উচ্চ পদস্থ বিষয়া আৰু অভিযন্তাসকলক "জল জীৱন মিছন" প্ৰকল্পৰ জৰিয়তে টিটিএএডিচি এলেকাত প্ৰকল্পটোৰ অগ্ৰগতি আৰু দ্ৰুত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে, উল্লেখ কৰা মতে খোৱাপানী আৰু অনাময় বিভাগে ৰাজ্যখনৰ বিশেষকৈ গ্ৰামাঞ্চলত জল জীৱন মিছন আঁচনিৰ দ্ৰুত অগ্ৰগতিৰ বাবে কাম কৰি আহিছে । মন্ত্ৰীগৰাকীৰ মতে এই আঁচনিয়ে খোৱাপানীৰ যোগান ধৰাৰ লগতে নিযুক্তিৰো সৃষ্টি কৰিছে আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশত অৰিহণা যোগাইছে । সেয়েহে জনজাতীয় অঞ্চলত কোনো পলম নকৰাকৈ এই আঁচনি ৰূপায়ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক :চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ প্ৰস্তাৱ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.